হায়দৰাবাদ:বিগত কিছুদিন ধৰি ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি কৰি থকা একাধিক বিষয়ক লৈ চৰ্চা আৰম্ভ হৈছে ৷ ইয়াকে লৈ ৰাজনৈতিক-অৰাজনৈতিক সকলো মহলতে চৰ্চা চলিছে ৷ তাৰ মাজতে সোমবাৰে বিতৰ্কিত এই বিষয়সমূহক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম নাগৰিক সমাজে ৷ সংগঠনটোৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক পৰেশ মালাকাৰে সোমবাৰে এক বিবৃতিত কয়-
‘‘অসমত যোৱা কেইদিনমানত ঘটা ঘটনা কিছুমানে আমাক হতবাক কৰিছে । প্ৰথম ঘটনাটোৰ কেন্দ্ৰবিন্দু আছিল গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীএলিজাবেথ কলবাৰ্ণ গগৈ। স্বয়ং মুখ্যমন্ত্ৰীৰ উদ্যোগত কিছুমান মনেসজা অভিযোগত তেওঁলোক দুয়ো পাকিস্তানৰ এজেন্ট বুলি তেওঁলোকৰ বিৰুদ্ধে সামাজিক মাধ্যম আৰু প্ৰচাৰ মাধ্যমৰ যোগেদি এক ভুৱা প্ৰচাৰ আৰু চৰিত্ৰহনন অভিযান চলোৱা হ’ল ।
তাৰ পিছত আমি প্ৰত্যক্ষ কৰিলো সাংসদ, কংগ্ৰেছ নেতাৰকিবুল হুছেইনআৰু তেওঁৰ নিৰাপত্তাৰক্ষীৰ ওপৰত ৰূপহীহাটত চলোৱা শাৰীৰিক আক্ৰমণ । মনত ৰাখিব অকল ৰকিবুল হুছেইনেই নহয়, তেওঁৰ নিৰাপত্তাৰক্ষীকো আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ’ল ।
এই দুটা ঘটনাৰ পিছত আকৌ মুখ্যমন্ত্ৰীয়ে কোনো যুক্তি-অৰ্থ নোহোৱাকৈ আক্ৰমণৰ লক্ষ্য কৰি ল'লে অখিল গগৈৰ পত্নীড৹ গীতাশ্ৰী তামুলীক । এই তিনিওটা ঘটনাক অসমৰ ৰাইজে সমস্বৰে ধিক্কাৰ দিছে । কিন্তু তিনিওটা ঘটনাৰ মাজত এটা মিল আছে ।’’
লগতে পঢ়ক :গীতাশ্ৰী তামুলীয়ে চাকৰি লাভৰ ক্ষেত্ৰত কোন মন্ত্ৰী-বিধায়কে বাধা দিছিল ? ক'লে অখিল গগৈয়ে লগতে পঢ়ক :মুখ্যমন্ত্রীৰ দুই ভাতৃয়ে কেনেকৈ পালে এ পি এছ চিৰ চাকৰি; তদন্তৰ প্ৰত্যাহ্বান অখিল গগৈৰ |
বিবৃতিত আৰু উল্লেখ কৰা হয়, ‘‘গৌৰৱ গগৈ এজন সুচিন্তিত আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী বিৰোধী ৰাজনীতিক । সমগ্ৰ অসমত, বিশেষকৈ উজনি অসমত তেওঁ এজন জনপ্ৰিয় নেতা । আগন্তুক ২০২৬-ৰ নিৰ্বাচনত গৌৰৱ গগৈয়ে যে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব সেইটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে । সেইকাৰণে জনমানসত তেওঁৰ ভাবমূৰ্তি হেয় কৰাৰ এই অপপ্ৰচাৰ ।’’
‘‘ৰকিবুল হুছেইন কংগ্ৰেছৰ এজন শক্তিশালী সংখ্যালঘু নেতা । লোক সভা নিৰ্বাচনত তেওঁ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বীক দহ লাখ ভোটত পৰাজিত কৰি সমগ্ৰ ভাৰতৰ ভিতৰতে এক অভিলেখ সৃষ্টি কৰিছিল ।ৰকিবুল হুছেইনৰ দৰে প্ৰতাপী ৰাজনীতিককে যদি দিন দুপৰত শাৰীৰিকভাৱে এনেকৈ আক্ৰমণ কৰিব পাৰি, তেন্তে আন ৰাজনীতিক কোন কূটা ! অখিল গগৈ এক শক্তিশালী বিৰোধী কন্ঠ । তেওঁ সময়ে সময়ে চৰকাৰৰ কু-কৰ্মৰ স্বৰূপ ৰাইজৰ সন্মুখত উদঙাই দি আছে । গতিকে চলে বলে কৌশলে অখিল গগৈৰ মুখ বন্ধ কৰিব লাগে । সেয়ে অখিল গগৈক লৰাব নোৱাৰি দলীয় ৰাজনীতিৰ লগত কোনো সম্পৰ্ক নথকা শ্ৰীগগৈৰ পত্নী ড৹ গীতাশ্ৰী তামুলীক বিনা কাৰণত আক্ৰমণ আৰু সমালোচনাৰ উপলক্ষ কৰি লোৱা হ’ল ।’’ এনেদৰে বিবৃতিত উল্লেখ কৰে অসম নাগৰিক সমাজ ৷