গুৱাহাটী :অপৰাধীৰ বিৰুদ্ধে পুনৰ চলিল আৰক্ষীৰ বন্দুক । এইবাৰ স্থান যোৰাবাট । দুৰ্ধৰ্ষ বাইক চোৰক লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে । বশিষ্ঠ আৰক্ষীৰ গুলীত আহত বাইক চোৰ । নিশা যোৰাবাটত চলা এক অভিযানৰ মাজতে সংঘটিত হ'ল এই ঘটনা । আৰক্ষীৰ গুলীত আহত বাইক চোৰটো দিব্যজোতি শইকীয়া বুলি জানিব পৰা গৈছে ।
আৰক্ষীৰ এনকাউণ্টাৰ
ঘটনা সন্দৰ্ভত উপ আৰক্ষী আয়ুক্ত মৃণাল ডেকাই কয় , "গুৱাহাটীৰ ছয়মাইলৰ পৰা নিশা বশিষ্ঠ আৰক্ষীয়ে তিনিটা দুৰ্ধৰ্ষ গাড়ী চোৰক আটক কৰিছিল । চোৰকেইটা হৈছে ক্ৰমে অজয় সিং, দিপু টেৰণ, দিব্যজোতি শইকীয়া । দিব্যজোতি শইকীয়া আৰু অজয় সিঙে আৰু অধিক বাইক উদ্ধাৰ কৰি দিম বুলি কৈছিল । সেই সূত্ৰে বশিষ্ঠ আৰক্ষীয়ে নিশা যোৰাবাটৰ তেৰ মাইলত চোৰৰ গেংটোক লৈ অভিযানলৈ গৈছিল ৷ কিন্তু ১৩ মাইলত জংঘলৰ পৰা হঠাৎ একাংশ দুর্বত্তই আৰক্ষীক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিবলৈ ধৰে । তাৰ সুযোগ লৈ আৰক্ষীৰ বেহু ফালি পলাবলৈ চেষ্টা কৰিছিল বাইক চোৰ দিব্যজ্যোতি শইকীয়াই ৷ অৱশ্যে আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ দিব্যজ্যোতি শইকীয়াৰ ভৰিত লক্ষ্য কৰি গুলীচালনা কৰে । আৰক্ষীৰ গুলীত আহত হৈ পৰে দিব্যজ্যোতি শইকীয়া ।"