বিশ্বনাথ, 20 মে’ :1 জুনৰ পৰা বটলিফ ফেক্টৰীসমূহে নলয় কেঁচা চাহপাত ৷ বিপাঙত লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়ক ৷ উল্লেখযোগ্য যে অলপতে অসম বটলিফ টি মেনুফেকছাৰ্ছৰ(এ বি এল টি এম এ) তৰফৰ পৰা এক বাৰ্তাৰ জৰিয়তে 1 জুনৰ পৰা ফেক্টৰী সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে বুলি সদৰী কৰে ৷ যাৰ ফলত অসম তথা বিশ্বনাথ জিলাৰ হাজাৰ হাজাৰ চাহ খেতিয়কৰ মাজত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷ ইয়াকলৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশ্বনাথ জিলাৰ চাহ খেতিয়কসকলৰ মাজত ৷
অসমৰ অন্যতম লাভজনক উদ্যোগ হৈছে চাহ উদ্যোগ ৷ চাহ খেতিৰ জৰিয়তে ৰাজ্যৰ বহু লোকে বাট মোকলাইছে সংস্থাপনৰ ৷ লগতে ৰাজ্যৰ অৰ্থনীতিলৈ ক্ষুদ্ৰ চাহ খেতিয়কে যোগাইছে অভূতপূৰ্ব অৰিহণা ৷ পিচে এই লাভজনক খেতিত চেঁচা পানী ঢালিছে ৰাজ্যৰখনৰ একাংশ বটলিফ ফেক্টৰীৰ মালিক আৰু চৰকাৰে ৷ ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ পাতত অধিক পৰিমাণৰ ৰাসায়নিক পদাৰ্থ থকাৰ আজুহাত দেখুৱাই 1 জুনৰ পৰা কেঁচা চাহপাত নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাত এতিয়া বিপাঙত পৰিছে অসমৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ লগতে বিশ্বনাথ জিলাৰ প্ৰায় 30 হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়ক ৷