অসম

assam

ETV Bharat / state

দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেডত জিলিকিব ঐতিহাসিক চৰাইদেউ মৈদাম - CHARAIDEO MAIDAM

বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰা চৰাইদেউ মৈদামক গণৰাজ্য দিৱসৰ প্ৰতীকপটত দেখা যাব ।

Charaideo Maidam
দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেডত জিলিকিব ঐতিহাসিক চৰাইদেউ মৈদাম (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 25, 2025, 5:30 PM IST

মৰাণ :আহোম ৰাজশাসনৰ ৬০০ বছৰীয়া সোণালী ইতিহাস বহন কৰি আহিছে ঐতিহাসিক চৰাইদেউ মৈদামে । এই ঐতিহাসিক চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে এক নতুন পৰিচয় লাভ কৰি আহোম ৰাজশাসনক পুনৰ বিশ্ব দৰবাৰত উজলাই তুলিছে । ইজিপ্তৰ পিৰামিডৰ আকাৰৰ চৰাইদেউ মৈদামসমূহে আহোম ৰাজপৰিয়ালৰ চানেকি বিশ্ববাসীৰ আগত দাঙি ধৰিবলৈ সক্ষম হৈছে ।

ইতিমধ্যে প্ৰতিটো দিনতে দেশী-বিদেশী পৰ্যটকে ভিৰ কৰিছে চৰাইদেউ মৈদামত । কোনোৱে যদি চৰাইদেউ মৈদামৰ সৌন্দৰ্য উপভোগ কৰিছে, বহুতেই চৰাইদেউ মৈদামক ইতিহাসৰ গৱেষণাস্থল হিচাপে নিৰ্বাচিত কৰি গৱেষণা আৰম্ভ কৰিছে ।

দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেডত জিলিকিব ঐতিহাসিক চৰাইদেউ মৈদাম (ETV Bharat Assam)

ইয়াৰ মাজতে অসমবাসীৰ বাবে ভাল খবৰ । এইবাৰ দিল্লীত গণৰাজ্য দিৱসৰ পেৰেডত জিলিকিব চৰাইদেউ মৈদাম । অসমৰ প্ৰতীকপটৰূপে প্ৰদৰ্শিত হ'ব ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউ মৈদাম । ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে দিল্লীৰ লালকিল্লাত জিলিকিব আহোম ৰাজশাসনৰ ৬০০ বছৰীয়া সোণালী ইতিহাস বহন কৰা চৰাইদেউ মৈদাম ।

বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম :

২০১৪ বৰ্ষতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক তালিকাত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হোৱা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম কেন্দ্ৰীয় চৰকাৰে ইউনেস্ক'লৈ প্ৰেৰণ কৰা পাছতে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ব বুলি আশা কৰা হৈছিল আৰু যোৱা বৰ্ষত এই স্বীকৃতি লাভ কৰিলে ঐতিহাসিক মৈদামে । ২০২৪ চনৰ ২১ জুলাইৰ পৰা ৩১ জুলাইলৈকে নতুন দিল্লীত অনুষ্ঠিত হোৱা ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক সন্মিলনত ইউনেস্ক'ই চৰাইদেউ মৈদামকো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰে । ঐতিহাসিক চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাৰ পাছতে দেশী-বিদেশী পৰ্যটকৰ ভিৰ বাঢ়িছে ।

আনন্দিত চৰাইদেউবাসী :

এইবাৰ দিল্লীত গণৰাজ্য দিৱসৰ পেৰেডত জিলিকিব চৰাইদেউ মৈদাম ৷ এই খবৰে অতি আনন্দিত কৰিছে চৰাইদেউবাসীক । এই সন্দৰ্ভত সোণাৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে । বিধায়কগৰাকীয়ে কয়, "এইবাৰ গণৰাজ্য দিৱসৰ দিল্লীৰ কেন্দ্ৰীয় কাৰ্যসূচীত প্ৰথমবাৰৰ বাবে অসমৰ চৰাইদেউ মৈদাম প্ৰদৰ্শিত হ'ব । এয়া অসমবাসীৰ বাবে গৌৰৱৰ বিষয় । বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ পাছত চৰাইদেউ মৈদামে যি মাত্ৰা লাভ কৰিছে তাৰ বাবে আমি অতি গৌৰৱাম্বিত ।"

লগতে পঢ়ক :গ্ৰাম্য পৰ্যটনৰ সম্ভাৱনাপূৰ্ণ ঐতিহ্যময় ধেমাজিৰ ঘূগুহা দ’ল - GHUGUHA DOL DHEMAJI

ABOUT THE AUTHOR

...view details