অসম

assam

ETV Bharat / state

ৰাষ্ট্ৰীয় ঘাইপথতেই হুৰহুৰকৈ খহি পৰিল এখন পকী দলং: ইফালেও গাড়ী সিফালেও গাড়ী - BRIDGE COLLAPSES IN JONAI

জোনাইত নিৰ্মাণৰত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ অঘটন । খহি পৰিল এখন বৃহৎ পকী দলং । ঘণ্টা ধৰি আবদ্ধ শ শ যান-বাহন ।

bridge collapses in Jonai
জোনাইত নিৰ্মাণৰত ৰাষ্ট্ৰীয় ঘাইপথত খহি পৰিল পকী দলং (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 19, 2024, 1:58 PM IST

জোনাই :জোনাইত নিৰ্মাণ কৰি থকা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে সংঘটিত হৈছে ভয়ংকৰ অঘটন । ৰাষ্ট্ৰীয় ঘাইপথটোত বৃহস্পতিবাৰে পুৱা খহি পৰে এখন বৃহৎ পকী দলং। ফলত কেইবা ঘণ্টা ধৰি আবদ্ধ হৈ পৰে শ শ যান-বাহন । যাৰ ফলত পথটোৰে যাতায়াত কৰা যাত্ৰীসকলে দুৰ্ভোগ ভুগিবলগা হয় ।

ইফালে পথটোৰ নিৰ্মাণকাৰ্যত জড়িত হাৰিয়ানাৰ কালোৱালা নামৰ পথ নিৰ্মাণকাৰী কোম্পানীটোৰ হেমাহিৰ বাবেই এই ভয়ংকৰ অঘটন সংগঠিত হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে ।

জোনাইত নিৰ্মাণৰত ৰাষ্ট্ৰীয় ঘাইপথত খহি পৰিল পকী দলং (ETV Bharat Assam)

উল্লেখ্য যে ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিখাৰী নদীৰ পকী দলংখনৰ নামনিৰ ফালৰ এক বৃহৎ অংশ বৃহস্পতিবাৰে পুৱা প্ৰায় ১০ বজাত আকস্মিকভাৱে খহি পৰে । ফলত পুৱাৰ ভাগৰে পৰা দূৰ দূৰণিৰ পৰা অহা শ শ যান-বাহন দলঙৰ দুয়োফালে আবদ্ধ হৈ পৰে ।

ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থা হাৰিয়ানাৰ কালোৱালা কোম্পানীয়ে দলঙৰ ৰেলিঙৰ তলত মাটি খন্দাৰ সময়ত দলঙখনক কোনো ধৰণৰ সুৰক্ষা প্ৰদান নকৰাকৈ দলঙৰ তলেদি মাটি খন্দাৰ ফলত এই ঘটনাটো সংঘটিত হয় । আনহাতে, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাটোৰ সম্পূৰ্ণ গাফিলতিৰ ফলতে এনে অঘটন সংঘটিত হোৱা বুলি গুৰুতৰ অভিযোগ তুলিছে আবদ্ধ হৈ পৰা যাত্ৰী তথা বাহন চালকসকলে ।

অৱশ্যে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাটোৱে পথটো মেৰামতিৰ কাম তীব্ৰ গতিৰে আৰম্ভ কৰে যদিও বাতৰি যুগুত কৰাৰ সময়লৈকে সেয়া সম্পূৰ্ণ হৈ উঠা নাই । ফলত পথটোৰ মেৰামতিৰ বাবে কিমান সময় লাগিব তাৰ সঠিক সময় জানিব পৰা হোৱা নাই । ইফালে নদীখনৰ তলেদি সৰু আৰু মজলীয়া বাহন চলাচল কৰিব পৰাকৈ পথ মুকলি কৰা হৈছে যদিও গধুৰ যান-বাহনবোৰ বৰ্তমানো আবদ্ধ হৈ আছে ।

লগতে পঢ়ক :কেইদিনমান আগতে ভাল খবৰ পাইছিলহে ! কিন্তু মুহূৰ্ততে থানবান হৈ পৰিল এটা পৰিয়ালৰ সপোন - 3 KILLED IN CAR ACCIDENT
লগতে পঢ়ক :বনভোজ খালেই জৰিমনা ১০ হাজাৰ ! ফলক দেখিলে চকু কপালত উঠিব আপোনাৰো - ASSAM NAGALAND BORDER

ABOUT THE AUTHOR

...view details