অসম

assam

ETV Bharat / state

উপ-নিৰ্বাচন: শনি বা দেওবাৰে ঘোষণা হ'ব বিৰোধীৰ প্ৰাৰ্থীৰ নাম

উপ-নিৰ্বাচনক লৈ বিৰোধীৰ গুৰুত্বপূৰ্ণ বৈঠক । বিহালীৰ প্ৰাৰ্থিত্বৰ বাবে ৫জনীয়া কমিটী গঠন ৷ কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা লৈ দিল্লীলৈ জীতেন্দ্ৰ সিং ।

By ETV Bharat Assamese Team

Published : 4 hours ago

Assam Bye Election
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)

গুৱাহাটী: অহা ১৩ নৱেম্বৰত হ’বলগীয়া অসমৰ ৫ টা বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীৰ উমৈহতীয়া মঞ্চ অসম সন্মিলিত মৰ্চাই ৷ নিৰ্বাচনী ৰণকৌশল আৰু প্ৰাৰ্থী চূড়ান্তকৰণৰ বাবে শুকুৰবাৰে গুৱাহাটীত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মৰ্চাৰ অন্তৰ্গত আটাইকেইটা দলৰ নেতৃত্ব ।

বিহালীৰ প্ৰাৰ্থিত্বক লৈ মিলা নাই বিৰোধীৰ মত:

উপ-নিৰ্বাচনৰ বাবে ৫টা সমষ্টিৰ চাৰিটাতে ঐক্যমত্যত উপনীত হৈছে বিৰোধীৰ সকলো দল । বৈঠকৰ পাছত অসম সন্মিলিত মৰ্চাৰ সভাপতি তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, “ বিহালীৰ বাবে প্ৰাৰ্থী ঠিক কৰিবলৈ পাঁচজনীয়া কমিটী গঠন কৰি দিয়া হৈছে ৷ বিহালীৰ প্ৰাৰ্থিত্বক লৈ একমতত উপনীত হ’ব পৰা নাই অসম সন্মিলিত মৰ্চা আৰু কংগ্ৰেছ ৷ সেয়েহে অজিত ভুঞা, অখিল গগৈ, লুৰীণজ্যোতি গগৈ, সুপ্ৰকাশ তালুকদাৰ, জয়ৰাম কাথাৰক দায়িত্ব দি ৫ জনীয়া কমিটীখন গঠন কৰা হৈছে । এই পাঁচজন নেতাৰ নাম দিয়া হৈছে জীতেন্দ্ৰ সিঙক ৷ দিল্লীলৈ গৈ দলৰ হাইকমাণ্ডৰ লগত আলোচনাত মিলিত হ’ব ৷ শনি নাইবা দেওবাৰৰ ভিতৰত ঘোষণা কৰা হ’ব উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম ।”

উপ-নিৰ্বাচন : টঙালি বান্ধিছে বিৰোধীয়ে (ETV Bharat Assam)

দুটা সমষ্টি কংগ্ৰেছৰ পৰা মিত্ৰ দলে বিচাৰিছিল:

অসম সন্মিলিত মৰ্চাৰ শুকুৰবাৰে গুৱাহাটী মহানগৰীত অনুষ্ঠিত সভাখনত অংশগ্ৰহণৰ পাছত লুৰীণজ্যোতি গগৈয়ে কয়," বিৰোধীৰ অসম সন্মিলিত মৰ্চাই দুখন আসন কংগ্ৰেছৰ পৰা বিচাৰিছিল ৷ কিন্তু ৰাইজৰ দলে নিজৰ প্ৰস্তাৱ প্ৰত্যাহাৰ কৰে ৷" লুৰীণজ্যোতি গগৈয়ে পুনৰ কয়,“ উপ-নিৰ্বাচনক লৈ প্ৰতিটো সমষ্টিৰ প্ৰতিটো বিষয়ৰ ওপৰত আলোচনা হৈছে বৈঠকত ৷ এইবাৰ উপ-নিৰ্বাচনৰ বাবে দুটা সমষ্টি কংগ্ৰেছৰ পৰা মিত্ৰদলে বিচাৰিছিল -বঙাইগাঁও আৰু বিহালী । এই দুটা সমষ্টি বিচাৰিছিল মিত্ৰদলে ৷ বঙাইগাঁও সমষ্টিত নিৰ্বাচন খেলাৰ প্ৰস্তাৱৰ পৰা ৰাইজৰ দলে নিজৰ নাম প্ৰত্যাহাৰ কৰিছে ৷”

বিহালী সমষ্টি চি পি আই এমক দিবলৈ অনুৰোধ অখিল গগৈৰ:

বঙাইগাঁও সমষ্টিত উপ-নিৰ্বাচন খেলাৰ প্ৰস্তাৱ অসম সন্মিলিত মৰ্চাৰ বৈঠকত প্ৰত্যাহাৰ কৰি অখিল গগৈয়ে কয় যে বিহালী সমষ্টিটটো চি পি আই এমক এৰি দিবলৈ অনুৰোধ জনাইছে বিৰোধী মিত্ৰ দলে । তেওঁ কয়,“ উপ-নিৰ্বাচনত আমি পাঁচখন আসনৰ দুখন আন দলক দিবলৈ আহ্বান জনাইছিলো ৷ কংগ্ৰেছে বঙাইগাঁও দিবলৈ সন্মত হৈছে । কিন্তু আমি বৃহত্তৰ ইউনিয়নৰ স্বাৰ্থত বিহালী সমষ্টি চি পি আই এমক এৰি দিবলৈ অনুৰোধ জনাইছো ৷ বিপৰীতে কংগ্ৰেছক আমি বঙাইগাঁও এৰি দিছো ৷ আমি সকলোৰে স্বাৰ্থত ত্যাগ কৰিছো ৷” অখিল গগৈয়ে লগতে কয়,“ আজি নিশাৰ ভিতৰত প্ৰতিবেদন প্ৰস্তুত কৰিম ৷ কাইলৈ আমাৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিম ৷ এয়া ১৬ ৰাজনৈতিক দলৰ সিদ্ধান্ত ৷ আজিৰ পাঁচজনীয়া কমিটীয়ে যি সিদ্ধান্ত ল’ব সেয়াই বাহাল থাকিব ৷ সেয়া কোনেও ভংগ কৰিব নোৱাৰে ৷”

ABOUT THE AUTHOR

...view details