ধুবুৰী, ২০ আগষ্ট :ধুবুৰীত দেওবাৰে সন্ধিয়া ভাৰতত প্ৰৱেশ কৰা এগৰাকী বাংলাদেশী মহিলাক নিশাতেই বাংলাদেশী কৰ্তৃপক্ষক হস্তান্তৰ কৰা হয় । অৱশ্যে আৰক্ষীয়ে এই সমগ্ৰ বিষয়টো গোপন কৰি ৰাখিব বিচাৰে যদিও মুখ্যমন্ত্ৰীয়ে টুইটযোগে ধৃত মহিলাগৰাকীক হস্তান্তৰ কৰা বুলি ঘোষণা কৰিছে ।
উল্লেখ্য যে দেওবাৰে সন্ধিয়া ধুবুৰীৰ যোগমায়া ঘাটৰ পৰা আটক হৈছিল বাংলাদেশী মহিলাগৰাকী । আটক হোৱাৰ পিছত বাংলাদেশী মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত দিয়ে বিস্ফোৰক স্বীকাৰোক্তি । তেওঁ কয়, "স্বামী ফুকন মণ্ডলসহ ১৭ জনীয়া এটা দল দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাৰ উন্মুক্ত সীমান্তৰে দেওবাৰে নিশা অসমত প্ৰৱেশ কৰো । উন্মুক্ত সীমান্তৰ কঁহুৱাৰ মাজে মাজে খোজকাঢ়ি অহাৰ পিছত নাৱেৰে আমি সীমান্ত পাৰ হওঁ ।"
মহিলাগৰাকীয়ে লগতে জনাই যে তেওঁলোকৰ দলটোক বাংলাদেশৰ জনৈক হালিম আৰু অসমৰ আলী নামৰ দুই দালালৰ নেতৃত্বত বাংলাদেশৰ পৰা অসমত প্ৰৱেশৰ সুবিধা কৰি দিছিল । ইফালে মহিলাগৰাকীক আটক কৰাৰ পিছত তেওঁক বাংলাদেশলৈ ওভতাই পঠোৱা হ'ল যদিও বাকী ১৬ জন বাংলাদেশী নাগৰিক ক'লৈ গ'ল তাক লৈ প্ৰশ্ন উঠিছে ।