গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী : দেশৰ ভিতৰতে অসম চৰকাৰে গ্ৰহণ কৰিছে এক ঐতিহাসিক সিদ্ধান্ত । অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰে অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন (১৯৩৫) খাৰিজ কৰিছে । শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত ৰাজধানী দিশপুৰৰ জনতা ভৱনত অনুষ্ঠিত চৰকাৰখনৰ এক গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
ৰাজ্য চৰকাৰৰ মুখপাত্ৰ তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই চৰকাৰৰ এই সিদ্ধান্তক ইউনিফৰ্ম চিভিল কোডৰ দিশত এক বৃহৎ পদক্ষেপ বুলি অভিহিত কৰে । "এতিয়াৰে পৰা নতুন নিয়মৰ অধীনত মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়নৰ দায়িত্ব জিলা আয়ুক্ত আৰু জিলা পঞ্জীয়কৰ হাতত থাকিব’’ । - মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদৰী কৰে এই কথা ৷
লগতে তেওঁ কয়, ‘‘বাতিল হোৱা আইনৰ অধীনত নিয়োজিত হোৱা ৰাজ্যৰ ৯৪ গৰাকী মুছলমান পঞ্জীয়ককো পদৰ পৰা মুকলি কৰি দিয়া হ'ব ৷ লগতে ২ লাখ টকাকৈ এককালীন ধন তেওঁলোকলৈ আগবঢ়োৱা হ’ব’’ ।
কেবিনেট মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে যে চৰকাৰৰ এই পদক্ষেপে বিশেষকৈ বাল্যবিবাহ নিষিদ্ধ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব । অসম চৰকাৰে এই পুৰণি আইনখন বাতিল কৰাৰ অন্যতম যুক্তি হ’ল যে সেই সময়ৰ অসম প্ৰদেশৰ বাবে বৃটিছৰ দ্বাৰা প্ৰণয়ন কৰা দেশৰ স্বাধীনতাৰ পূৰ্বৰ এক অচল আইন এয়া ৷
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই আইন বাতিল কৰি মহিলাৰ বাবে ১৮ বছৰৰ তলৰ আৰু পুৰুষৰ বাবে ২১ বছৰৰ তলৰ ব্যক্তিৰ বিবাহৰ বিষয়টো সমাধান কৰাৰ বাবে আগবাঢ়িছে অসম চৰকাৰ । ইউনিফৰ্ম চিভিল কোড গৃহীত কৰা প্ৰথমখন ৰাজ্য হিচাপে উত্তৰাখণ্ড পৰিগণিত হোৱাৰ কেইসপ্তাহ মানৰ পিচতে অসম চৰকাৰে লোৱা এই পদক্ষেপে সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছে ।
লগতে পঢ়ক :‘‘১০ চহৰ এক ৰূপায়ণ’’ পৰিকল্পনাত কেবিনেটৰ অনুমোদন
যোৱা ১২ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগত চৰকাৰখনে ইউচিচিৰ সমৰ্থনত কিছু সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমত ইংগিত প্ৰদান কৰিছিল । ২৩ ফেব্ৰুৱাৰীৰ নিশা হিমন্ত বিশ্ব শৰ্মা কেবিনেটে অনুমোদন জনোৱা সিদ্ধান্তসমূহৰ অন্যতম হ’ল - শিক্ষাৰ মাধ্যম হিচাপে অসমৰ 6 টাকৈ জনজাতীয় ভাষাক স্বীকৃতি প্ৰদান ৷
ৰাজ্যখনৰ জনজাতীয় জনগোষ্ঠীৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ স্বাৰ্থত আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ বিধি অনুসৰি মিচিং, ৰাভা, কাৰ্বি, তিৱা, দেউৰী আৰু ডিমাছা ভাষাক বিদ্যালয় শিক্ষাৰ প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাত অনুমোদন কেবিনেটৰ ৷ এই সিদ্ধান্ত মৰ্মে পৰৱৰ্তী সময়ত এটা আঞ্চলিক ভাষাক শিক্ষা গ্ৰহণৰ মাধ্যম হিচাপে গণ্য কৰা হ’ব ৷
এই সিদ্ধান্তই জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয় পৰ্যায়ত নিজৰ ভাষাতে অধ্যয়ন কৰিবলৈ সক্ষম কৰি উপকৃত কৰিব বুলি কেবিনেটে আশা প্ৰকাশ কৰিছে । ইয়াৰ উপৰিও সহযোগী চৰকাৰী ভাষা হিচাপে মণিপুৰী ৰাজ্যৰ ৪খন জিলাত স্বীকৃতি প্ৰদানত অনুমোদন ৰাজ্যিক কেবিনেটৰ ।