ৰঙাপৰা, ৮ জুলাই: শোণিতপুৰ জিলাৰ ৰঙাপৰাত সোমবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) আৰু অসম চাহ জনজাতি মহিলা সমিতি (আটুৱা)য়ে এক প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । শেহতীয়াকৈ ৰঙাপৰাৰ ক'লনী চাহ বাগিচাত সংঘটিত নাৰী নিৰ্যাতনৰ বিৰুদ্ধে আটছাৰ ৰঙাপৰা উপ শাখাৰ উদ্যোগত আৰু আটুৱা, আছু, যুৱ-ছাত্ৰ পৰিষদ আৰু গোৰ্খা ছাত্ৰ সন্থাৰ সহযোগত উলিওৱা হয় এক প্ৰতিবাদী সমদল । দুপৰীয়া ১২ বজাত প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ-ফেষ্টুন লৈ ৰঙাপৰা পৰিদৰ্শন বঙলাৰ পৰা সমদল কৰি চহৰখন পৰিভ্ৰমণ কৰে ।
প্ৰতিবাদকাৰীসকলে 'নাৰী নির্যাতন বন্ধ কৰক','ধৰ্ষণকাৰীক ফাঁচী দিয়ক', 'চাহ বাগিচা অঞ্চলত আইন-শৃংখলা উন্নত কৰক',' ধৰ্ষণকাৰীক কঠোৰ শাস্তি প্ৰদান কৰক' আদি শ্লোগানেৰে ৰঙাপৰাৰ আকাশ-বতাহ কঁপাই তোলে । প্রতিবাদস্থলীত আটছাৰ শোণিতপুৰ জিলাৰ সভাপতি লক্ষেশ্বৰ নিৰ্ধাই কয়,"বিগত কিছুমাহৰ পৰা প্ৰথমতে মাজবাট, তাৰ পাছত পৰ্যায়ক্ৰমে ঢেকিয়াজুলি,ঠেলামৰা আৰু শেহতীয়াকৈ ৰঙাপৰাৰ ক'লনী চাহ বাগিচাত ঘটনাবোৰ সংঘটিত হৈছে । প্ৰতিটো ঘটনাত যুৱতী বা মহিলাসকলৰ ওপৰত নির্যাতন চলোৱা হৈছে । ই আমাৰ সমাজখনৰ বাবে অতি দুর্ভাগ্যজনক ।" ৰঙাপৰাৰ ক'লনী চাহ বাগিচাত এগৰাকী চাহ জনগোষ্ঠীৰ যুৱতীক শ্লীলতাহানিৰ চেষ্টা চলোৱা কাৰ্যক তেওঁ তীব্র ভাষাৰে গৰিহণা দিয়ে ।
জিলাখনত নাৰীৰ ওপৰত নিৰ্যাতন চলাই অহা অভিযুক্তসকলৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি অহাৰ পাচতো এনেধৰণৰ কাৰ্যকলাপ ৰোধ নোহোৱাটো অতি দুর্ভাগ্যজনক বুলি তেওঁ মন্তব্য় কৰে । লগতে সভাপতিগৰাকীয়ে কয় যে জিলাখনত এটা বিশেষ শ্রেণীৰ লোকসকলে এনেধৰণৰ কাৰ্য সংঘটিত কৰি সমাজখন অস্থিৰ কৰি তুলিছে । আমছু বা মুছলমান সম্প্ৰদায়ৰ সমাজ সংগঠনকসমূহক মানসিক বিকাৰগ্ৰস্ত লোকসকলক এটা সঠিক দিশত অনাৰ প্ৰচেষ্টা গ্রহণ কৰিবলৈ আছাই আহ্বান জনাই আহিছে বুলিও তেওঁ মন্তব্য় কৰে ।