গুৱাহাটী, ২১ জুলাই :উচ্চ শিক্ষিতা কন্যাৰ প্ৰৱঞ্চনাৰ বাবেই ৰাজপথলৈ ওলাই আহিবলগীয়া হ’ল পূৰ্বতে ONGCত কৰ্মৰত পিতৃ-মাতৃ ৷ ঘৰ-দুৱাৰ, সাঁচতীয়া সা-সম্পত্তি সকলো লুটি নিলে নিজ কন্যাই ৷ যোধপুৰত বিলাসী জীৱন-যাপন কন্যাৰ আৰু গুৱাহাটীৰ পদপথত পিতৃ-মাতৃ ৷
পিতৃ-মাতৃৰ অজ্ঞাতে কন্যাই ফ্লেটৰ নামতো বেংকৰ পৰা লৈছিল ১২ লাখ টকাৰ ঋণ । ঋণ পৰিশোধ কৰিব নোৱৰাত বেংকে ছীল কৰিলে পিতৃ-মাতৃৰ ফ্লেটটো ৷ ফ্লেটো ছীল কৰাৰ লগে লগে উপায়হীন হৈ পৰিছে বৃদ্ধ পিতৃ-মাতৃ ৷ এই হৃদয় কপোৱা ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত ।
নিজৰ একমাত্ৰ জীয়ৰীৰ দ্বাৰাই প্ৰৱঞ্চনাৰ বলি হ’ল এই বৃদ্ধ দম্পতী ৷ নিজ জী-জোঁৱাই মিলি বৃদ্ধ দম্পতীৰ একাউণ্টৰ পৰা লুটি নিলে ৩৮ লাখ টকাৰ লগতে বেংকৰ লকাৰত থকা ৪০ তোলা সোণ । প্ৰৱঞ্চক জী-জোঁৱাই ইয়াতে ক্ষান্ত নাথাকি বৃদ্ধ পিতৃ-মাতৃৰ ফ্লেটৰ নামতো বেংকৰ পৰা লৈছিল ১২ লাখ টকাৰ ঋণ ৷