অসম

assam

কাছাৰৰ ভাগাত ভয়ংকৰ দুৰ্ঘটনা; দলং ভাঙি নৈত পৰিল তিনিখন গাড়ী - Bridge Collapse in Cachar

By ETV Bharat Assamese Team

Published : Sep 14, 2024, 2:26 PM IST

Horrific accident in Cachar : কাছাৰৰ ভাগাত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । দলং ভাঙি নৈত পৰে শিলভৰ্তি দুখন ডাম্পাৰসহ এখন চিমেণ্ট বোজাই থখা ট্ৰাক ৷ সৌভাগ্যক্ৰমে হতাহত হোৱা নাই কোনো লোক । অ'ভাৰ লোডৰ বাবে এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

Horrific accident in Cachar
কাছাৰত দলং ভাঙি নৈত পৰিল তিনিখন গাড়ী (ETV Bharat Assam)

কাছাৰ, ১৪ ছেপ্টেম্বৰ :কাছাৰৰ ধলাই ভাগাত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । ভাগা-শেৰখান সংযোগী পথৰ ৰুকনী নৈৰ ওপৰত থকা পকী দলং হঠাৎ ভাঙি নৈত পৰে তিনিখন গাড়ী ।

কাছাৰৰ ভাগাত ভয়ংকৰ দুৰ্ঘটনা; দলং ভাঙি নৈত পৰিল তিনিখন গাড়ী (ETV Bharat Assam)

জানিব পৰা মতে, ভাগা-শেৰখান সংযোগী পথৰ নিৰ্মাণকাৰ্য চলি আছে । এই নিৰ্মাণস্থলীলৈ দুখন ডাম্পাৰে শিল কঢ়িয়াই লৈ যোৱাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয় । শিলভৰ্তি ডাম্পাৰ দুখন ৰুকনী নৈৰ ওপৰত থকা দলং পাৰ হোৱাৰ সময়তে হঠাৎ দলংখন নৈত ভাঙি পৰে ।

আনহাতে, দলংখন ভাঙি যোৱাৰ ফলত ডাম্পাৰ দুখনসহ নৈত পৰে দলঙত ৰখাই থোৱা এখন চিমেণ্ট বোজাই থকা ট্ৰাক । এই ভয়ংকৰ ঘটনাটোৰ পাচত অঞ্চলটোত এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় । ইফালে ঘটনাৰ খবৰ লাভ কৰি ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ বিশাল বাহিনী ৷

ভয়ংকৰ এই দুৰ্ঘটনাটোৰ পাচত এজন ডাম্পাৰ চালক নিখোঁজ হৈ পৰে যদিও পিচত আৰক্ষীয়ে তেওঁক ডাম্পাৰৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে । ঘটনাটোত সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই যদিও অঞ্চলজুৰি তীব্ৰ আতংকৰ সৃষ্টি হয় ।

আনহাতে, দুৰ্ঘটনাটোৰ খবৰ লাভ কৰি নিশাতেই ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ বুজ লয় শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্যই । ইপিনে অতি গুৰুত্বপূৰ্ণ এই দলংখন ভাঙি পৰাত দক্ষিণ ধলাই অঞ্চলৰ প্ৰায় চাৰিখন গাঁৱৰ সৈতে যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বিছিন্ন হৈ পৰিছে । হঠাৎ দলংখন ভাঙি যোৱাত নৈৰ দুয়োপাৰত আৱদ্ধ হৈ পৰে যান-বাহনৰ লগতে শ শ লোক । অৱশ্যে আবদ্ধ লোকসকলক স্থানীয় ৰাইজে টুলুঙা নাৱেৰে পাৰাপাৰৰ ব্যবস্থা কৰি দিয়ে ।

ইফালে স্থানীয় ৰাইজৰ অভিযোগ, "দলঙখনৰ ওপৰেৰে অ'ভাৰ লোড বাহন চলাচলৰ বাবে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে । যি তিনিখন বাহনসহ দলংখন ভাঙি পৰে সেই বাহন তিনিখনত মাত্ৰাধিক সামগ্ৰী বোজাই কৰা আছিল । বাহনকেইখনত হিচাপতকৈ অতিৰিক্ত সামগ্ৰী থকাৰ বাবেই দলংখনে ভাৰ সহ্য কৰি নোৱাৰি নৈত ভাঙি পৰে ।"

আনহাতে, এই ভয়ংকৰ এই দুৰ্ঘটনাৰ বাবে স্থানীয় ৰাইজে আৰক্ষীসহ পৰিবহণ বিভাগক জগৰীয়া কৰে ।

লগতে পঢ়ক :আশাহত মাজুলীবাসী, আধাতে সামৰিলে দলঙৰ কাম - Majuli Jorhat connecting bridge
লগতে পঢ়ক :সোণাপুৰ কচুতলীৰ উচ্ছেদস্থলীত এ আই ইউ ডি এফৰ বিধায়কক প্ৰৱেশত বাধা - Protest Against AIUDF

ABOUT THE AUTHOR

...view details