অসম

assam

ETV Bharat / state

অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত গুৱাহাটী ! কি কয় বিগত বৰ্ষৰ পৰিসংখ্যাই - CRIME IN GUWAHATI

বিগত বৰ্ষবোৰৰ তুলনাত ২০২৪ বৰ্ষত গুৱাহাটী মহানগৰীত হ্রাস পাইছে অপৰাধৰ সংখ্যা ।

crime in Guwahati
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 8, 2025, 7:59 PM IST

Updated : Jan 8, 2025, 10:47 PM IST

গুৱাহাটী : গুৱাহাটী মহানগৰীত বিগত বৰ্ষবোৰৰ তুলনাত বিগত ২০২৪ বৰ্ষত হ্রাস পাইছে অপৰাধৰ সংখ্যা । মহানগৰ আৰক্ষীৰ তথ্য অনুসৰি, মহানগৰীত মহিলাৰ বিৰুদ্ধে অপৰাধ, চাইবাৰ অপৰাধ, ডকাইতি, হত্যা আদিৰ সংখ্যা কিছু পৰিমাণে হ’লেও হ্ৰাস পাইছে ৷ ২০২২ চনৰ ১০,২২৭ টাৰ পৰা ২০২৪ চনত ৭,৩৩৭ টালৈ হ্রাস হৈছে এনেধৰণৰ অপৰাধৰ ঘটনা । একেদৰে তদন্ত হ'বলৈ বাকী থকা গোচৰৰ সংখ্যা ২০২২ চনৰ ৩২,৬৮৫ টাৰ পৰা ২০২৪ চনত ৪,২৬৮ টালৈ হ্রাস পাইছে ।

আনহাতে, এই দুটা বছৰত মহানগৰ আৰক্ষীয়ে তদন্ত সম্পূৰ্ণ কৰা গোচৰত অভিযুক্তৰ দোষী সাব্যস্তকৰণৰ শতকৰা হাৰ ২১.৬৮ শতাংশৰ পৰা ২৬.০৮ শতাংশলৈ বৃদ্ধি হৈছে । শুকুৰবাৰে সাংবাদিকৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত এই তথ্য সদৰী কৰে এই তথ্য বিদায়ী আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ।

তেওঁ দিয়া তথ্য অনুসৰি, ২০২০ চনত মহানগৰীত গোচৰ ৰুজু হৈছিল ১৭,১০৭ টা । আনহাতে, ২০২৩ চনত ৯,৩৯৫ টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে ২০২৪ চনত ৭,৩৩৭ টা গোচৰ ৰুজু হৈছিল ।

গুৱাহাটী মহানগৰীৰ অপৰাধৰ তথ্য (ETV Bharat Assam)

২০২০ চনৰ পৰা ২০২৪ চনলৈ কিমান চুৰি-ডকাইতিৰ ঘটনা সংঘটিত হৈছে

তেওঁ দিয়া তথ্য অনুসৰি, মহানগৰীত ২০২০ চনত ৫,২৩২ টা চুৰি-ডকাইতিৰ ঘটনা সংঘটিত হৈছিল । ইয়াৰ বিপৰীতে ২০২১ চনত ৬,৪১২ টা, ২০২২ চনত ৩,৬৪৫ টা, ২০২৩ চনত ৩,৭৫২ টা, ২০২৪ চনত ২,৮০০ টা চুৰি-ডকাইতিৰ গোচৰ ৰুজু হৈছে । মহানগৰীত ২০২৪ বৰ্ষত ২০২৩ বৰ্ষৰ তুলনাত হ্ৰাস পাইছে চুৰি-ডকাইতিৰ ঘটনা ।

গুৱাহাটী মহানগৰীৰ অপৰাধৰ তথ্য (ETV Bharat Assam)

২০২০ চনৰ পৰা ২০২৪ চনলৈ মহানগৰীত মহিলাৰ বিৰুদ্ধে কিমান অপৰাধ সংঘটিত হৈছে

গুৱাহাটী মহানগৰীত ২০২৪ চনত ১৯৪ টা মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনা সংঘটিত হৈছে । আনহাতে, ২০২০ চনত ৭৬৯ টা, ২০২১ চনত ৯৮১ টা, ২০২২ চনত ৩৮১ টা, ২০২৩ চনত ৩০৪ টা মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনা সংঘটিত হৈছে ।

গুৱাহাটী মহানগৰীৰ অপৰাধৰ তথ্য (ETV Bharat Assam)

২০২০ চনৰ পৰা ২০২৪ চনলৈ মহানগৰীত কিমান হত্যাকাণ্ড সংঘটিত হৈছে

বিগত বৰ্ষত মহানগৰীত ৬৩ টা হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে । ইয়াৰ বিপৰীতে ২০২০ চনত ৫২ টা, ২০২১ চনত ৬১ টা, ২০২২ চনত ৭৪ টা আৰু ২০২৩ চনত ৬৭ টা হত্যাকাণ্ড সংঘটিত হৈছে ।

গুৱাহাটী মহানগৰীৰ অপৰাধৰ তথ্য (ETV Bharat Assam)

২০২০ চনৰ পৰা ২০২৪ চনলৈ মহানগৰীত কিমান গাড়ীচুৰিৰ ঘটনা সংঘটিত হৈছে আৰু কিমান গাড়ী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে

বিগত বৰ্ষত মহানগৰীত ১,১১৮ খন বাহন চুৰি হৈছিল । ইয়াৰ বিপৰীতে ৩৯০ খন বাহন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । আনহাতে, ২০২৩ চনত ১,০৩২ খন বাহন চুৰি হোৱাৰ বিপৰীতে ১৯৬ খন বাহন উদ্ধাৰ হৈছে । ২০২২ চনত ১,২৪২ খন বাহন চুৰি হৈছিল আৰু ১৬৫ খন উদ্ধাৰ হৈছিল । ২০২১ চনত ১,৬৭১ খন বাহন চুৰি হোৱাৰ বিপৰীতে ৯৩ খন উদ্ধাৰ হৈছিল আৰু ২০২০ চনত ১,১৮২ খন বাহন চুৰি হোৱাৰ বিপৰীতে ৮০ খন বাহন উদ্ধাৰ হৈছিল । আনহাতে, গাড়ীচুৰি চক্ৰৰ লগত জড়িত ঘটনাত ২০২৪ চনত ১৬৮ গৰাকী, ২০২৩ চনত ১৪১ গৰাকী, ২০২২ চনত ১০১ গৰাকী, ২০২১ চনত ৬৫ গৰাকী আৰু ২০২০ চনত ৪৭ গৰাকীক মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

গুৱাহাটী মহানগৰীৰ অপৰাধৰ তথ্য (ETV Bharat Assam)
লগতে পঢ়ক :এডভাণ্টেজ আছাম ২.০: বিনিয়োগকাৰীৰ সন্ধানত বিদেশলৈ যোৱাৰ যো-জা মুখ্যমন্ত্রীৰ - ADVANTAGE ASSAM 2
লগতে পঢ়ক :সুকলমে উভতি আহিবনে ! উদ্ধাৰ অভিযানক লৈ চিন্তিত শ্ৰমিক পৰিয়াল - ASSAM COAL MINE TRAGEDY
Last Updated : Jan 8, 2025, 10:47 PM IST

ABOUT THE AUTHOR

...view details