অসম

assam

ETV Bharat / state

পুৰণি দুটকীয়া নোটৰ দৰে হৈছে কংগ্ৰেছৰ অৱস্থা: ভৱেশ কলিতা - Lok Sabha Election

Lok Sabha Election 2024: নগাঁও লোকসভা সমষ্টি দখলৰ বাবে তৎপৰ বিজেপি । সুৰেশ বৰাক উদ্ধাৰ অভিযানত ব্যস্ত বিজেপিৰ নেতা-মন্ত্ৰী । মন্ত্ৰী পীযুষ হাজৰীকা, বিধায়ক ডাঃ নোমল মমিনৰ পিচত নগাঁৱত উপস্থিত বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা । দলীয় কৰ্মীৰে গুৰুত্বপূৰ্ণ বৈঠক ভৱেশ কলিতাৰ । কংগ্রেছক পুৰণি দুটকীয়া নোটৰ সৈতে তুলনা সভাপতিগৰাকীৰ ।

Bhavesh Kalita campaigns for Suresh Bora
নগাঁৱত উপস্থিত ৰাজ্যিক সভাপতি ভবেশ কলিতা

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 7:47 PM IST

নগাঁৱত উপস্থিত ৰাজ্যিক সভাপতি ভবেশ কলিতা

নগাঁও,২১ মাৰ্চ:নগাঁও লোকসভা সমষ্টি দখলৰ বাবে তৎপৰ হৈ পৰিছে বিৰোধী কংগ্ৰেছৰ লগতে শাসকীয় বিজেপি দলো । নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক জয়ী কৰাবলৈ উঠি-পৰি লাগিছে বিজেপিৰ নেতা-মন্ত্ৰীসকল । বিজেপিৰ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ দিনে নিশাই প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ।

ইয়াৰ উপৰি মন্ত্ৰী পীযুষ হাজৰীকা, বিধায়ক ডাঃ নোমল মমিনসহ কেইবাগৰাকী বিধায়কে ইতিমধ্যেই প্ৰচাৰ আৰম্ভ কৰা নগাঁও লোকসভা সমষ্টি দখলৰ ৰণকৌশল কাৰ্যকৰী কৰিবলৈ বৃহস্পতিবাৰে নগাঁৱত উপস্থিত হয় বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা । বৃহস্পতিবাৰে নগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ দলীয় নেতা-কৰ্মীৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ।

দলীয় কৰ্মীৰ সৈতে কৰা বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত কেবাটাও মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপত ভৱেশ কলিতাই । নগাঁও লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ বিজয় নিশ্চিত বুলি উল্লেখ কৰে ভৱেশ কলিতাই । লগতে তেওঁ কয়, "এইবাৰ খিলঞ্জীয়া মুছলমানে ভোট দিব বিজেপিক । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বতে দেশজুৰি সব কা সাথ সব কা বিকাশ নীতি গ্ৰহণ কৰিছে ।"

কংগ্রেছক পুৰণি দুটকীয়া নোটৰ সৈতে তুলনা কৰি বিৰোধী কংগ্রেছক তীব্ৰ কটাক্ষ কৰে ভৱেশ কলিতাই । আনকি কংগ্ৰেছে এই পৰ্যন্ত দুই এক সমষ্টিৰ বাবে প্ৰাৰ্থিত্বই চূড়ান্ত কৰিব পৰা নাই বুলিও কটাক্ষ কৰে কলিতাই । বৃহস্পতিবাৰে নগাঁও জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত হোৱা দলীয় সভাত দলটোৰ নগাঁও জিলা সভাপতি অভিজিৎ নাথৰ লগতে জিলাৰ অন্যান্য নেতা-কৰ্মীও উপস্থিত থাকে ।

লগতে পঢ়ক:চৈধ্যটা সমষ্টিত অৱতীৰ্ণ শাসক-বিৰোধীৰ বহুকেইগৰাকী হেভীৱেইট প্ৰাৰ্থী - Heavyweight Candidates In Assam

ABOUT THE AUTHOR

...view details