গুৱাহাটী,১৩ ছেপ্টেম্বৰ: ঐতিহ্যমণ্ডিত বি বৰুৱা মহাবিদ্যালয়ৰ ৮২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় শুকুৰবাৰে । প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে আজি মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় এক অনুষ্ঠানৰ । অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।
ভাষণ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়,"প্ৰতিষ্ঠা দিৱসত শিক্ষানুষ্ঠানখনৰ সকলো ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী তথা প্ৰাক্তন শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়ত্রী তথা কৰ্মচাৰী সকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো । জ্ঞানৰ আলোকস্তম্ভ হৈ বিগত আঠটা দশক সগৌৰৱে উজলি থকা এই বি বৰুৱা মহাবিদ্যালয় ৰাজ্যৰ শৈক্ষিক, সাংস্কৃতিক তথা বৌদ্ধিক বিকাশৰ কেন্দ্ৰ । দ্বিতীয় বিশ্বযুদ্ধৰ জটিল সন্ধিক্ষণত আজিৰ দিনটোতে ঐতিহমণ্ডিত বি বৰুৱা মহাবিদ্যালয়ৰ আৰম্ভনি হৈছিল ।"
মুখ্যমন্ত্রীয়ে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ ইতিহাস উল্লেখ কৰি মহাবিদ্যালয়খন প্ৰতিষ্ঠাৰ ক্ষেত্রত অগ্ৰণী ভূমিকা পালন কৰা স্বানমধন্য ব্যক্তিসকলৰ কথা স্মৰণ কৰে । লগতে মহাবিদ্যালয়খনত অধ্যয়ন কৰা বৰেণ্য ব্যক্তিসকলৰ কথাও মুখ্যমন্ত্রীয়ে ভাষণত উল্লেখ কৰে । মুখ্যমন্ত্রীয়ে কয়,"বি বৰুৱা মহাবিদ্যালয়ে শেহতীয়াকৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা স্বায়ত্ত শাসিত শিক্ষানুষ্ঠানৰ মৰ্যাদা লাভ কৰাৰ উপৰি 'নাক'ৰ মূল্যাংকনত 'এ ডাৱল প্লাছ' গ্ৰেড লাভ কৰিছে । মহাবিদ্যালয়খনৰ সফলতাই ৰাজ্যখনত গৌৰৱান্বিত কৰিছে ।"
তেওঁ লগতে কয়,"এখন মহাবিদ্যালয়ৰ সুনাম অৰ্জন কৰিবৰ বাবে মহাবিদ্যালয়খনৰ আভ্যন্তৰত এটা বৌদ্ধিক চেতনা থাকিব লাগিব । বি বৰুৱা মহাবিদ্যালয়ৰ বৌদ্ধিক চেতনাই ইয়াক সমৃদ্ধ কৰিছে । আমাৰ সমাজখন অসমতাৰ ভেটিত নিৰ্মাণ নহয় । সেই অসমতা আমি সমাজে নিৰ্মাণ কৰো । আমাৰ চৰিত্রই নিৰ্মাণ কৰে । প্ৰত্যকৰে নিজৰ ক্ষমতা আছে আৰু সেই ক্ষমতাক আমি উপলব্ধি কৰিব লাগিব ।"
মুখ্যমন্ত্রীয়ে লগতে কয়,"স্নাতক আৰু স্নাতকোত্তৰ হোৱাৰ পাছত সফল কৰ্মময় জীৱনৰ অধিকাৰী হ'ব নোৱাৰিলে শিক্ষাৰ্থীসকলৰ মানসিকতাত হতাশা আহিবলৈ আৰম্ভ কৰে । এইখিনিতে প্ৰশ্ন হয় যে সুবিধাৰ অভাৱ নে সুবিধা ল'ব পৰা নাই । আমি আমাৰ শিক্ষা ব্যৱস্থাক সময় উপযোগী কৰি তুলিব লাগিব । সমাজে আমাৰ শিক্ষাৰ্থীসকলক প্ৰডাক্টিভ ফ'ৰ্চত যোগদান কৰাটো বিচাৰে । কিন্তু আমাৰ শিক্ষা ব্যৱস্থাই তেনেকুৱা শিক্ষা দিছে যে আমাৰ শিক্ষাৰ্থীয়ে সেই প্ৰডাক্টিভ ফ'ৰ্চটোত যোগদান কৰিব নোৱাৰে । কাৰণ সেই ক্ষমতা আমি আহৰণ কৰিব নোৱাৰিলো । আমাৰ মহাবিদ্যালয় সমূহত পাঠ্যক্ৰমৰ লগত প্ৰডাক্টিভিটিৰ সংজ্ঞাৰ ধাৰণা নাথাকে ।"
মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে,"আমাৰ শিক্ষাৰ্থীৰ ছেমি কণ্ডাক্টৰৰ বিষয়ে কোনো ধাৰণা নাই । আমাৰ ভাৰতখন অহা ২৫ বছৰত ফিউচাৰ টেকনল'জীৰ এটা নতুন হাবত পৰিণত হ'ব । প্ৰযুক্তিয়ে আমাৰ ভাৰতবৰ্ষক প্ৰভাৱিত কৰিব । আমাৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহে এই প্ৰযুক্তি সন্দৰ্ভত শিক্ষাৰ্থীসকলক সম্যক জ্ঞান দিব লাগিব । মই ভাবো যে বি বৰুৱা কলেজক এডভান্স লাৰ্নিঙৰ এটা কেন্দ্ৰলৈ পৰিণত কৰিব লাগে । কাৰণ আমি প্ৰডাক্টিভ হিউমেন পাৱাৰ যদি সমাজক দিব লাগে তেতিয়া হ'লে প্ৰডাক্টিভ মেন পাৱাৰ তাৰ পৰা আহিব লাগিব । টেকন'লজীৰ ওপৰত আমি চৰ্চা আৰম্ভ কৰিব লাগে । যাতে শিক্ষাৰ্থীসকলৰ আগ্ৰহ বৃদ্ধি হয় ।"