অসম

assam

ETV Bharat / state

ঘোচ লৈ জালত পৰিল গোৱালপাৰাৰ খণ্ড উন্নয়ন বিষয়া - Caught for taking bribe

Matia Development Block: এইবাৰ ঘোচ লৈ হাতে-লোটে ধৰা পৰিল খণ্ড উন্নয়ন বিষয়া ৷ তিনি হাজাৰ টকা ঘোচ লৈ দুৰ্নীতি নিৰ্বাৰক শাখাৰ জালত পৰিল গোৱালপাৰাৰ খণ্ড উন্নয়ন বিষয়া ৷

Matia Development Block
ঘোচ লৈ জালত পৰিল গোৱালপাৰাৰ খণ্ড উন্নয়ন বিষয়া (Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : May 10, 2024, 10:53 PM IST

গোৱালপাৰা, 10 মে’ :ৰাজ্যত অব্যাহত আছে ঘোচখোৰৰ বিৰুদ্ধে অভিযান ৷ শুকুৰবাৰে গোৱালপাৰা জিলাৰ মাটিয়াত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান । অভিযানকালত গ্ৰেপ্তাৰ কৰা হৈছে মাটিয়া খণ্ড উন্নয়ন বিষয়া চহৰ আলী শিকদাৰক ।

জানিব পৰা মতে, শুকুৰবাৰে আবেলি প্ৰফুল্ল কুমাৰ নাথ নামৰ এজন লোকৰ পৰা পঞ্চদশ বিত্তীয় আয়োগৰ শিতানৰ ২০২৩-২০২৪ বৰ্ষৰ দেৱাল নিৰ্মাণৰ কামৰ বাবদ তিনি হাজাৰ টকা উৎকোচ বিচাৰিছিল খণ্ড উন্নয়ন বিষয়া চহৰ আলী শিকদাৰে । প্ৰফুল্ল কুমাৰ নাথে এই বিষয়ে দুৰ্নীতি নিবাৰক শাখাক অবগত কৰে ।

মাটিয়া উন্নয়ন খণ্ড কাৰ্যালয়ৰ খণ্ড উন্নয়ন বিষয়া (ETV Bharat Assam)

লোকজনৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰাক শাখাই পৰিকল্পনা কৰি শুকুৰবাৰে আবেলি মাটিয়া উন্নয়ন খণ্ড কাৰ্যালয়ৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অভিযান চলায় ৷ অভিযান কালত তিনি হাজাৰ টকা উৎকোচ লওঁতে পূৰ্বেই খাপ পিটি থকা দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে খণ্ড উন্নয়ন বিষয়া চহৰ আলী শিকদাৰক ।

ইতিমধ্যে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে চহৰ আলী শিকদাৰক গ্ৰেপ্তাৰ কৰি সোধা-পোছাৰ বাবে পোনে পোনে গুৱাহাটীস্থিত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ মুখ্য কাৰ্যালয়লৈ নিয়ে । জানিব পৰা মতে, দীৰ্ঘদিন ধৰি খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে কাৰ্যালয়ত বহি অবৈধভাৱে ধন সংগ্ৰহ কৰি আহিছে বুলি অভিযোগ উত্থাপিত হৈছে ।

উল্লেখ্য যে, এবছৰ পূৰ্বে মুখ্যমন্ত্ৰী নিবাৰক শাখাই মাটিয়া আৰক্ষী থানাৰ এগৰাকী আৰক্ষীৰ উপ পৰিদৰ্শক আৰু মাটিয়া প্ৰাথমিক শিক্ষা বিষয়াক পৃথকে পৃথকে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰ পিচতে শুকুৰবাৰে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে মাটিয়া উন্নয়ন খণ্ড কাৰ্যালয়ৰ খণ্ড উন্নয়ন বিষয়াগৰাকী ৷

লগতে পঢ়ক:দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ বৰহাট থানাৰ ASI উত্তম শইকীয়া

ABOUT THE AUTHOR

...view details