কলিয়াবৰ, 17 ফেব্ৰুৱাৰী :প্ৰেম নে আন কিবা ! অভিযোগ অনুসৰি, প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে প্ৰেমিকাৰ লগতে প্ৰেমিকাৰ পিতৃ-মাতৃকো ছুৰীৰে আঘাত কৰিলে প্ৰেমিকে ৷ তাৰ পাচতে আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে প্ৰেমিকে ৷ আমি উল্লেখ কৰা এই ঘটনা সংঘটিত হৈছে কলিয়াবৰৰ কুলিডোঙাত ৷ বৰ্তমান আমবাগান আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত প্ৰেমিক ৰাজীৱ দাস ৷
ইফালে অভিযুক্ত ৰাজীৱ দাসৰ পৰিয়ালে সংবাদ মাধ্যমৰ আগত প্ৰদান কৰিছে বিপৰীত ভাষ্য ৷ যুৱতীগৰাকীৰ ঘৰলৈ মাতি নি মাৰপিট কৰি পথত পেলাই থোৱা বুলি ইতিমধ্যে আমবাগান আৰক্ষী চকীত ৰাজীৱ দাসৰ পৰিয়ালে দাখিল কৰিছে এক এজাহাৰ ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত । বৰ্তমান জখলাবন্ধাস্থিত কলিয়াবৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যুৱতীগৰাকী আৰু তেওঁৰ পিতৃ-মাতৃ ৷
ভুক্তভোগী যুৱতীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, বহুবাৰ ৰাজীৱ দাসে তেওঁক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল ৷ আনকি ৰাজীৱ দাসৰ প্ৰেমৰ প্ৰস্তাৱ মানি নল’লে তেওঁক প্ৰহাৰ কৰাৰো ভাবুকি দি আহিছিল ৷ আনদিনাৰ দৰে, শুকুৰবাৰে নিশাও ফোনযোগে ৰাজীৱ দাসে যুৱতীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দিছিল ৷ কিন্তু যুৱতীগৰাকীয়ে এই প্ৰস্তাৱ পুনৰ প্ৰত্যাখ্যান কৰাৰ বাবে খঙৰ ভমকত ৰাজীৱ দাসে নিশাই তেওঁলোকৰ ঘৰত উপস্থিত হৈ ছুৰীৰে সকলোকে আঘাত কৰে ৷