যোৰহাট, ২৫ জুন :যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত এটি ১০ বছৰীয়া শিশুক কোনো দুষ্টচক্ৰই অপহৰণ কৰি মৰ্গত লুকুৱাই ৰখা বুলি চলা অপপ্ৰচাৰ সন্দৰ্ভত মুখ খুলিলে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ মানৱ গোঁহাইয়ে । মঙলবাৰে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষকগৰাকীয়ে এক সংবাদমেলত এই বিষয়ে স্থিতি স্পষ্ট কৰি কয়, "এয়া সম্পূৰ্ণ অসত্য আৰু অপপ্ৰচাৰ । শিশুটি মৰ্গত নাছিল, আছিল বহিঃৰোগ বিভাগৰ কক্ষতহে" ৷
এটি শিশুক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত লুকুৱাই থৈছিল বুলি যি অপপ্ৰচাৰ চলিছিল, সেয়া চিকিৎসা মহাবিদ্যালয় হাস্পতালক দুৰ্নাম কৰিবলৈহে কৰিছে । অধীক্ষক ডাঃ মানৱ গোঁহাইয়ে অৱশ্য়ে আওপকীয়াকৈ কয় যে, কোনো চিনাকী মানুহে শিশুটিক মহাবিদ্যালয়খনৰ উক্ত কক্ষত ৰাখি মহাবিদ্যালয়খনৰ অপপ্ৰচাৰত লিপ্ত হৈছে । এনেধৰণৰ অপপ্ৰচাৰে যোৰহাট মহাবিদ্যালয়ৰ চিকিৎসা সম্পৰ্কীয় কাম-কাজ আৰু মহাবিদ্যালয়খনৰ উন্নয়নত বাধাহে সৃষ্টি কৰিব বুলি কয় অধীক্ষকগৰাকীয়ে ।
তেওঁ কয় যে, এই ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰা হৈছে । লগতে যোৰহাট জিলা আয়ুক্তকো এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে বুলি কয় অধীক্ষক ডাঃ মানৱ গোঁহাইয়ে । ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ক লৈ চলোৱা অপপ্ৰচাৰ সন্দৰ্ভত জিলা আয়ুক্তগৰাকীয়ে এক উচ্চস্তৰীয় তদন্ত ঘোষণা কৰিছে ।