অসম

assam

ETV Bharat / state

সন্ত্ৰাসবাদীৰ শিৰচ্ছেদ কৰি সাহসিকতাৰ প্ৰমাণ দিয়া অসমৰ জোৱানজন - ASSAM BRAVE JAWAN

জম্মুত পাকিস্তানী সন্ত্ৰাসবাদীৰে সংঘৰ্ষত সাহসিকতাৰ প্ৰমাণ দি সেনাৰ মেডেল লাভ কৰিছিল অসমৰ জোৱানজনে ।

Assam Brave Jawan
সন্ত্ৰাসবাদীৰ শিৰচ্ছেদ কৰি সাহসিকতাৰ প্ৰমাণ দিয়া অসমৰ জোৱানজন (ETV Bharat)

By ETV Bharat Assamese Team

Published : Feb 23, 2025, 5:51 PM IST

হাফলং :দেশৰ সুৰক্ষাৰ বাবে দিনে-নিশাই সীমান্তত নিয়োজিত হৈ আছে ভাৰতীয় সেনা আৰু সুৰক্ষা বাহিনী । নিজৰ জীৱন উছৰ্গা কৰি সেনা জোৱানসকলে দেশবাসীৰ সুৰক্ষা নিশ্চিত কৰিছে । আনকি বিভিন্ন সময়ত শত্ৰুক উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছে দেশৰ সেনা জোৱানসকলে । তাৰ ভিতৰত শত্ৰুক প্ৰতিহত কৰি সেনা মেডেল লাভ কৰা অসমৰ ডিমা হাছাও জিলাৰ এগৰাকী জোৱান আছে । তেওঁ হৈছে পূৰ্ণ চন্দ্ৰ গুৰুং । ২০০১ চনত জম্মুৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত নিজৰ খুকুৰিৰে পাকিস্তানী অনুপ্ৰৱেশকাৰীৰ শিৰচ্ছেদ কৰিছিল । এই সাহসিকতাৰ লগতে সেনা বাহিনীত উৎকৃষ্ট কামৰ বাবে ২০০২ চনত সেনা মেডেলো প্ৰদান কৰা হৈছিল পূৰ্ণ চন্দ্ৰ গুৰুঙক ।

উল্লেখ্য যে ১৯৭৫ চনত ডিমা হাছাও জিলাৰ লাইচঙত পূৰ্ণ চন্দ্ৰ গুৰুঙৰ জন্ম হৈছিল । তেওঁ জনোৱা মতে ১৯৯৬ চনত তেওঁ পঢ়া শুনা শেষ হোৱাৰ পিছতে দেশৰ বাবে কিবা এটা কৰাৰ ইচ্ছা কৰিছিল । সেই উদ্দেশ্যে তেওঁ ১৯৯৭ চনত মেঘালয়লৈ গৈ ভাৰতীয় সেনা বাহিনীৰ গোর্খা ৰেজিমেণ্টত যোগদান কৰে । তাৰ পিছত জম্মুৰ পুঞ্চ চেক্টৰত এলঅ'চিত তেওঁৰ পোষ্টিং হয় ।

প্ৰাক্তন সেনা জোৱান পূৰ্ণ চন্দ্ৰ গুৰুং (ETV Bharat)

অসমৰ সাহসী সেনা জোৱান

পুঞ্চ চেক্টৰত নিয়োজিত হৈ থকাৰ সময়তে এক অভিযানৰ কথা স্মৰণ কৰি তেওঁ কয় যে ২০০১ চনত জম্মুৰ একেটা অঞ্চলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক অভিযানত তেওঁ জড়িত আছিল । তেওঁ কয়, "পাকিস্তানী অনুপ্ৰৱেশকাৰীৰ গতিবিধিৰ এক খবৰ পোৱা গৈছিল । তেতিয়া আমি অভিযান চলাইছিলো । অভিযানৰ সময়তে গুলীয়াগুলি হৈছিল ।" তেওঁ উল্লেখ কৰা মতে তেওঁৰ গুলীত দুই সন্দেহযুক্ত সন্ত্ৰাসবাদী নিহত হৈছিল ।

প্ৰাক্তন সেনা জোৱান পূৰ্ণ চন্দ্ৰ গুৰুং (ETV Bharat)

তেওঁ কয়, "গুলীচালনাৰ পিছত সন্ত্ৰাসবাদীৰ দলটো পলায়ন কৰে । আমাৰ এগৰাকী জোৱান শ্বহীদ হয় । গুলীচালনাৰ সময়ত দুটা মোৰ গুলীত নিহত হয় । এজন লোক ঘৰৰ ভিতৰত আছিল । তেতিয়া মই ৰাইফলৰ মেগজিন সলনি কৰাৰ সময়তে লোকজনে মোৰ হাতৰ পৰা ৰাইফলটো কাঢ়ি লৈ যায় । মইও পিছে পিছে খেদি গ'লো । সেই সময়ত দুয়োৰে হতাহতি হয় । তেতিয়া মই তাৎক্ষণিকভাৱে মোৰ খুকুৰি উলিয়াই লোকজনৰ শিৰচ্ছেদ কৰি দিও । তাৰ পিছত মোৰ ৰাইফল, লোকজনৰ একে ৪৭ আৰু ছিন্নমস্তক লৈ মোৰ দলৰ ফালে ৰাওনা হও । যাৰ বাবে মই সেনা মেডেল লাভ কৰিছিলো ।"

প্ৰাক্তন সেনা জোৱান পূৰ্ণ চন্দ্ৰ গুৰুং (ETV Bharat)

পূৰ্ণ চন্দ্ৰ গুৰুঙৰ মতে ইয়াৰ পিছতে তেওঁ ইউএন, ইৰাক, আফ্ৰিকাতো কাম কৰাৰ সুবিধা লাভ কৰে । তেওঁ আফগানিস্তানত ড'গ ট্ৰেইনাৰ হিচাপে কাম কৰিছিল বুলিও উল্লেখ কৰে । সম্প্ৰতি তেওঁ ডিমা হাছাও জিলাখনৰ বাবে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে আৰু ভাৰতীয় সেনাত যুৱপ্ৰজন্মক যোগদানৰ বাবে উৎসাহিত কৰাৰ বাবে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে ।

লগতে পঢ়ক :১৭০৬ চনলৈ ঘূৰি যাব খোজে নেকি ? আহক চৰাইদেউলৈ... - RARE ARTIFACTS IN ASSAM

ABOUT THE AUTHOR

...view details