গুৱাহাটী, ২ মাৰ্চ :চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰী কিমান সময়লৈ থাকিব লাগে সেই সম্পৰ্কে ক’লে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে গুৱাহাটীৰ গণেশগুৰিত নতুন কৰ ভৱন উদ্বোধন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে চৰকাৰী কৰ্মচাৰী সকলক উদ্দেশ্যি নীতিপাঠ দিয়ে । মুখ্যমন্ত্ৰীয়ে কয়- ‘বাজেটৰ সময় নহ'লে সন্ধিয়া ৬ বজাৰ পিচত কাৰ্যালয়ত থকাৰ কোনো অৰ্থ নাই । ৬ বজাৰ পিচত কৰ্মচাৰীসকল কাৰ্যালয়ত থকাৰ বিপৰীতে ঘৰত গৈ পৰিয়ালটোৰ লগত থাকিলে মন আৰু স্বাস্থ্য ভালে থাকিব ।'
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে তেওঁ আন মুখ্যমন্ত্ৰীৰ দৰে নিশা ৯-১০ বজালৈ কাম কৰাৰ কথা নকয় । নিশা কামটো নহয় আড্ডাহে হয় বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইলেক্ট্ৰনিকচ ফাইল সকলোৰে আছে । গতিকে কাম থাকিলে ঘৰত গৈ কৰিব লাগে । ৰাতি বেচিকৈ থকাৰ পৰিৱৰ্তে এঘণ্টা আগতে আহক নাইবা লান্সৰ সময়তো কাম কৰক । কৰ্মচাৰীসকলক সময়ৰ ব্যৱহাৰ সম্পৰ্কত নীতিপাঠ দি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বিদ্যুৎ পৰিষদক চৰকাৰী কাৰ্যালয়সমূহৰ বিদ্যুৎ সন্ধিয়া ৭.৩০ বজাত স্বয়ংক্ৰিয়ভাৱে কৰ্তন কৰাৰ বাবে কোৱা হৈছে ।
আমি ক'লে লাইট বন্ধ নকৰিব বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যাৰ কাম কৰাৰ ইচ্ছা আছে তেওঁলোকে ইনভাৰ্টাৰত কৰিব । এইক্ষেত্ৰত পলিচী ডিচিজন লোৱাৰ কথা সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মেডিকেল কলেজ আৰু ক্ৰিটিকেল অফিচ কেইটাক বাদ দি প্ৰত্যেকটো কাৰ্যালয়তে কামৰ স্পীড অনুসৰি স্বয়ংক্ৰিয় বিদ্যুৎ কৰ্তন কৰাৰ বাবে সময় এটা ঠিক কৰি ল’ব লাগে । সেই সময়মতে বিদ্যুৎ পৰিষদে বিদ্যুৎ কৰ্তন কৰি দিব । আজিৰ দিনটোত অসমত ২৩২ টা চৰকাৰী কাৰ্যালয় স্বয়ংক্ৰিয়ভাৱে বিদ্যুৎ সেৱা কৰ্তন কৰাৰ পৰ্যায়লৈ অনা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জনিবলৈ দিয়ে ।