তিনিচুকীয়া: “সঞ্জয় কিষাণ আউট, ৰূপেশ গোৱালা ইন ৷ ডলাৰ বগৰীৰ দৰে চাহ জনগোষ্ঠীৰ বিধায়কসকলক ব্যৱহাৰ কৰিছে চৰকাৰখনে ৷” এই মন্তব্য সদৌ চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ নেতৃত্বৰ । আজি তিনিচুকীয়াত বিধায়ক সঞ্জয় কিষাণৰ মন্ত্ৰিত্ব কৰ্তনৰ বিৰুদ্ধে সৰৱ হৈ পৰে চাহ জনগোষ্ঠী ছাত্ৰ সন্থা চমুকৈ আটছা ।
এই সন্দৰ্ভত সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ নেতৃত্বই কয়, "চাহ জনগোষ্ঠীৰ কিমানজন বিধায়ক আছে আমি আঙুলিৰ মূৰত গণিব পাৰো ৷ তাৰ পাছতো সঞ্জয় কিষাণৰ মন্ত্ৰিত্ব কৰ্তন কৰিছে । এয়া পদত্যাগ নে প্ৰকৃততে পদত্যাগ কৰিবলৈ বাধ্য কৰা হৈছে সেয়া ৰহস্যৰ আৱৰ্তত । উন্নয়নৰ কথা কোৱা শাসকীয় চৰকাৰখনে জনগোষ্ঠীটোক চৰম প্ৰতাৰণা কৰিছে ।"
তেওঁলোকে পুনৰ কয়, "ৰূপেশ গোৱালক মন্ত্ৰিত্ব প্ৰদান কৰিছে তাক লৈ আমি সুখী, ৰূপেশ গোৱালাক আদৰণি জনাইছো । আগন্তুক দিনসমূহত আমি কৰ্মক্ষেত্ৰত জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে সহযোগিতা কৰিম, কিন্তু সঞ্জয় কিষাণক কৰ্তন কৰি ৰূপেশ গোৱালাক দায়িত্ব দিয়াটো দুখজনক ।"
চাহ জনগোষ্ঠীক চৰম প্ৰতাৰণা কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰি তেওঁলোকে কয়, "ডলাৰ বগৰীৰ দৰে ব্যৱহাৰ কৰিছে চাহ জনগোষ্ঠীৰ বিধায়কসকলক । আমি আশা কৰিছিলো সঞ্জয় কিষাণৰ লগতে আৰু এজনে আমাৰ জনগোষ্ঠীটোৰ পৰা মন্ত্ৰিত্ব লাভ কৰিব । সঞ্জয় কিষাণৰ মন্ত্ৰিত্ব কৰ্তন কৰাক লৈ চাহ জনগোষ্ঠীৰ ৰাইজ মুঠেই সন্তুষ্ট নহয় ৷ গতিকে চৰকাৰে কোৱা সম-উন্নয়নৰ দৃষ্টিৰে চাহ জনগোষ্ঠীক চাবলৈ অনুৰোধ জনাইছো ৷"