ডিব্ৰুগড়,২৬ আগষ্ট :নগাঁও জিলাৰ ধিঙৰ লগতে অসমৰ কেইবাখনো জিলাত নাৰীৰ বিৰুদ্ধে অপৰাধজনিত কেইবাটাও ঘটনা সংঘটিত হোৱা দেখা গৈছে । ইফালে এই ঘটনাবোৰত জড়িত দোষীক কঠোৰ শাস্তিৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদো অব্যাহত আছে । ৰাজ্যত সংঘটিত বিভিন্ন অপৰাধজনিত ঘটনাত মিঞা মুছলমান জড়িত থকাৰো বিভিন্ন পক্ষই দাবী কৰিছে ।
মিঞা বিৰোধী অভিযান
লগে লগে ৰাজ্যত মিঞা বিৰোধী অভিযান আৰম্ভ হৈছে ! ইয়াৰ মাজতে মিঞা মুছলমানক ৭ দিনৰ ভিতৰত উজনি অসম ত্যাগ কৰিবলৈ হুংকাৰ দিছে বিভিন্ন দল-সংগঠনে । শিৱসাগৰ জিলাত ইতিমধ্যে মিঞাৰ বিৰুদ্ধে দল-সংগঠনে অভিযান চলাই থকা সময়তে ডিব্ৰুগড়ত মিঞাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৱে । দেওবাৰে নিশা ডিব্ৰুগড় জিলাৰ মৰাণৰ বিভিন্ন অঞ্চলৰ লগতে খোৱাঙৰ চাৰিলেনযুক্ত পথ নিৰ্মাণত নিয়োজিত শ্ৰমিকৰ অস্থায়ী শিবিৰত উপস্থিত হৈ আটাছুৰ এটা দলে মিঞাক উজনি অসম এৰিবলৈ ৭ দিনৰ সময়সীমা বান্ধি দিলে । সংগঠনটোৱে দাবী কৰা মতে ৭ দিনৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগিব মিঞাই । অন্যথা যিকোনো পৰিস্থিতিৰ সৃষ্টি হোৱাৰ হুংকাৰ দিছে আটাছুৱে ।