অসম

assam

ETV Bharat / state

শুকুৰ আলী মুখ্যমন্ত্ৰীৰ মাকৰ সন্তান : আজমল - Lok sabha Election 2024

Dhubri Lok Sabha Constituency : ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল আৰু বিপিএফ দলৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ প্ৰচাৰ অভিযানৰ মাজতে শুকুৰ আলীক মুখ্যমন্ত্ৰীৰ মাকৰ সন্তান বুলিলে আজমলে ৷

By ETV Bharat Assamese Team

Published : May 3, 2024, 8:36 AM IST

khampha-borgoyari
আজমল আৰু খাম্ফা বৰগয়াৰী প্ৰচাৰ সভা (Etv bharat assam)

আজমল আৰু খাম্ফা বৰগয়াৰী প্ৰচাৰ সভা (Etv bharat assam)

বঙাইগাঁও/বাক্সা, 3 মে’ :‘‘2 নং ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী শুকুৰ আলীক মুখ্যমন্ত্ৰীৰ মাকৰ সন্তান ৷ সেইবাবেই ধুবুৰী লোকসভা সমষ্টিত আজমল আৰু ৰকিবুলতকৈ শুকুৰ আলীক ভোট দিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে ৷’’ এই অভিযোগ এ আই ইউ ডি এফ প্ৰধান তথা ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ ৷

আজমল আৰু ৰকিবুলৰ ৰাজনৈতিক পিতৃ ৰাহুল গান্ধী বুলি মুখ্যমন্ত্ৰীয়ে শেহতীয়াভাৱে মন্তব্য আগবঢ়াইছিল ৷ এই সন্দৰ্ভত বদৰুদ্দিন আজমলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "... তেখেতে সেইটো গালি দিছে ৷ ৰাহুল গান্ধী মোৰ পিতা নহয় ৷ মোৰ পিতাৰ নাম আজমল আলী চাহাব ৷ পুৰা পৃথিৱীয়ে জানে ৷ তেখেত যদি নাজানে এইটো জনাটো ভাল ৷ আমাক এনেকুৱা গালি দিব নালাগে ৷"

প্ৰচাৰ সভাত আজমল (Etv bharat assam)

উল্লেখ্য যে, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে তৎপৰতাৰে নিৰ্বাচনী প্ৰচাৰত লিপ্ত হৈছে প্ৰতিটো ৰাজনৈতিক দল ৷ বৃহস্পতিবাৰে এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে এ আই ইউ ডি এফ প্ৰধান তথা ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে । বঙাইগাঁও জিলাৰ ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত লেংটিছিঙাত অনুষ্ঠিত হোৱা এই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কেতবোৰ বিতৰ্কিত মন্তব্য আগবঢ়ায় এ আই ইউ ডি এফ প্ৰধান তথা ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে ।

আনফালে, বাক্সাত বিপিএফ দলৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীয়ে চলাইছে মাৰাথন নিৰ্বাচনী প্ৰচাৰ । ইখনৰ পাচত সিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে বিপিএফ দলৰ প্ৰাৰ্থীগৰাকীয়ে । বাক্সা জিলাৰ বাক্সা বিধানসভা সমষ্টিৰ অন্তৰ্গত দীঘলদঙাত বৃহস্পতিবাৰে এখন নিৰ্বাচনী সভাত নিৰ্বাচনী প্ৰচাৰ চলায় বিপিএফ দলৰ প্ৰাৰ্থীগৰাকীয়ে ৷

তেওঁ কয়, "কোকৰাঝাৰত বিজেপি দলৰ মন্ত্ৰী-বিধায়কে বাহৰ পাতি থাকিলেও কামত নাহে । ইউ পি পি এল দলক সহায় কৰা বাবে বিটিচিৰ ৰাইজে বেয়া পাইছে বিজেপিক । 70 শতাংশ ভোট লৈ জয়ী হ’ব বিপিএফ দল । বিপিএফৰ শাসন কালত এবছু আৰু ইউ পি পি এল দলে ডিভাইদ আচাম ফিফটি ফিফটিৰে ৰেলপথ, ৰাজপথত ধৰ্ণা দি পৰিৱশ অশান্ত কৰি তোলাৰ লগতে উগ্ৰপন্থীসকলোকো উচতনি দিছিল ।"

ইফালে বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ লগতো ভাল বন্ধুত্ব থকা বুলি উল্লেখ কৰি বিপিএফ দলৰ প্ৰাৰ্থীগৰাকীয়ে শৰণীয়াৰ ৰাজনৈতিক উজ্জ্বল ভৱিষ্যত কামনা কৰে ।

লগতে পঢ়ক:নিজৰেই নিৰ্বাচনী প্ৰচাৰ সভাত অনুপস্থিত আজমল; ক্ষোভ প্ৰকাশ সমষ্টিবাসীৰ - Lok sabha Election 2024

ABOUT THE AUTHOR

...view details