অসম

assam

ETV Bharat / state

তন্ত্ৰ-মন্ত্ৰ, বেজালিৰ বিৰুদ্ধে দাখিল হ’ল বিধেয়ক - Pijush Hazarika

Assam Healing Practices Bill: হয়তো খুব সোনকালেই অপৰাধ হিচাপে গণ্য হ’ব বেজালি । ভুৱা প্ৰচাৰেৰে কোনোৱে বিক্ৰী কৰিব নোৱাৰিব দৰৱ । প্ৰকাশ কৰিব নোৱাৰিব তেনে কোনো বিজ্ঞাপন । আইন উলংঘাকাৰীক ১ লাখ টকাৰ জৰিমনাসহ ৫ বছৰৰ কাৰাদণ্ড বিহাৰ ব্যৱস্থা ।

Assam Healing Practices Bill
বেজালিৰ বিৰুদ্ধে বিধেয়ক

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 3:37 PM IST

Updated : Feb 21, 2024, 4:19 PM IST

গুৱাহাটী, ২১ ফেব্ৰুৱাৰীঃ অসমত বন্ধ হোৱাৰ দিশে বেজালি প্ৰথা ৷ চিকিৎসাৰ নামত হিলিং কৰা তথা সন্মোহন নাইবা বেজালি কৰাৰ প্ৰচলিত ব্যৱস্থা নোহোৱা কৰিবৰ বাবে অসম চৰকাৰে আনিছে এখন বিধেয়ক । 'দ্য আছাম হিলিং (প্ৰিভেনশ্যন অফ ইভিল) প্ৰেক্টিচেছ বিধেয়ক-২০২৪’ নামৰ বিধেয়কখন আজি বিধানসভাত দাখিল কৰা হয় ।

উল্লেখ্য যে শেহতীয়া ১০ ফেব্ৰুৱাৰীৰ ৰাজ্যিক কেবিনেটত এই বিধেয়কখন অনুমোদন জনোৱা হৈছিল ৷ ইয়াৰ পিচত আজি বিধানসভাত বিধেয়কখন উত্থাপন কৰা হয় । এই বিধেয়কখন আইনত পৰিণত হ’লে বেজ-বেজালি নাইবা ক’লা যাদুক অপৰাধ হিচাপে গণ্য কৰা হ’ব । ইয়াৰ বাবে ১ লাখ টকাৰ জৰিমনাৰ লগতে ৫ বছৰৰ কাৰাদণ্ড বিহাৰ ব্যৱস্থা কৰা হৈছে ।

বুধবাৰে সদনত এই গুৰুত্বপূৰ্ণ বিধেয়কখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ উত্থাপন কৰে সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই । 'দ্য আছাম হিলিং (প্ৰিভেনশ্যন অফ ইভিল) প্ৰেক্টিচেছ বিধেয়ক-২০২৪’ অনুসৰি কোনেও ভুৱা প্ৰচাৰেৰে বিক্ৰী কৰিব নোৱাৰিব দৰৱ আৰু প্ৰকাশ কৰিব নোৱাৰিব তেনে কোনো বিজ্ঞাপন । এই বিধেয়ক গৃহীত হ’লে উপ-পৰিদৰ্শক পদৰ তলৰ বিষয়াই কৰিব নোৱাৰিব এনে গোচৰৰ তদন্ত । সমগ্ৰ ৰাজ্যতে প্ৰযোজ্য হ’ব এই আইন ।

আনহাতে কু-সংস্কাৰৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব সজাগতা কাৰ্যসূচী । সুস্থ-সবল আৰু বিজ্ঞানমুখী সমাজ গঢ়াৰ স্বাৰ্থতেই এই বিধেয়কখন অনা হৈছে । চিকিৎসাৰ নামত চলি অহা বেজালি নাইবা ঠগবাজি ৰোধ কৰাৰ বাবে অনা এই বিধেয়কখনৰ জৰিয়তে ৰাজ্যখনত অব্যাহত থকা তন্ত্ৰ-মন্ত্ৰৰ বিশাল কাৰবাৰ বন্ধ হ'ব বুলি ধাৰণা কৰা হৈছে ।

লক্ষ্যণীয় বিষয় যে ৰাজ্যখনত তন্ত্ৰ-মন্ত্ৰ তথা বেজালিৰ কু-সংস্কাৰৰ বাবেই ডাইনী কাণ্ডৰ দৰে জঘন্য ঘটনা সংঘটিত হৈ আহিছে । অন্ধবিশ্বাস আৰু কু-সংস্কাৰমুক্ত এখন সুস্থ সমাজ গঢ়াৰ বাবে চৰকাৰে 'দ্য আছাম হিলিং (প্ৰিভেনশ্যন অফ ইভিল) প্ৰেক্টিচেছ বিধেয়ক-২০২৪’ৰ পোষকতা কৰিছে । ইফালে আজি বিধানসভাত আন কেইবাখনো সংশোধনী বিধেয়ক উত্থাপন কৰা হয় ।

উল্লেখ্য যে সদনত 'দ্য আছাম ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন (এমেণ্ডমেন্ট) বিল, ২০২৪’ৰ লগতে 'দ্য আছাম মিউনিচিপাল (এমেণ্ডমেন্ট) বিল, ২০২৪’ও সদনত উত্থাপন কৰা হয় ।

লগতে পঢ়ক:সুদখোৰৰ বাবেই পলাই থাকিবলগীয়া হৈছে ভুক্তভোগী

Last Updated : Feb 21, 2024, 4:19 PM IST

ABOUT THE AUTHOR

...view details