অসম

assam

ETV Bharat / state

ড্ৰাগছৰ বিৰুদ্ধে সজাগতাৰ লক্ষ্য়ৰে চাইকেলেৰে দেশ ভ্ৰমণ পৰ্বতাৰোহীৰ : বিহু নাচে আকৃষ্ট কৰিলে পৰ্যটকক - Rongali Bihu

Bihu Workshop: বিহুৰ কৰ্মশালাৰ লগতে আখৰা প্ৰত্যক্ষ কৰি বিহুনৃত্য়ৰ প্ৰশংসা কৰিলে পৰ্বতাৰোহীয়ে । কোন পৰ্বতাৰোহীয়ে কৰিলে বিহুৰ প্ৰশংসা ? বিহুৰ কৰ্মশালাৰ লগতে আখৰা প্ৰত্যক্ষ কৰি আনন্দত আত্মাহাৰা হৈ পৰে দেশী-বিদেশী পৰ্যটকো ।

Bihu dance
বিহুৰ কৰ্মশালা

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 8:40 PM IST

Updated : Apr 6, 2024, 11:02 AM IST

ড্ৰাগছৰ বিৰুদ্ধে সজাগতাৰ লক্ষ্য়ৰে চাইকেলেৰে দেশ ভ্ৰমণ পৰ্বতাৰোহীৰ : বিহু নাচে আকৃষ্ট কৰিলে পৰ্যটকক

কলিয়াবৰ/সৰুপথাৰ, ৫ এপ্ৰিল:চাওঁতে চাওঁতে আকৌ আহি পালেহি হেঁপাহৰ ৰঙালী । ঢোল-পেঁপাৰ মাতত এতিয়া চৌদিশ ৰজনজনাইছে । এফালে লোকসভা নিৰ্বাচনৰ গৰম বতাহ আৰু আনফালে সমান্তৰালভাৱে বাপতি সাহোন ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি । ৰাজ্য়ত ডালে-পাতে-ফুলে এতিয়া বসন্তৰ আগমনৰ বতৰা ।

ইয়াৰ মাজতে এম. ভি. মহাবাহু জাহাজেৰে ব্ৰক্ষ্মপুত্ৰৰ বুকয়েদি কলিয়াবৰ দৰ্শনৰ বাবে শিলঘাটত উপস্থিত ২০ জনীয়া এটা পৰ্যটকৰ দল । অসমীয়াৰ প্ৰাণৰ বিহু নৃত্য উপভোগ কৰি ৰ’ব নোৱাৰিলে দলটোৰ কেইবাগৰাকী বিদেশী পৰ্যটক । সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত কলিয়াবৰ চাহ বাগিছাৰ এটি সেউজ টিলাত ঢোলৰ চেৱে-চেৱে বিহু নাচি আপ্লুত হৈ পৰিল বিদেশী মহিলা পৰ্যটক কেইগৰাকী ।

সন্মুখত হেঁপাহৰ ৰঙালী বিহুৰ বাবে গাত তৎ নাই ডেকা-গাভৰুৰ । হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ ব'হাগ অহাৰ বতৰা পায় আনন্দত মতলীয়া হৈ পৰিছে অসমীয়া ডেকা-গাভৰু । এই আনন্দৰ মাজতে সৰুপথাৰত দেশী-বিদেশী পৰ্যটকে ল'লে বিহুৰ আনন্দ । বিহুৰ কৰ্মশালাৰ লগতে আখৰা প্ৰত্যক্ষ কৰি আনন্দত আত্মহাৰা হৈ পৰে দেশী-বিদেশী পৰ্যটকসকল ।

উত্তৰ প্ৰদেশৰ পৰা উত্তৰ-পূৰ্বাঞ্চল হৈ অসমলৈ চাইকেল চলাই অহা দুই ভ্ৰমণকাৰী তথা পৰ্বতাৰোহীয়ে বিহুৰ কৰ্মশালাৰ লগতে আখৰা প্ৰত্যক্ষ কৰি আনন্দত আত্মহাৰা হৈ বিহুনৃত্য়ৰ প্ৰশংসা কৰিলে । উত্তৰ প্ৰদেশৰ প্ৰিয়া কুমাৰী আৰু প্ৰদীপ কুমাৰে চাইকেল চলাই ভ্ৰমণ কৰিছে দেশ । যোৱা ১৮ ফেব্ৰুৱাৰীত ছিকিমৰ পৰা যাত্ৰা আৰম্ভ কৰে দুয়োগৰাকীয়ে ।

তেওঁলোকে সৰুপথাৰত উপস্থিত হৈ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ উদ্দেশ্য ব্যাখ্যা কৰিল সাংবাদিকৰ সন্মুখত । দেশত মাদক দ্ৰব্য বা ড্ৰাগছৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ তথা পৰিৱেশক লৈ সজাগতা, বৃক্ষ ৰোপণ নতুবা কোনো এখন ৰাজ্যৰ হিংসাত্মক ঘটনা যাতে সংঘটিত নহয় সেই বিষয়ে সজাগতা সৃষ্টিৰ বাবেই উত্তৰ প্ৰদেশৰ প্ৰিয়া কুমাৰী আৰু প্ৰদীপ কুমাৰে এই অভিযান চলোৱা বুলি কয় ।

তেওঁলোকে ২০২৫ত মাউন্ট এভাৰেষ্ট আৰোহণৰ লক্ষ্য বান্ধি লৈছে । প্ৰিয়া কুমাৰী আৰু প্ৰদীপ কুমাৰে অসমত উপস্থিত হৈ প্ৰত্যক্ষ কৰিলে ৰঙালী বিহুৰ আখৰা । চ'ত মাহত অসমত চৌদিশে অনুষ্ঠিত বিহুৰ কৰ্মশালাৰ কথাও ব্যক্ত কৰিলে দুয়োগৰাকীয়ে । বিহু নাচে তেওঁলোকক আকৃষ্ট কৰা বুলিও মন্তব্য় কৰে । উত্তৰ প্ৰদেশৰ পৰা উত্তৰ-পূৰ্বাঞ্চল হৈ অসমলৈ চাইকেল চলাই অহা প্ৰিয়া কুমাৰী আৰু প্ৰদীপ কুমাৰ দুই বন্ধুৱে ১৮ ফেব্ৰুৱাৰীত ছিকিমৰ পৰা যাত্ৰা আৰম্ভ কৰি সৰুপথাৰত উপস্থিত হৈ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ উদ্দেশ্য ব্যাখ্যা কৰে ।

লগতে পঢ়ক:তেজপুৰৰ শ্বহীদ বাকৰিত আছুৰ উদ্য়োগত বিহু নৃত্য়ৰ প্ৰশিক্ষণ - Bihu Workshop In Tezpur

Last Updated : Apr 6, 2024, 11:02 AM IST

ABOUT THE AUTHOR

...view details