অসম

assam

ETV Bharat / state

বিজেপিক উৎখাত কৰাৰ হুংকাৰ চুতীয়া জাতি যুৱ সন্মিলনৰ - DEMAND FOR TRIBAL STATUS

Demand for Tribalization : চুতীয়াৰ লগতে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান নকৰিলে পৰিণাম হ'ব বিষম । সকীয়ালে প্ৰতিবাদকাৰীয়ে ।

Demand For Tribal Status in Golaghat
চুতীয়া জাতি যুৱ সন্মিলনৰ প্ৰতিবাদ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 22, 2024, 8:24 PM IST

গোলাঘাট:জনজাতিকৰণৰ দাবীত উত্তাল গোলাঘাট । জনজাতিকৰণৰ প্ৰতিশ্ৰুতিৰে তিনিবাৰকৈ শাসনৰ গাদীত বহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান নকৰাৰ প্ৰতিবাদত শুকুৰবাৰে চুতীয়া জাতি যুৱ সন্মিলন,অসমৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

শতাধিক প্ৰতিবাদকাৰীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে । উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অতি শীঘ্ৰে চুতীয়া জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰিবলৈ দাবী জনাই । অন্যথা ২৬ৰ বিধানসভা নিৰ্বাচনত অসমৰ সকলো চুতীয়া জনগোষ্ঠীৰ লোকে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ বিৰুদ্ধে ভোট দিবলৈ সাজু বুলি চৰকাৰক সকীয়াই দিয়ে প্ৰতিবাদকাৰীসকলে ।

চুতীয়া জাতি যুৱ সন্মিলনৰ প্ৰতিবাদ (ETV Bharat Assam)

চুতীয়া জনগোষ্ঠীয়ে বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰিব

উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি চুতীয়া জাতি যুৱ সন্মিলন,অসমৰ গোলাঘাট জিলা সমিতিৰ সভাপতি ৰমেন চুতীয়াই কয়," জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদানৰ দাবীত আমি দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছো । এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি অসম তথা কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিব বিচাৰিছো যে ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে চুতীয়া জনগোষ্ঠীক যদি জনজাতিৰ মৰ্যদা আৰু স্বায়ত্তশাসন প্ৰদান নকৰে আমি অসমৰ চুতীয়া জনগোষ্ঠীৰ লোকসকলক একত্ৰিত কৰি বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম ।"

তেওঁ পুনৰ কয়," জাতি-মাটি-ভেটিৰ কথা কৈ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে তিনিবাৰকৈ চৰকাৰ গঠন কৰিলে । ২০১৪ চনত বিজেপিৰ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী নৰেন্দ্ৰ মোদীয়ে অসমৰ বিভিন্ন ঠাইত নিৰ্বাচনী সভাত কৈছিল যে কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হ'লে চুতীয়া জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীক ছমাহৰ ভিতৰত জনজতিৰ মৰ্যদা প্ৰদান কৰিব । কিন্তু সেই কথা ফুটুকাৰ ফেনত পৰিনত হ'ল । গতিকে পুনৰবাৰ এই অৱস্থান ধৰ্মঘটস্থলীৰ পৰা অসম তথা কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিব বিচাৰিছো যে ২০২৬ ৰ আগে আগে আমাক জনজাতিৰ মৰ্যদা প্ৰদান কৰক । "

আনহাতে, উক্ত প্ৰতিবাদী কাৰ্যসূচীত চুতীয়া জাতি যুৱ সন্মিলন, অসমৰ গোলাঘাট জিলা সমিতিৰ সভাপতি অপু শইকীয়াই কয়," অসম আৰু কেন্দ্ৰীয় চৰকাৰক আমি এই প্ৰতিবাদীস্থলীৰ পৰা সকীয়াই দিব বিচাৰিছো নৰেন্দ্ৰ মোদীয়ে তিনিবাৰকৈ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পাছতো জনজাতিকৰণ কৰা নহ'ল । ইয়াৰ প্ৰত্য়ুত্তৰ ২৬ৰ বিধানসভা নিৰ্বাচনত দিয়া হ'ব । "

লগতে পঢ়ক:জনজাতিকৰণৰ দাবীত চুতীয়া যুৱ সন্মিলনৰ প্ৰতিবাদ

জনজাতিকৰণৰ দাবীত শিৱসাগৰত আটাছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details