শিলচৰ:সাংবাদিকক প্ৰহাৰ কৰাৰ অভিযোগত কাছাৰ আৰক্ষীয়ে শনিবাৰে বাৰ্মিজ চুপাৰি মাফিয়া আবুব মজুমদাৰক গ্ৰেপ্তাৰ কৰে ৷ কাছাৰ আৰক্ষীয়ে আবুব মজুমদাৰৰ লগতে তেওঁ এজন সংগী জাহিৰ আব্বাছকো গ্ৰেপ্তাৰ কৰিছে ৷ বৰ্তমানে কাছাৰ সদৰ আৰক্ষী থানাত আৰক্ষীয়ে আবুবক জেৰা চলোৱা বুলি জানিব পৰা হৈছে ৷
অভিযোগ অনুসৰি, বাৰ্মিজ চুপাৰি মাফিয়া আবুব মজুমদাৰে দুদিন পূৰ্বে এটা ছেটেলাইট চেনেলৰ সাংবাদিক সমীন সেনডেকাক নিজৰ ঘৰলৈ মাতি আনি এটা কোঠাৰ ভিতৰত আৱদ্ধ কৰি প্ৰচণ্ড মাৰপিট কৰিছিল ৷ এই ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাছত ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ সমীন সেনডেকাক উদ্ধাৰ কৰে ৷
বাৰ্মিজ চুপাৰি মাফিয়া আবুব মজুমদাৰক গ্ৰেপ্তাৰ কাছাৰ আৰক্ষীৰ (ETV Bharat Assam) কিন্তু ঘটনাৰ দুদিন অতিক্ৰম কৰাৰ পাছতো ৰহস্যজনকভাৱে আৰক্ষীয়ে আবুবক গ্ৰেপ্তাৰ কৰা নাছিল ৷ যাৰ বাবে সোঁচ্চাৰ হৈ পৰিছিল শিলচৰ সাংবাদিক সমাজ ৷ আবুব মজুমদাৰক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদত নামিছিল সাংবাদিক সমাজ ৷ এই ঘটনাৰ উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাই শিলচৰ প্ৰেছ ক্লাৱৰ নেতৃত্বত প্ৰতিটো সাংবাদিক সন্থাৰ প্ৰতিনিধি দলে কাছাৰ জিলা আৰক্ষী অধীক্ষক নোমল মাহাত্তাক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে ৷
কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই সাংবাদিক প্ৰতিনিধি দলৰ স্মাৰকপত্ৰ গ্ৰহণ কৰি শীঘ্ৰেই সাংবাদিক নিগ্ৰহৰ ঘটনাৰ লগত জড়িতসকলক গ্ৰেপ্তাৰ কৰা প্ৰতিশ্ৰুতি দিয়ে আৰু আজি আবুব মজুমদাৰক গ্ৰেপ্তাৰ কৰে ৷
লগতে পঢ়ক:উজনিত ভুৱা আলফাৰ দলে আৰক্ষীৰ টোপনি কাঢ়িছে