তেজপুৰ,২১ জুন:বৃদ্ধ বা জ্যেষ্ঠ অৱস্থাত বহু লোকে নিজৰ ঘৰখনতেই এলাগী হৈ পৰে । বৰ্তমান সময়ত দেখা যায় যে আধুনিকতাৰ ধামখুমীয়াত সন্তানেই এলাগী কৰে পিতৃ-মাতৃক । ফলত নিজে সজা ঘৰখন এৰি আহিবলৈ বাধ্য হোৱা বহু লোকে বৃদ্ধাৱস্থাত থাকিবলৈ এক আশ্ৰয়স্থল বিচাৰি হাবাথুৰি খাই থকা খবৰ প্ৰায়ে প্ৰকাশ পায় । কিন্ত এই বৃদ্ধসকলৰ বাবে সমাজত এতিয়া বহুজনে চিন্তা কৰিবলৈ আৰম্ভ কৰিছে । সেই উদ্দেশ্যেৰে তেজপুৰ মাজগাঁৱত নিৰ্মাণ কৰা হয় 'তপোবন' নামেৰে এক আশ্ৰয়গৃহ ।
জ্যেষ্ঠজনৰ বাবে নিৰ্মাণ কৰা আশ্ৰয়গৃহটি শুকুৰবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ভাৰতীয় শিশু কল্যাণ পৰিষদ, তেজপুৰ শাখাৰ সৌজন্যত বিয়াজু নামৰ সংস্থাটোৱে CSR কোষলৈ আগবঢ়োৱা ধনৰাশিৰে নিৰ্মাণ কৰি উলিওৱা তপোবন আশ্ৰয়গৃহ পুৰোহিতৰ মন্ত্ৰোচাৰণ আৰু উৰুলি, শংখধ্বনিৰ মাজত ফিটা কাটি মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ প্ৰথম পৰ্যায়ত আশ্ৰয়গৃহটোৰ তলৰ মহলাৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিছে আৰু অনাগত দিনত চৰকাৰে বাকী ৰোৱা কাম সম্পূৰ্ণ কৰি তুলিব বুলি উল্লেখ কৰে ৷