অসম

assam

ETV Bharat / state

পাংগিং হৗৰাং কৗবাং কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন - Panging genealogy - PANGING GENEALOGY

PANGING FAMILY HISTORY : অসম আৰু অৰুণাচল প্ৰদেশত সিচঁৰিত হৈ থকা পাংগিং বংশাৱলীৰ পৰিয়ালসমূহক একত্ৰিত কৰাৰ উদ্দেশ্যে পাংগিং হৗৰাং কৗবাং কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন । ২০২৪ চনৰ ডিচেম্বৰ মাহত কেন্দ্ৰীয় সমিতিৰ দ্বিতীয়খন সাধাৰণ অধিৱেশন শিৱসাগৰ জিলাত অনুষ্ঠিত হ’ব ।

CENTRAL EXECUTIVE MEETING
পাংগিং বংশাৱলীৰ সভা (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : May 19, 2024, 8:56 PM IST

পাংগিং হৗৰাং কৗবাং কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহ সভা (ETV BHARAT ASSAM)

জোনাই, 19 মে’ : অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী চিলাপথাৰৰ ডিমৌ অঞ্চলত মিচিং জনগোষ্ঠীৰ অন্যতম হৈছে পাংগিং বংশাৱলী ৷ অসম আৰু অৰুণাচল প্ৰদেশত সিঁচৰিত হৈ থকা পাংগিং বংশাৱলীৰ পৰিয়াল সমূহক একত্ৰিত কৰাৰ উদ্দেশ্যেৰে গঠন কৰা হৈছিল পাংগিং হৗৰাং কৗবাং কেন্দ্ৰীয় সমিতি৷ ৷ আজি চিলাপথাৰৰ ডিমৌত পাংগিং হৗৰাং কৗবাং কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হয় ৷ সভাত সভাপতিত্ব কৰে পাংগিং হৗৰাং কৗবাং কেন্দ্ৰীয় সমিতিৰ স্থায়ী সভাপতি কুমচং পাংগিঙে ৷ উদ্দেশ্য ব্যাখ্যা কৰে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক পুণ্যনাথ পাংগিঙে ৷

কাৰ্যনিৰ্বাহ সভাত পাংগিং বংশাৱলীৰ সাংগঠনিক দিশসমূহ সুৰক্ষিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি কালিনাথ পাংগিঙে প্ৰস্তুত কৰা সংবিধান বা উপ-বিধিৰ ওপৰত পৰ্যালোচনা কৰি কেন্দ্ৰীয় সমিতিয়ে সৰ্বসন্মতি ক্ৰমে গৃহীত কৰে ৷ লগতে 2024 চনৰ নৱেম্বৰ মাহৰ শেষত নতুবা ডিচেম্বৰ মাহত শিৱসাগৰ জিলাত পাংগিং হৗৰাং কৗবাং কেন্দ্ৰীয় সমিতিৰ দ্বিতীয়খন সাধাৰণ অধিৱেশন অনুষ্ঠিত কৰা হ’ব বুলি প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷

ইফালে পাংগিং বংশাৱলীৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক গান্ধী পাংগিঙৰ আকস্মিক মৃত্যু হোৱাৰ বাবে আজি কাৰ্যনিৰ্বাহ সভাৰ জৰিয়তে কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাবে ডিব্ৰুগড় জিলাৰ পুণ্যনাথ পাংগিংক আনুষ্ঠানিকভাৱে দ্বায়িত্ব অৰ্পণ কৰা হয় ৷ সভাত কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা তুলসীৰাম পাংগিং, খৰনেশ্বৰ পাংগিং, ধৰসিং পাংগিং, উপ-সভাপতি দেৱানন্দ পাংগিং, সহকাৰী যুটীয়া শান্তিৰাম পাংগিং, সাহিত্য সম্পাদক কালিনাথ পাংগিং, ড৹ দেৱকান্ত পাংগিং, বৃষ্টি পাংগিং, সাংগঠনিক সম্পাদক অমিৰঞ্জন পাংগিং, নাংকং পাংগিং, নিৰঞ্জন পাংগিং, সাংস্কৃতিক সম্পাদক পৰেশ পাংগিং, হৗপপ পাংগিং, কাৰ্যকৰী সদস্য অনিৰাম পাংগিং, মোহন পাংগিঙকে ধৰি বহু লোকে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক :ঘৰৰ বাৰীখনতেই বছৰি কেনেকৈ উপাৰ্জন কৰিছে লাখ টকা - Self Reliant Cultivator

ABOUT THE AUTHOR

...view details