অসম

assam

ETV Bharat / state

চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত উত্তাল ৰাজ্য় - Chutia Students Union protest - CHUTIA STUDENTS UNION PROTEST

ST Demand : আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিৰ স্বীকৃতি প্ৰদান নকৰিলে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ । চৰকাৰক চূড়ান্ত সকীয়নি দি চুতীয়া ছাত্র সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ।

ST Demand
চুতীয়া ছাত্র সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Sep 30, 2024, 6:55 PM IST

নিউজ ডেস্ক, ৩০ ছেপ্টেম্বৰ: চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণ, চুতীয়া ৰাজত্বকালৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহ সংৰক্ষণ আৰু সৌন্দর্যবৰ্ধন আদিৰ দাবীত উত্তাল ৰাজ্য় । বিজেপি চৰকাৰে চুতীয়া জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ বিৰুদ্ধে সোমবাৰে চুতীয়া ছাত্র সন্থাই ৰাজ্য়জুৰি প্ৰতিবাদ সাব্য়স্ত কৰি চৰকাৰক সকীয়াই দিয়ে ।

সোমবাৰে চুতীয়া ছাত্র সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । সন্থাৰ জিলা কাৰ্যালয়ৰ পৰা প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদকাৰীসকলে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিয়ে । প্ৰতিবাদী ছাত্র সংগঠনটোৰ নেতৃত্বই কয়," উত্তৰ পূৰ্বাঞ্চলৰ আদিম ভূমিপুত্র চুতীয়া জনগোষ্ঠীৰ ৰাইজ বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ জয়যাত্ৰাৰ দিনটো পিছপৰি ৰৈছে । বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়াত সর্বোচ্চ ত্যাগ কৰা চুতীয়াসকল স্বাধীনতাৰ সাতটা দশক অতিক্ৰম কৰাৰ পাছতো আজি পৰ্যন্ত অৱহেলিত হৈ ৰোৱাটো দুর্ভাগ্যজনক। জনগোষ্ঠীটোৰ সর্বাঙ্গীন উন্নয়নৰ বাবে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ দীৰ্ঘদিন ধৰি দাবী জনাই অহাৰ পাছতো চৰকাৰে আজিলৈকে গুৰুত্ব প্ৰদান কৰা নাই ।" আগন্তুক ২০২৬ ৰ নিৰ্বাচনৰ পূৰ্বে চুতীয়াকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ লগতে ৰাজত্ব কালৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহ সংৰক্ষণ আৰু সৌন্দর্য বৰ্ধনৰ ব্যৱস্থা নকৰিলে বিজেপিক নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ দিয়া নহ'ব বুলি সংগঠনটোৰ নেতৃত্বই হুংকাৰ দিয়ে।

চুতীয়া ছাত্র সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী (ETV Bharat Assam)

গোলাঘাটত হাতত কাড়ঁফাই লৈ প্ৰতিবাদ

হাতত কাড়ঁফাই লৈ চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ চুতীয়া জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান আৰু স্বায়ত্তশাসনৰ দাবীত সংগঠনটোৱে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ আগন্তুক ছমাহৰ ভিতৰত যদি চৰকাৰে জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধান নকৰে তেতিয়াহ'লে সংগঠনটোৱে বিধানসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব চুতীয়া জনগোষ্ঠীয়ে ৷

উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ চুতীয়া জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি মহেন বৰাই কয়," মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সুধিব বিচাৰিছো যে চুতীয়া সকলক জনজাতিকৰণ কৰিব নে নকৰে ? ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত বিজেপি দলে নিৰ্বাচনী ইস্তাহাৰৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিখন নিৰ্বাচনী সভাত শাসন গাদীত আহিলে ছমাহৰ ভিতৰত ছয় জনগোষ্ঠীৰ লগতে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল, কিন্তু তাৰ পাছতে কেন্দ্ৰত তিনিবাৰ আৰু অসমত দুবাৰকৈ শাসন ভাৰ চলাইছে যদিও কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বৰ্তমান জনজাতিকৰণৰ ক্ষেত্ৰত পাভলুটি মৰা পৰিলক্ষিত হৈছে। "

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ চুতীয়া জাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ সভাপতি পাপু চুতীয়াই কয়," কেৱল মাত্ৰ মিথ্যাচাৰ আৰু মিথ্যাচাৰ আমি হজম কৰিব পৰা নাই । ইয়াৰ উত্তৰ আমি ২৬ ৰ নিৰ্বাচনত দিবলৈ প্ৰস্তুত আছো । ইয়াৰ পূৰ্বে আমি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলো, কিন্তু আজিলৈকে তাৰ কোনো উত্তৰ দিয়া নাই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কেৱল মিথ্যাচাৰৰ আশ্ৰয় লৈছে ।"

যোৰহাটত প্ৰতিবাদকাৰীৰ সকীয়নি

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বছৰ বছৰ ধৰি চুতীয়া জনগোষ্ঠীৰ লগতে কোচ ৰাজবংশী,মৰাণ,মটক,আহোম আৰু চাহ জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি দিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া কাৰ্যক্ষেত্ৰত হৈ নুঠিল । সেয়েহে আজি যোৰহাট ষ্টেডিয়াম সন্মুখৰ পৰা যোৰহাট জিলা চুতীয়া ছাত্র সন্থাই এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি চুতীয়া ছাত্র সন্থাৰ বিষয়ববীয়াই কয়," জনজাতিকৰণ সন্দৰ্ভত অসম চৰকাৰ লগত আমাৰ বহুবাৰ আলোচনা হ'ল, কিন্তু জনজাতিকৰণৰ ফলাফল বিষয়বস্তু নোলাল । আমাক এতিয়া আলোচনা নালাগে , লাগে মাথো ফলাফল ।"

