তেজপুৰ, ২৮ ফেব্ৰুৱাৰী :তেজপুৰ সাহিত্য সভাৰ উদ্যোগত আৰু বাণ থিয়েটাৰৰ সহযোগত বুধবাৰে বিয়লিৰ পৰা তেজপুৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত হয় নটসূৰ্য্য ফণী শৰ্মা বঁটা প্ৰাপক প্ৰখ্যাত অভিনেতা তথা বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি "ভোলা কলিতা শ্ৰদ্ধাঞ্জলি, স্মৃতিচাৰণ আৰু বঁটা প্ৰদান অনুষ্ঠান" । দক্ষ মঞ্চাভিনেতা, প্ৰসিদ্ধ ভাওনা শিল্পী, বিশিষ্ট ক্ৰীড়াবিদ, ৰাজনীতিক তথা আদৰ্শ কৃষক ভোলা কলিতাৰ ৯৮ সংখ্যক ওপজা দিনটোত পূৰ্বৰ দৰে এইবাৰো আয়োজন কৰা এই অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসনৰ পৰা ডাঃ জাহানাৰা বেগমে প্ৰথমেই ভোলা কলিতাৰ অভিনয় প্ৰতিভা স্মৰণ কৰি নাটশিল্প ক্ষেত্ৰখনৰ ভোলা কলিতা এগৰাকী বটবৃক্ষ সদৃশ আছিল বুলি কৈ এনে এজোপা বটবৃক্ষৰ ছাঁত থাকি আমি উদ্বুদ্ধ হৈ পৰৱৰ্তী সময়ত সেই শিল্পৰ সৈতে জড়িত হৈ পৰিছিলোঁ বুলি মন্তব্য কৰে ।
আনহাতে এই বছৰ ভোলা কলিতা বঁটাৰে বিভূষিত অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ এটি চিনাকী নাম কল্যাণ দে’ই নাটকসমূহত প্ৰাণ প্ৰতিষ্ঠা কৰিছিল বুলি কৈ এগৰাকী আলোক নিয়ন্ত্ৰণ শিল্পী, এগৰাকী পৰিচালক, এগৰাকী প্ৰযোজক হিচাপে তেওঁ আগবঢ়োৱা বৰঙণি অসাধাৰণ বুলি মন্তব্য কৰে । তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা আৰু তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত এই অনুষ্ঠানত ভোলা কলিতাৰ স্মৃতিচাৰণ কৰি বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই এসময়ৰ সকলো পৰম্পৰাগত খেলৰে দক্ষ খেলুৱৈ আৰু আদৰ্শ কৃষক ভোলা কলিতাই ভাওনাৰ সুদক্ষ ভাৱৰীয়া হিচাপে যেনেদৰে তেজপুৰৰ নামঘৰসমূহ সুললিত কন্ঠেৰে এসময়ত জিনি আছিল সেই বিষয়ে উল্লেখ কৰি একেধাৰে এগৰাকী মঞ্চাভিনেতা হিচাপেও বাণ থিয়েটাৰৰ মঞ্চৰ লগতে তেজপুৰৰ সকলো মঞ্চত বলিষ্ঠ অভিনয়ৰে দৰ্শকৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল বুলি কয় ।
আনহাতে বঁটা প্ৰাপক কল্যাণ দে'ৰ আলোক নিৰ্দেশনাৰ যি দক্ষতা সেই দক্ষতা সকলো সময়ৰ বাবে একক আৰু অনন্য দক্ষতা বুলি মন্তব্য কৰে । শিল্পী পেন্সনাৰ বংকিম শৰ্মাই কয় এখন সফল নাটকত পোহৰে কথা কয়, পোহৰে অভিনয় কৰে, পোহৰে গীতো গাই ৷ কল্যাণ দে' এনে এগৰাকী আলোক নিয়ন্ত্ৰণ শিল্পী আছিল যাৰ আলোকেৰে এসময়ৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকসমূহ অধিক জীৱন্ত হৈ উঠিছিল বুলি মন্তব্য কৰে । বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত সন্মানীয় অতিথি ৰূপে অংশ গ্ৰহণ কৰি বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁটে ভোলা কলিতাৰ সান্নিধ্যৰ স্মৃতি সদৰী কৰি তেওঁৰ জৰিয়তেই নাটক আৰু ভাওনাত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল বুলি মন্তব্য কৰে ।