অসম

assam

ETV Bharat / state

দৌলে-দেৱালয়ে, মন্দিৰে-মণ্ডপে মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈ

Durga Puja 2024: বাৰুকৈয়ে পূজা লাগিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ গাত । মুখ্যমন্ত্ৰীয়ে তিনিদিনত ৫১+ খন, গগৈয়ে ৫৫+ খন পূজা চালে ।

By ETV Bharat Assamese Team

Published : Oct 11, 2024, 10:45 PM IST

CM Himanta Biswa Sarma and MP Gaurav Gogoi visited puja pandals in different parts of state
দৌলে-দেৱালয়ে, মন্দিৰে-মণ্ডপে মুখ্যমন্ত্ৰী, গৌৰৱ গগৈ (ETV Bharat Assam)

গুৱাহাটী,১১ অক্টোবৰ: পূজাৰ মণ্ডপত ভক্ত জনতাৰ ভিৰৰ সমান্তৰালভাৱে ভিৰ লাগিছে ৰাজনীতিকৰ । জনতাৰ কাষ চাপি জনসম্পৰ্ক ৰখাত ব্যস্ত জনপ্ৰতিনিধি । নামনিত যদি ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেন্তে উজনিত ব্যস্ত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ । ষষ্ঠী, সপ্তমী আৰু আজি শনিবাৰে এইবাৰ একেদিনাই হোৱা মহাঅষ্টমী আৰু মহানৱমীৰ দিনা এই তিনিদিনত এই দুজন নেতাই বিৰতিবিহীনভাৱে ঘূৰা দেখা গ’ল পূজা মণ্ডপে-মণ্ডপে । দৌলে-দেৱালয়ে, মন্দিৰে-মণ্ডপে দেখা গ’ল প্ৰায়ে ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চাত থকা দুই বিপৰীত দলৰ নেতাদ্বয়ক ।

কোনে কিমানখন পূজা চালে ?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ব্যস্ত থাকিল ৫১ খনৰো অধিক পূজাথলীত । আশীৰ্বাদ ল’লে দুৰ্গতিনাশিনীৰ । ইফালে গৌৰৱ গগৈয়েও এই তিনিদিনত ৫৫ খনৰো অধিক পূজাথলীত ল’লে দেৱীৰ আশীৰ্বাদ । মুখ্যমন্ত্ৰী ব্যস্ত থাকিল এইবাৰ নামনি অসমৰ পূজাথলীত জনসম্পৰ্কত । বিপৰীতে গৌৰৱ গগৈ ব্যস্ত থাকিল উজনি অসমৰ পূজাথলীত জনসম্পৰ্ক ৰক্ষা কৰাত ।

নামনিত মুখ্যমন্ত্ৰীৰ পূজা দৰ্শন, নিজা সমষ্টিতো দিলে সময়:

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ পূজা চালে, আশীৰ্বাদ ল’লে গুৱাহাটী আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলসমূহৰ লগতে কোকৰাঝাৰ, বঙাইগাঁও আৰু চিৰাং জিলাৰ পূজাথলীত । ষষ্ঠীৰ দিনা গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া ১৪ খন ঠাইত পূজাথলীত দেখা গ’ল তেঁওক । দ্বিতীয় দিনা অৰ্থাৎ নৱমীৰ দিনা গুৱাহাটীৰ ৩টা ৱাৰ্ডত ২৬ খন পূজা মণ্ডপত পূজাথলীত দেখা গ’ল মুখ্যমন্ত্ৰীক । মন কৰিবলগীয়া যে মুখ্যমন্ত্ৰীগৰাকীয়ে যেন এইবাৰ পূজাৰ মাজেৰেই সময় দিলে নিজ সমষ্টিৰ ৰাইজকো ।

