তিনি পার্বত্য জিলাত বলৱৎ নহয় কা-ইউচিচি, মুখ্যমন্ত্রীৰে আলোচনা সম্পন্ন ডিফু, 15 মাৰ্চ: কা আৰু ইউচিচি বলৱৎ নহয় ৰাজ্যৰ তিনিখনকৈ পার্বত্য জিলাত ৷ পার্বত্য জিলা পূৱ আৰু পশ্চিম কার্বি আংলং আৰু ডিমা হাছাওত কা আৰু ইউচিচি বলৱৎ নহয় বুলি বৃহস্পতিবাৰে জনায় এএছডিচি দলৰ শীর্ষ নেতা জৎছন বে’য়ে । ডিফুস্থিত এএছডিচিৰ মুখ্য কার্যালয়ত আয়োজন কৰা এক সংবাদমেলত এই কথা সদৰী কৰে জৎছন বে’ই ৷
জৎছন বে'ই সংবাদমেল সম্বোধন কৰি কয়, "এএছডিচি, কেএন চি আৰু কেএছএই যুটীয়াভাবে স্বায়ত্ত ৰাজ্যৰ দাবী, তিনি পার্বত্য জিলাত 'কা' আৰু ইউচিচি বলৱৎ নকৰাৰ লগতে অসম-মেঘালয় সীমা সমস্যা সমাধানৰ দাবী জনায় ৷ এই সন্দৰ্ভত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাং, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু কেন্দ্রীয় গৃহমন্ত্রীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় আৰু স্মাৰকপত্র যোগে যোৱা 12 মার্চত অসমৰ মুখ্যমন্ত্রীক সাক্ষাৎ কৰি স্বায়ত্তশাসিত ৰাজ্য সন্দর্ভত দ্বিপাক্ষিক আলোচনা কৰা, সীমা সমস্যা সমাধান আৰু কাৰ লগতে ইউচিচি সন্দর্ভত আলোচনা কৰা হয় ।"
অসম-মেঘালয় সীমা সমস্যা চিবি আইক অর্পণ কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে বুলি সদৰী কৰে বে’য়ে ৷ আনহাতে, ষষ্ঠ অনুসুচীৰ আধাৰত তিনি পার্বত্য জিলাত কা আৰু ইউচিচি বলৱৎ নহয় বুলি প্রতিশ্রুতি প্রদান কৰিছে বুলি জৎজন বে’ই সংবাদমেলত উল্লেখ কৰে । পিজি আৰ-ভিজিআৰ ভূমিত উচ্ছেদ চলাবলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ক্ষমতা আছে কেৱল নিৰাপত্তাৰক্ষীহে অসম চৰকাৰে যোগান ধৰিব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰে বুলি কয় বে’ই ৷
লোকসভা নির্বাচনত বিজেপিক ঐক্যৱদ্ধভাবে পৰাভূত কৰিবলৈ এএছডিচিয়ে কংগ্রেছ আৰু আঞ্চলিক ৰাজনৈতিক দল এপিএইছএলচিৰে মিত্রতাৰ বাবে প্রস্তাৱ দিছিল যদিও দুয়োটা দলে এএছডিচিক নিৰাশ কৰে বুলি বে’ই সংবাদমেলত উল্লেখ কৰে । সেয়ে অহা 20 মার্চত এএছডিচি দলে নিজাববীয়াকৈ ডিফু লোকসভা সমষ্টিৰ বাবে প্রাৰ্থীৰ নাম ঘোষণা কৰিব বুলি কয় এএছডিচিৰ উপ-সভাপতি জৎছন বে'ই ।
লগতে পঢ়ক:এইটো এটা অদৰকাৰী কাম কৰিছে : 'কা' সন্দৰ্ভত মন্তব্য জুবিন গাৰ্গৰ