গুৱাহাটী, ৩০ মাৰ্চ:লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি আজি অৰ্থাৎ শনিবাৰে গুৱাহাটীৰ বড়োলেণ্ড অতিথিগৃহত বিজেপি, অগপ আৰু ইউপিপিএলৰ মুখপাত্ৰ, পেনেলিষ্টসকল আৰু সংবাদ বিভাগৰ কৰ্মকৰ্তাসকলৰ এখন যৌথ সভা অনুষ্ঠিত হয় । সভাত সভাপতিত্ব কৰে ইউপিপিএলৰ নেতা ৰঞ্জিত বসুমতাৰীয়ে । আভ্যন্তৰীণ সভাখনত দলৰ বিভিন্ন বিষয় আৰু লোকসভা নিৰ্বাচনৰ ৰণকৌশলসমূহে স্থান পায় । অসমৰ বাক্সা, দৰং আৰু ওদালগুৰি জিলাৰ বাহিৰে আন জিলাসমূহৰ মুখপাত্ৰ, পেনেলিষ্টসকল আৰু সংবাদ বিভাগৰ কৰ্মকৰ্তাসকল উক্ত বৈঠকত উপস্থিত থাকে ।
সভাৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱাই কয়, "বিৰোধী ৰাজনৈতিক দলসমূহে কেৱল মাত্ৰ মিথ্যাচাৰৰ জৰিয়তে জনসাধাৰণৰ কাষৰ চাপিব বিচাৰিছে ৷ এটা ভিত্তিহীন, তথ্যহীন বক্তব্যৰে শাসকীয় দলৰ বিৰুদ্ধে বিভিন্ন অপ্ৰচাৰ চলায় আছে । আমি বিজেপিৰ উন্নয়নৰ ছবি ৰাইজৰ মাজলৈ লৈ যাম । ইয়াৰ বাবে মিত্ৰদলৰ সকলোৱে যৌথভাবে কাম কৰিব ।" জনসাধাৰণৰ কাষৰ চাপিব বিচাৰিছে বুলি উল্লেখ কৰি তেওঁলোকে চৰকাৰৰ ৰিপৰ্ট কাৰ্ড লৈ জনসাধাৰণৰ কাষ চপাৰ কথা ব্যক্ত কৰে বৰুৱাই ।