অসম

assam

ETV Bharat / state

শত শতজনক দেশমাতৃৰ সেৱাৰ বাবে আগবঢ়াই দিয়া বিশেষ বিদ্যালয়খন... - GOALPARA SAINIK SCHOOL

গোৱালপাৰা সৈনিক স্কুলৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠান । অনুষ্ঠানত অংশগ্ৰহণ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ।

Closing ceremony of diamond jubilee of Goalpara Sainik School concludes
গোৱালপাৰা সৈনিক স্কুলৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠান (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 12, 2024, 7:50 PM IST

গোৱালপাৰা:সামৰণি পৰিল ১৯৬৪ চনৰ ১২ নৱেম্বৰত স্থাপিত সৈনিক স্কুল গোৱালপাৰাৰ হীৰক জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচীৰ । ২০২৩ চনৰ ১২ নৱেম্বৰৰ পৰা সৈনিক স্কুল কর্তৃপক্ষই লোগো নিৰ্মাণ, সৰ্বভাৰতীয় আন্তঃবিদ্যালয় কুইজ, অল আছাম অপেন এয়াৰ পিষ্টল আৰু এয়াৰ ৰাইফল শ্বুটিং আদি প্ৰতিযোগিতাৰ লগতে আলোচনা চক্ৰ, ৰক্তদান শিবিৰ, বৃক্ষৰোপণ, সাংস্কৃতিক অনুষ্ঠান আদি বছৰজোৰা বিভিন্ন আকৰ্ষণীয় কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল ।

গোৱালপাৰা সৈনিক স্কুলৰ হীৰক জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত মঙলবাৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মুখ্য অতিথি হিচাপে উপস্থিত হৈ প্ৰথমে সৈনিক স্কুলৰ স্মৃতি সৌধৰ শুভ উদ্বোধন কৰাৰ লগতে মুকলি সভাত অংশগ্ৰহণ কৰে । মুকলি সভাত তেওঁ কয়- "গোৱালপাৰাৰ সৈনিক স্কুলে ভাৰতীয় সেনা বাহিনীক শক্তিশালী কৰাত যথেষ্ট অৰিহণা যোগাই আহিছে । মই আনন্দিত হৈছোঁ যে, অসমৰ একমাত্ৰ গোৱালপাৰা সৈনিক স্কুলখনে হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ সক্ষম হৈছে ।"

সামৰণি পৰিল গোৱালপাৰা সৈনিক স্কুলৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ (ETV Bharat)

এই সৈনিক স্কুলৰ পৰা উঠি অহা নৱপ্ৰজন্মই ভাল শিক্ষা লৈ সেনা বাহিনীত অংশগ্ৰহণ কৰি দেশমাতৃক সেৱা আগবঢ়াই দেশখনক বিশ্বৰ ভিতৰতে এক অন্যতম দেশ হিচাপে আগুৱাই নিয়ক । তদুপৰি শিক্ষানুষ্ঠানখনৰ পৰা শিক্ষাগ্ৰহণ কৰি বিভিন্নজনে বিভিন্ন ক্ষেত্ৰত কাম কৰি দেশখনক প্ৰগতিৰ পথত আগুৱাই লৈ যোৱাত যথেষ্ট সহায় কৰি আছে । একেদৰে শিক্ষানুষ্ঠানখনৰ পৰা ওলোৱা নতুন প্ৰজন্ময়ো বিভিন্ন ক্ষেত্ৰত কাম কৰি প্ৰধানমন্ত্ৰীৰ এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সপোন বাস্তৱায়িত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

শিক্ষানুষ্ঠানটোৰ প্ৰাক্তন ছাত্ৰ ভৰতীয় সেনা বাহিনীৰ ব্ৰিগেডিয়াৰ অজিত কুমাৰ বৰুৱাই আদৰণি ভাষণ দিয়া সভাখনত প্ৰাক্তন ছাত্ৰ অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতা আৰু অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বেল অঞ্জন কুমাৰ গগৈয়ো অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে । মুকলি সভাৰ পিছত ভাৰতীয় সেনা বাহিনীৰ দ্বাৰা অস্ত্ৰ আৰু বেণ্ড প্ৰদৰ্শন, ডগ শ্ব', লেজাৰ শ্ব', ফায়াৰ ক্ৰেকাৰ ডিচপ্লেৰ লগতে আন আন আকৰ্ষণীয় কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

লগতে পঢ়ক:আলফা স্বাধীনৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত দুজন

ABOUT THE AUTHOR

...view details