অসম

assam

ETV Bharat / state

অসমৰ ভিন্ন প্ৰান্তত ষট পূজা উদযাপন

ষট পূজাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যত ব্যাপক উচাহ । বিহাৰী লোকসকলে ভিৰ কৰিছে নদীৰ ঘাটত । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ষট পূজাৰ পৰিৱেশৰে এক প্ৰতিবেদন ।

Chhath Puja celebrated in different parts of Assam
অসমৰ ভিন্ন প্ৰান্তত ষট পূজা উদযাপন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 7, 2024, 10:22 PM IST

যোৰহাট: উত্তৰ ভাৰতৰ অন্যতম জনপ্ৰিয় উৎসৱ হ'ল ষট পূজা, ইয়াৰ ব্যতিক্ৰম নহয় অসমো । উত্তৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ বিশেষত বিহাৰী সম্প্ৰদায়ৰ কৰ্মসূত্ৰে হওক বা নিগাজীকৈ অসমত বাস কৰাৰ ফলত অসমৰ বিভিন্ন প্ৰান্তত দেখা গৈছে ষট পূজাৰ আনন্দ ।

যোৰহাট:

সমান্তৰালভাৱে যোৰহাটতো উলহ-মালহে পালন কৰা হৈছে ষট পূজা । এই পূজা মূলতে সূৰ্য দেৱতা সন্তুষ্ট কৰা তথা সূৰ্য দেৱতাক আৰাধনা কৰা । বৃহস্পতিবাৰে যোৰহাট নগৰ মাজমজিয়াত থকা ভোগদৈৰ বুকুত পুৰুষ-মহিলা সকলোৱে ধূপ-চাকি নৈবদ্য আগবঢ়ায় সূৰ্য দেৱতাক আৰাধনা কৰে । পানীত নামি তেওঁলোকে নিজৰ মনোকামনা পূৰণৰ অৰ্থে আৰু সমাজৰ অপায়-অমংগল দূৰ কৰা অৰ্থে সূৰ্য দেৱতাক আৰাধনা কৰে ।

অসমৰ ভিন্ন প্ৰান্তত ষট পূজা উদযাপন (ETV Bharat Assam)

টীয়ক:

একেই পৰিৱেশ দেখা গৈছে টীয়কতো । পশ্চিম আকাশৰ অস্ত বেলিক আৰাধনাৰে মুখৰিত হৈছে নদীৰ ঘাট । যোৰহাট জিলাৰ টীয়কৰ হাতীশাল মালা গাঁৱত বিৰাজ কৰিছে এক আধ্যাত্মিক পৰিৱেশ । একালত ইষ্ট ইণ্ডিয়া কোম্পানীৰ জাহাজৰ দিক নিৰূপণ কৰিবলৈ আহি থাকি যোৱা এটি বিহাৰী সম্প্ৰদায়ৰ এটি পৰিয়াল থাকি গৈছিল হাতীশালত । আজি এখন বৃহৎ গাঁও হ'ল সেই পৰিয়ালটোৰ পৰা । ব্ৰহ্মপুত্ৰৰ পাৰত ধূপ দ্বীপ নৈবেদ্য আগবঢ়াই গাঁওখনৰ লোকসকলে সমূহীয়াভাৱে সুৰ্য দেৱতাক নমস্কাৰ জনাই আয়োজন কৰিছে পৱিত্ৰ ষট পূজা ।

ৰঙিয়া:

ইয়াৰ সমান্তৰালভাৱে ৬৪ বছৰ অতিক্ৰম কৰা ৰঙিয়াৰ বৰলীয়াৰ পাৰৰ ষট পূজাৰ ঘাটতো দেখা ভক্তৰ ভিৰ ‌। মনোবাঞ্চা পূৰণৰ বাবে কোনো ভক্ত আহিল মাটিত চুঁচৰি । ঘাটত পূজাৰ সমগ্ৰী থৈ বিধিবৎ পূজা কৰি ভক্তগণে বৰলীয়াত নামি অৰ্ঘ দিয়ে সূৰ্য দেৱতাক । কাইলৈ পুৱা অৰ্থাৎ শুকুৰবাৰে পুৱা ৫.৩৭ বজাত পুনৰ নদীৰ পানীত নামি অৰ্ঘ দি পূজা সমাপন কৰিব ভক্তগণে ।

লগতে পঢ়ক:বৃহস্পতিবাৰে মহানগৰীৰ কোন কোন পথেৰে কৰিব পাৰিব যাতায়ত; জানিবলৈ পঢ়ক

ABOUT THE AUTHOR

...view details