প্ৰতিবাদত কপিল জিলা সদৰ গড়মূৰ

চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ, স্বায়ত্তশাসন, চুতীয়া ৰাজ শাসনৰ কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ দাবীত মাজুলী জিলা ছাত্ৰ সন্থাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । মাজুলীৰ গড়মূৰ মিনি ষ্টেডিয়ামৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ সমদল কৰি এই প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

এইসকল প্ৰতিবাদকাৰীয়ে কয় যে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সৰ্ব্বোচ্চ ত্যাগ কৰা চুতীয়া সকল স্বাধীনতাৰ সাতটা দশক অতিক্ৰম কৰাৰ পাছতো আজি পৰ্যন্ত অৱহেলতি হৈ আহিছে । চৰকাৰে ২০১৬ চনৰ পৰা চুতীয়া জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীক জনজাতি কৰণৰ নামত প্ৰবঞ্চনা কৰি আহিছে । যাৰ ফলশ্ৰুতিত আজি মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

জনজাতিকৰণৰ দাবীত তিনিচুকীয়াত উত্তাল প্রতিবাদ

সবকা চাথ, সবকা বিকাশৰ কথা কোৱা শাসনাধিষ্ঠ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে 'খেনোক দেখি ৰন্ধা-বঢ়া আৰু খেনোক দেখি দুৱাৰ বন্ধা ' নীতি গ্রহণ কৰি আহিছে বুলি সৰৱ হৈ পৰিছে সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্র সন্থা। চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্রীয় সমিতিৰ আহ্বানত চুতীয়া জনগোষ্ঠীক জনজাতিৰকৰণ আৰু স্বায়ত্তশাসন প্রদানৰ দাবীত আজি তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সম্মুখত উত্তাল প্রতিবাদ সাব্যস্ত কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্র সস্থা সভাপতি নয়নজ্যোতি বৰশইকীয়া আৰু সাধাৰণ সম্পাদক গংগাধৰ শইকীয়াই কয়," সম উন্নয়ন আৰু সম বিকাশৰ শ্ল'গান আওৰোৱা বিজেপি চৰকাৰৰ দিনত জনগোষ্ঠীটোৰ ৰাইজে জ্বলন্ত সমস্যাসমূহ সমাধান হ'ব বুলি আশা কৰিছিল যদিও জনগোষ্ঠীৰ সমস্যাসমূহক লৈ এসময়ত কংগ্ৰেছৰ দৰে বিজেপিয়েও ৰাজনীতি কৰিলে । বিশেষকৈ জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰে খনে মিথ্যাচাৰৰ আশ্রয় ল'লে। " প্ৰতাৰণাৰ বিৰুদ্ধে তথা সমস্যা সমাধান নোহোৱালৈকে ধাৰাবাহিক আন্দোলন চলি থাকিব বুলি তেওঁলোকে হুংকাৰ প্ৰদান কৰে।

এই প্ৰতিবাদী কাৰ্যসূচীত তিনিচুকীয়া জিলা চুতীয়া জাতি সম্মিলন্ম, মহিলা সম্মিলনৰ প্ৰতিনিধিৰ উপৰি চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক ব্রজেন ভূঞা, ৰহিম শইকীয়া, ৰিতু চুতীয়াকে আদিকৰি নেতা-কৰ্মীসকল উপস্থিত থাকে ।

ধেমাজিত শুকুলা সাজপাৰ পৰিধান কৰি প্ৰতিবাদ

জনজাতিকৰণ আৰু মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ এলেকাৰ পৰা অনামিচিং গাঁও কৰ্তনৰ দাবীত সোমবাৰে উত্তাল হ’ল ধেমাজি ৰাজপথ । দীঘলীয়া সমদলৰ পিচত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্য়সূচী ৰূপায়ণ কৰে । সদৌ অসম চুতীয়া ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ বিষয় ববীয়াৰ লগত জনগোষ্ঠীৰ তিনি শতাধিক প্ৰতিবাদী ৰাইজে ৷

প্ৰতিবাদী সভাত অংশ লৈ সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ প্ৰাক্তন শীৰ্ষ নেতা গিৰিন চুতীয়াই চৰকাৰৰ অৱহেলা আৰু চূড়ান্ত প্ৰতাৰণাক কঠোৰ ভাষাৰে নিন্দা কৰে আৰু জনজাতি নকৰাৰ পৰ্যন্ত চুতীয়া জনগোষ্ঠী ক্ষান্ত নহয় বুলি স্পষ্ট কৰি দিয়ে ৷ ইফালে বিক্ষোভৰ অন্তত ধেমাজি আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে । স্মাৰক পত্ৰত চুতীয়া জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ, চুতীয়া জনগোষ্ঠীক স্বায়ত্ত শাসন প্ৰদান, চুতীয়া ৰাজ শাসন কালৰ কীৰ্তি চিহ্নসমূহৰ সংৰক্ষণ কৰণ আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৰা চুতীয়া গাঁওসমূহ কৰ্তন কৰাৰ দাবী জনায় ৷

লগতে পঢ়ক:জনজাতিকৰণৰ দাবীৰে লখিমপুৰত চুতীয়া ছাত্র সন্থাৰ অৱস্থান ধৰ্মঘট - ST Demand

আদিবাসী বাচাও সংগ্ৰামত ২০২৬ চনৰ পূৰ্বেই জনজাতিকৰণৰ দাবী আছাৰ - AAASA Demand ST

ABOUT THE AUTHOR

...view details