অসম

assam

ETV Bharat / state

মই মুখত মামৰে ধৰা চামুচ লৈ জন্ম হৈছিলো- বিজুলী কলিতা মেধি - BJP candidate list

Lok Sabha Election 2024: বিজেপিৰ লোকসভাৰ গুৱাহাটী সমষ্টিত কুইন ওজাৰ স্থান ল’লে বিজুলী কলিতা মেধিয়ে ৷ প্ৰাৰ্থিত্ব লাভ কৰি বিজেৰি শীৰ্ষ নেতৃত্বক কৃতজ্ঞতা জ্ঞাপন কৰে মেধিয়ে ৷

bjp-candidate-reaction-in-guwahati
বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধি

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 7:52 PM IST

বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধি

গুৱাহাটী, ৩ মাৰ্চ :"মুখত সোণৰ চামুচ, ৰূপৰ চামুচ নহয়, পিতলৰ চামুচ লৈও মই জন্ম পোৱা নাই । মই জন্ম পাইছো মামৰে ধৰা চামুচ মুখত লৈ ৷" এই মন্তব্য প্ৰকাশ কৰিলে বিজেপিৰ লোকসভাৰ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে ।

প্ৰাৰ্থিত্ব লাভ কৰি বিজুলী কলিতাই দেওবাৰে সংবাদ মাধ্যমৰ আগত কয়, "এসময়ত ঘৰৰ পৰা চেনি, চাহপাতলৈ দলৰ সেৱা আগবঢ়াইছিলো । আটা গুলি পোষ্টাৰ লগাই দলৰ প্ৰচাৰ চলাইছিলো । মোৰ স্বামী আৰু পিতৃৰ বাবেই আজি মই এইখিনি পাইছো । মই যদি পাৰিষদ নহ’লো হয় তেন্তে আজি মই সাংসদৰ প্ৰাৰ্থী নহ’লো হয় । কুইন ওজা মোৰ মাতৃ মই তেওঁৰ জীয়ৰী । কুইন ওজাই মোক শুভেচ্ছা দিছে ৷"

উল্লেখ্য যে, গুৱাহাটীত জন্মগ্ৰহণ পৰা বিজুলী কলিতা মেধি হ’লী চাইল্ডৰ পৰা স্কুলীয়া শিক্ষা আৰম্ভ কৰি সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰি ১৯৯৮ ত বিজেপিত সদস্য হিচাপে যোগদান কৰিছিল । ২০১৩ চনত গুৱাহাটী পৌৰ নিগমৰ পাৰিষদ হিচাপে নিৰ্বাচিত হৈ উপ পৌৰপতি হৈছিল বিজুলী । তদুপৰি তেওঁ বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷

লক্ষণীয় যে, সমাগত লোকসভা নিৰ্বাচন ৷ লোকসভা নিৰ্বাচন ২০২৪ ৰ বাবে শনিবাৰে বিজেপিয়ে ঘোষণা কৰে প্ৰথমখন প্ৰাৰ্থী তালিকা ৷ অসমত ১৪ খন আসনৰ ভিতৰত ১১ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে । আটাইকেইখন আসনতে প্ৰাৰ্থী ঘোষণা কৰে শাসকীয় বিজেপিয়ে । প্ৰাৰ্থিত্বৰ পৰা বৰ্তমানৰ কেবাগৰাকীও সাংসদৰ নাম কৰ্তন কৰা হ’ল ৷ ৫ খন নতুন মুখক প্ৰাধান্য দিছে বিজেপি দলে । এগৰাকী বিফল সাংসদৰূপে চৰ্চিত কুইন ওজাৰ স্থান ল’লে বিজুলী কলিতা মেধিয়ে ৷

লগতে পঢ়ক:লগতে পঢ়ক বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা : অসমৰ ১১গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা

ABOUT THE AUTHOR

...view details