জয়ন্ত বসুমতাৰীৰ জয়ী হোৱাটো নিশ্চিত-প্ৰমোদ বড়ো (সাংবাদিক) চিৰাং, 2 মে’ : সমাগত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ চিৰাং জিলাৰ নিছিমা পৰিষদীয় সমষ্টিৰ কয়লাময়লা আৰু ৰঞ্চাইধামত বৃহস্পতিবাৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে দলীয় প্ৰাৰ্থী তথা বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ৷
চিৰাং জিলা ইউ পি পি এলৰ উদ্যোগত আয়োজিত সভাত অংশগ্ৰহণ কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে অহা 7 মে'ত লোকসভা নিৰ্বাচনৰ দিনা বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰিবলৈ ৰাইজক আহ্বান জনায় ৷
প্ৰমোদ বড়োৱে লগতে কয় যে, বিটিচিত সকলো জাতি-জনগোষ্ঠীৰ লোকে শান্তিৰে বসবাস কৰিছে ৷ এতিয়া বিটিচিত উন্নয়ন সম্ভৱ হৈছে ৷ পৰৱৰ্তী দিনত ভাৰত ভূটান সীমান্তৰ নিছিমা অঞ্চলৰ যাতায়তৰ অসুবিধা দূৰ কৰিবলৈ বিটিচি প্ৰশাসনে বিশেষ গুৰুত্ব প্ৰদান কৰিব ৷
লগতে ৰঞ্চাইধামৰ ৰাজহুৱা খেলপথাৰত আয়োজিত এই নিৰ্বাচনী সভাত ত্ৰিপুৰাৰ কেবিনেট মন্ত্ৰী শুক্লাচৰণ নাওতীয়াও অংশগ্ৰহণ কৰে ৷ ত্ৰিপুৰাৰ কেবিনেট মন্ত্ৰীগৰাকীয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ হাত শক্তিশালী কৰিবলৈ ৰাইজলৈ আহ্বান জনায় ৷ কেবিনেট মন্ত্ৰীগৰাকীয়ে বাংলা আৰু হিন্দী ভাষাত ভাষণ দি সকলোকে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক বিপুল ভোটত জয়ী কৰিবলৈ আহ্বান জনায় ৷
এই সভাত অংশগ্ৰহণ কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে দেশত পুনৰবাৰ নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ বাবে ৰাইজক আহ্বান জনায় ৷ লগতে প্ৰমোদ বড়োৱে দাবী কৰি কয় যে, জয়ন্ত বসুমতাৰীক লৈ চিন্তা কৰিবলগীয়া নাই ৷ তেওঁ জয়ী হোৱাটো নিশ্চিত হৈছে । এই সভাত বিটিচিৰ পৰিষদীয় সদস্য চাইখং বসুমতাৰী, চিৰাং জিলা ইউ পি পি এলৰ সভাপতি নিৰ্মল কুমাৰ ব্ৰহ্মসহ কেইবাজনো নেতা উপস্থিত থাকে ৷
লগতে পঢ়ক:বজাৰ বন্ধ কৰাক লৈ কিয় খং উঠিল মীৰা বৰঠাকুৰ গোস্বামীৰ ? - Lok Sabha Election 2024