নলবাৰী, ১৪ ছেপ্টেম্বৰ: "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইচ্ছাকৃতভাৱে উচ্ছেদৰ বিৰ্তক আনিছে ৷ বৰ্তমান চলি থকা ৰাজনৈতিক তথা মূল সমস্যাবোৰ কেনেকৈ ডাইভাৰ্ট কৰোৱা হয় সেয়াই হৈছে তেওঁলোকৰ মূল উদ্দেশ্য ৷ মানৱ অধিকাৰ খৰ্ব কৰিছে এইখন চৰকাৰে । যদি তেওঁলোক বেদখলকাৰী হয়, তেন্তে কোনো ধৰণৰ জাননী প্ৰেৰণ নকৰাকৈ কিয় উচ্ছেদ চলাইছে ৷" শনিবাৰে নলবাৰী ৰাজীৱ ভৱনত জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত যোগদান সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ৰিপুণ বৰাই ৷
বৰাই লগতে কয়, " চৰকাৰে সাম্প্ৰদায়িক ভিত্তিক, আক্ৰমণাত্মকমূলকভাৱে এই উচ্ছেদ চলাইছে ৷ ইতিমধ্যে বুলড'জাৰ চলোৱাৰ বাবে উচ্চ ন্যায়ালয়ে চৰকাৰক ভৰ্ৎসনা কৰাৰ লগতে ক্ষতিপূৰণ দিয়াৰ বাবে নিৰ্দেশ দিছে ৷" ইপিনে ৰাজ্য জোকাৰি থকা ট্ৰেডিংকাণ্ডত অসম আৰক্ষী আৰু চৰকাৰৰ কোনো মন্ত্ৰী-আমোলাও জড়িত থকাৰ সন্দেহ কৰে কংগ্ৰেছ নেতা তথা তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই । অপৰাধ অনুসন্ধান শাখা চৰকাৰ ইমান দিনে শুই আছিল নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ একালৰ সভাপতি ৰিপুণ বৰাই ।