অসম

assam

ETV Bharat / state

পুনৰ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ হিচাপে নিৰ্বাচিত ভবেন্দ্ৰ নাথ ডেকা - SANKAR SANGHA PADADHIKAR ELECTION

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আৰু এটা কাৰ্যকালৰ বাবে পদাধিকাৰ হিচাপে নিৰ্বাচিত হৈছে বৰ্তমানৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা ।

SANKAR SANGHA PADADHIKAR ELECTION
পুনৰ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ হিচাপে নিৰ্বাচিত ভবেন্দ্ৰ নাথ ডেকা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 31, 2024, 10:47 PM IST

ৰঙিয়া: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নতুন পদাধিকাৰ হিচাপে নিৰ্বাচিত হৈছে ভবেন্দ্ৰ নাথ ডেকা । ৰঙিয়াৰ মুৰাৰাৰ নিবাসী ড৹ ভবেন্দ্ৰ নাথ ডেকাই বোকাখাত জিলা শাখাৰ ধৰ্মেশ্বৰ হাজৰিকা আৰু কাৰ্বি আংলঙৰ বিৰেণ বৰাক পৰাজিত কৰি ২০২৫-২০২৬ চনৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ হিচাপে নিৰ্বাচিত হয় ।

দেওবাৰে নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া অন্ত পৰাৰ পাছত সোমবাৰে নগাঁৱত ভোটগণনা সম্পন্ন হয় । উক্ত নিৰ্বাচনত ডেকাই ২৫৫৩ টা ভোট লাভ কৰাৰ বিপৰীতে ধৰ্মেশ্বৰ হাজৰিকাই লাভ কৰে ১৫০৩ টা ভোট ৷ আনহাতে বীৰেণ বৰাই লাভ কৰে ৫৬৫ টা ভোট । তেওঁ একেৰাহে দ্বিতীয়বাৰৰ বাবে আৰু সৰ্বমুঠ চতুৰ্থবাৰৰ বাবে সংঘৰ পদাধিকাৰৰ পদ অলংকৃত কৰে ৷

পুনৰ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ হিচাপে নিৰ্বাচিত ভবেন্দ্ৰ নাথ ডেকা (ETV Bharat Assam)

সংঘৰ পদাধিকাৰ হিচাপে নিৰ্বাচিত হৈ ভবেন্দ্ৰ নাথ ডেকাই আগন্তুক দিনত সংঘক নতুন দিশত আগুৱাই নিয়াৰ পৰিকল্পনা প্ৰস্তুত কৰিছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে । গুৰুজনাৰ আদৰ্শ আৰু নীতি মানি জাতি-ধৰ্ম-নিৰ্বিশেষে প্ৰতিজন অসমীয়াকে ওলাই আহিবলৈ আহ্বান জনায় পদাধিকাৰগৰাকীয়ে ।

আনহাতে বিভিন্ন সময়ত সংঘৰ নাম বিতৰ্কত সাঙুৰ খোৱা সম্পৰ্কেও মন্তব্য কৰি নৱনিৰ্বাচিত পদাধিকাৰগৰাকীয়ে কয়, "সংঘ হৈছে এক গণতান্ত্ৰিক অনুষ্ঠান । গঠনমূলক সমালোচনাই সদায় আগুৱাই যাবলৈ সহায় কৰে । শংকৰদেৱ বিশ্ববিদ্যালয়ক আমি প্ৰতিষ্ঠা কৰিছো আৰু বিশ্ববিদ্যালয়খনক যাতে এখন আন্তঃৰাষ্ট্ৰীয় মানসম্পন্ন বিশ্ববিদ্যালয়লৈ উন্নীত কৰিব পাৰো, তাৰ প্ৰচেষ্টা কৰিম ৷"

উল্লেখ্য যে, ১৯৪৪ চনৰ ১ মে’ত নবুকা সত্র জন্মগ্ৰহণ কৰা ডেকাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিভাগত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে ৷ তেওঁ ৰঙিয়া মহাবিদ্যালয়ত ত্রিশ বছৰ শিক্ষকতা কৰাৰ লগতে ৭ বছৰ অধ্যক্ষ পদত কার্যনির্বাহ কৰি ২০০৪ চনত অৱসৰ গ্রহণ কৰে ৷ তেওঁ ১৯৮৩ চনৰ পৰা শ্রীমন্ত শংকৰদেৱ সংঘৰ কার্যনির্বাহকৰ লগত জড়িত ৷

লগতে পঢ়ক:চিত্রশিল্পী দিলীপ তামুলীলৈ ২০২৪ বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা

ABOUT THE AUTHOR

...view details