কিয়নো গুৱাহাটীত ভ্ৰমণ কৰা সৰহভাগ পূজা মণ্ডপেই মুখ্যমন্ত্ৰীযে প্ৰতিনিধিত্ব কৰা জালুকবাৰী বিধানসভা সমষ্টিৰ । এককথাত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনসম্পৰ্ক ৰক্ষাত পূজাত সময় দিলে বুলিও ক’ব পাৰি । অৱশ্যে পূজা বুলি গুৱাহাটীতে আৱদ্ধ নাথাকিল মুখ্যমন্ত্ৰীগৰাকী । শুকুৰবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কৰিলে নামনি অসমৰ কোকৰাঝাৰ, বঙাইগাঁও আৰু চিৰাং তিনিখনকৈ জিলা । আশীৰ্বাদ ল’লে ১১খনতকৈ অধিক পূজাথলীত ।

পূজা উপলক্ষে জনসম্পৰ্ক ৰক্ষা প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে কয়,“মুখ্যমন্ত্ৰী হিচাপে যোৱা বছৰ কেইটা মই কেৱল গুৱাহাটীতে আৱদ্ধ হৈ থকা নাই । অসমৰ বিভিন্ন ঠাইলৈ নিৰৱচ্ছিন্নভাৱে গৈ ৰাইজৰ মাজলৈ গৈছো । ৰাইজৰ মনৰ বুজ লৈছো । বৰাকলৈয়ো পূজা চাবলৈ যিদৰে গৈছো, সেইদৰে নগাঁও, হোজাই লামডিঙলৈয়ো পূজাত গৈছো । এইবাৰ কোকৰাঝাৰলৈ আহিছো । আজি কোকৰাঝাৰত ৫ খন পূজাথলীত আশীৰ্বাদ ল’লো । বঙাইগাঁৱত ৩ খন, বাসুগাঁৱত ৩ খনকৈ পূজালৈ যাম ।”

উজনিত গৌৰৱ গগৈৰ পূজা দৰ্শন:

লোকসভা নিৰ্বাচনত জয় লাভ কৰাৰ পিছত উজনি অসমত জোনাই-ধেমাজিৰ পৰা শোণিতপুৰলৈ, শদিয়াৰ পৰা গোলাঘাট-বোকাখাতলৈ গৌৰৱ গগৈ ব্যস্ত হৈ আছে কংগ্ৰেছৰ সাংগঠনিক শক্তি বৃদ্ধিত । তাৰ মাজতেই গৌৰৱ গগৈয়ে তিনিদিনত মুঠ ৫৫ খনতকৈয়ো অধিক পূজাত উপস্থিত হৈ আশীৰ্বাদ ল’লে । ডিগবৈত ৫ খন, তিনিচুকীয়াত ৭ খন, ডিব্ৰুগড়ত ৩ খন, সোণাৰি-মাহমৰাত ২২খন, যোৰহাট-মৰিয়নিত মুঠ শুকুৰবাৰৰ আবেলিলৈকে ২৮ খন পূজাথলীত উপস্থিত হ’ল গৌৰৱ গগৈ । অৱশ্যে পূজা উপলক্ষে হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈয়ে বিৰতিবিহীনভাৱে তিনিদিন বৃহৎসংখ্যক পূজাথলীত উপস্থিত হৈ গণসংযোগ ৰাখিলেও কিন্তু কোনো ধৰণৰ ৰাজনৈতিক মন্তব্য দিয়াৰ পৰা বিৰত থকা দেখা গ’ল দুয়োজনকেই ।

লগতে পঢ়ক:বাৰুকৈয়ে পূজা লাগিছে মুখ্যমন্ত্ৰীৰ : তিনিদিনত ৫১ খন

জন্মদিনত পিতৃ তৰুণ গগৈক স্মৰণ গৌৰৱ গগৈৰ; পূজাৰ বতৰত গৌৰৱ গগৈয়ে সোৱাদ লোৱা নাই জিলাপিৰ !

ABOUT THE AUTHOR

...view details