অসম

assam

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 7:30 PM IST

ETV Bharat / state

২২ আগষ্টৰ পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন - Assam Assembly session

Autumn session of Assam Assembly : ২২ আগষ্টৰ পৰা আৰম্ভ হ’ব অসম অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন ৷ অধিৱেশনত উত্থাপিত হ’ব বহুকেইখন বিধেয়ক ৷

Autumn session of Assam Assembly
অসম বিধানসভা (ETV Bharat Assam)

গুৱাহাটী, ২ আগষ্ট : অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন অহা ২২ আগষ্টৰ পৰা আৰম্ভ হ’ব ৷ এই কথা অসম বিধানসভাৰ সচিবালয়ে এক অধিসূচনাৰ জৰিয়তে জনাইছে ৷

সেই অনুসৰি পঞ্চদশ অসম বিধানসভাৰ ২০২৪ বৰ্ষৰ শৰৎকালীন অধিৱেশন ২২ আগষ্টৰ পৰা ৩০ আগষ্টলৈ অনুষ্ঠিত হ’ব ৷ এই সন্দৰ্ভত আগবঢ়োৱা কাৰ্যসূচী অনুসৰি ২২ আগষ্ট বৃহস্পতিবাৰে প্ৰথম দিনাৰ কাৰ্যসূচীত আছে মৃত্যু প্ৰসংগ, প্ৰশ্নসমূহ, ২০২৪ চনৰ শৰৎকালীন অধিবেশনৰ বাবে কাৰ্যসূচী স্থিৰ কৰি কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন সন্দৰ্ভত অধ্যক্ষৰ ঘোষণা, অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ ৯ (১) নিয়মৰ অধীনত সদন পৰিচালনাৰ বাবে মনোনীত সভাপতিসকলৰ নাম সন্দৰ্ভত অধ্যক্ষৰ ঘোষণা ৷

তদুপৰি আছে অধ্যাদেশসমূহ দাখিল কৰা, প্ৰতিবেদন, নিয়মাৱলী ইত্যাদি দাখিল, বিধানসভাৰ বিভিন্ন সমিতিৰ প্ৰতিবেদন উপস্থাপন, বিভিন্ন সমিতি, পৰিষদ আদিলৈ সদস্য নিৰ্বাচনৰ বাবে প্ৰস্তাৱ, ২০২৪-২৫ চনৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবী উপস্থাপন, চৰকাৰী বিধেয়কসমূহ উপস্থাপন আৰু অন্যান্য চৰকাৰী কার্যসূচী ৷ ২৭ আগষ্ট মঙলবাৰে আছে প্ৰশ্নসমূহ, সদস্যৰ সময়, বে-চৰকাৰী সদস্যৰ কার্যসূচী ক্ৰমে বিধেয়কসমূহ, সংকল্প প্ৰস্তাৱসমূহ, বিশেষ প্ৰস্তাৱ ইত্যাদি আৰু অন্যান্য চৰকাৰী কাৰ্যসূচী ৷

২৮ আগষ্ট বুধবাৰে আছে প্ৰশ্নসমূহ, ২০২৪-২০২৫ বৰ্ষৰ পৰিপূৰক মঞ্জুৰীৰ বাবে দাবীসমূহৰ ওপৰত আলোচনা আৰু ভোটদান ৷ তদুপৰি আছে ২০২৪-২৫ বৰ্ষৰ বাকী থকা পৰিপূৰক দাবী মঞ্জুৰীৰ ওপৰত ভোটদান, ২০২৪ চনৰ অসম বিনিয়োজন (নং ৩) বিধেয়কখন উপস্থাপন, বিবেচনা আৰু পাৰিতকৰণ আৰু অন্যান্য চৰকাৰী কাৰ্যসূচী ৷ অধিৱেশনৰ ২৯ আগষ্ট বৃহস্পতিবাৰে প্ৰশ্নসমূহ, চৰকাৰী বিধেয়কসমূহ উপস্থাপন, বিবেচনা আৰু পাতিকৰণ আৰু অন্যান্য চৰকাৰী কাৰ্যসূচী ৷

৩০ আগষ্ট শুকুৰবাৰে অন্তিম দিনাৰ কাৰ্যসূচীত আছে প্ৰশ্নসমূহ, বে-চৰকাৰী সদস্যৰ কাৰ্যসূচী যেনে বিধেয়কসমূহ বিশেষ প্ৰস্তাৱ, সংকল্প প্ৰস্তাৱসমূহ ইত্যাদি, অন্যান্য চৰকাৰী কাৰ্যসূচী আৰু অনিৰ্দিষ্ট কালৰ বাবে সদন স্থগিতকৰণ ৷ উল্লেখ্য যে এইবাৰৰ অধিৱেশনত বহুকেইখন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ’ব ৷

লগতে পঢ়ক :বিধানসভাৰ উপ-নিৰ্বাচনত ব্যৱহাৰ কৰা হ’ব এক বিশেষ এপ্লিকেশ্যন

ABOUT THE AUTHOR

...view details