অসম

assam

পবা সংৰক্ষিত বনাঞ্চললৈ বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা; উৎফুল্লিত দল-সংগঠন - Rain Forest Poba

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 10:22 AM IST

Poba Reserve Forest : ধেমাজি জিলাৰ জোনাই মহকুমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ গাতে লাগি থকা বৰ্ষাৰণ্য পবা বনাঞ্চলখন জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ । ১৯২৪ চনত ব্ৰিটিছৰ শাসনকালতে সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি লাভ কৰা পবা বনাঞ্চলত চৰকাৰী তথ্য মতে ১০,২২১ হেক্টৰ বনভূমিয়ে আগুৰি আছে । অৱশ্যে ধেমাজি জিলাত মুঠ ৯ খন সংৰক্ষিত বনাঞ্চল আৰু কবু চাপৰি নামে এখন প্ৰস্তাৱিত বনাঞ্চল আছে ৷

Poba Reserve Forest
পবা সংৰক্ষিত বনাঞ্চললৈ বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা; উৎফুল্লিত দল-সংগঠন (ETV Bharat Assam)

জোনাই, ৩১ আগষ্ট :অসম বিধান সভাৰ চলিত শৰৎকালীন অধিৱেশনত শুকুৰবাৰে ধেমাজি জিলাৰ জোনাইৰ একমাত্ৰ বৰ্ষাৰণ্য পবাক অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণৰ খবৰত আনন্দ আনন্দ বিৰাজ কৰিছে জোনাইৰ বিভিন্ন দল-সংগঠনৰ মাজত ।

পবা সংৰক্ষিত বনাঞ্চললৈ বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা; উৎফুল্লিত দল-সংগঠন (ETV Bharat Assam)

ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে বৰ্ষাৰণ্য পবাক অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ লোৱাৰ পিচতে উৎফুল্লিত হৈ জোনাইৰ ঙাচাৰ চুক (suko) অকুম প্ৰাংগণত উদযাপন কৰে আৱতৰীয়া দীপাৱলী । বিভিন্ন দল-সংগঠন, ছাত্ৰ-ছাত্ৰী, বেচৰকাৰী সংস্থাৰ সদস্যসকলে ফটকা ফুটাই, মিঠাই বিতৰণ কৰি উদযাপন কৰে আৱতৰীয়া দীপাৱলী ।

এই ক্ষেত্ৰত বিশেষ তৎপৰতা অৱলম্বন কৰি পদক্ষেপ গ্ৰহণ কৰা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, পৰ্যটন তথা বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে বিশেষভাৱে কৃতজ্ঞতা জনায় জোনাইৰ বিধায়ক ভুৱন পেগুক ।

  • পবাৰ ইতিহাস

এশ বছৰ পূৰ্বে ব্ৰিটিছ আমোলতে স্বীকৃতি লাভ কৰা ধেমাজি জিলাৰ জোনাই মহকুমাৰ পবা সংৰক্ষিত বনাঞ্চলক শুকুৰবাৰে বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চল হিচাপে অসম বিধানসভাত স্বীকৃতি প্ৰদানৰ বাবে আগবঢ়া ঘোষণাক আদৰণি জনাইছে জোনাইৰ বিভিন্ন দল-সংগঠনে । জোনাইৰ বিধায়ক ভুৱন পেগুৱে পবা সংৰক্ষিত বনাঞ্চলখনক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিবলৈ উত্থাপন কৰা দাবীৰ প্ৰতি সঁহাৰি জনাই অসম চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিষয়টো অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰে আৰু মুখ্যমন্ত্ৰীয়ে গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰি ইয়াক কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰে ।

  • বনাঞ্চলখনৰ অৱস্থিতি

ধেমাজি জিলাৰ জোনাই মহকুমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ গাতে লাগি থকা বৰ্ষাৰণ্য পবা বনাঞ্চলখন জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ । ১৯২৪ চনত ব্ৰিটিছৰ শাসনকালতে সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি লাভ কৰা পবা বনাঞ্চলত চৰকাৰী তথ্যমতে ১০,২২১ হেক্টৰ বনভূমিয়ে আগুৰি আছে । অৱশ্যে ধেমাজি জিলাত মুঠ ৯ খন সংৰক্ষিত বনাঞ্চল আৰু কবু চাপৰি নামে এখন প্ৰস্তাৱিত বনাঞ্চল আছে ৷

ইয়াৰে বাকী সংৰক্ষিত বনাঞ্চলকেইখন মাটিকালি অনুসৰি হ'ল -

  • গালী বনাঞ্চলত ১২,৯,২৩.৪৪ হেক্টৰ
  • জামজিং বনাঞ্চলত ৯,০৬০০ হেক্টৰ
  • চেঙাজান বনাঞ্চলত ১,৬,৮১.০০ হেক্টৰ
  • আৰচিয়াক ডিমৌ ৬,০৬২.০৫ হেক্টৰ
  • সোৱণশিৰি ১৭,৪,৬৫.২৬ হেক্টৰ
  • জীয়াঢল ১,৮,১৬ হেক্টৰ
  • চিচি ৯,০৬২.৫০ হেক্টৰ
  • চিমেন ৮,৮,১২.৫০হেক্টৰ আৰু
  • প্ৰস্তাৱিত কবু চাপৰি ৯,৪০০ হেক্টৰ ৷

অৱশ্যে বৰ্তমান একমাত্ৰ পবা বনাঞ্চলখনহে জীয়াই আছে ৷ বাকী সকলো জন অৰণ্যত পৰিণত হৈছে ।

  • পৰিৱেশ অধ্যয়নৰ কেন্দ্ৰ পবা বৰ্ষাৰণ্য

ধেমাজি জিলাৰ ভিতৰতে একমাত্র জীৱিত অৱস্থাত থকা বনাঞ্চল পবা বিভিন্ন মূল্যৱান গছ-লতা, দুষ্প্রাপ্য জীৱ-জন্তু, চৰাই-চিৰিকটি, অর্কিড আৰু ঔষধি গছ-লতাৰে সমৃদ্ধিশালী । চিয়াং নদীৰ সমীপতে অৱস্থিত বনাঞ্চলখন বিগত দুটা দশকৰ পূৰ্বৰ পৰায়ে পৰিৱেশ অধ্যয়নৰ আদৰ্শ ক্ষেত্ৰ হিচাপে ব্যৱহাৰ হৈ আহিছে । তদুপৰি, সম্প্ৰতি পবা বনাঞ্চললৈ পৰ্যটকৰ আগমন বৃদ্ধি পোৱা দেখা গৈছে ।

বর্তমান বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত পৰিৱেশ অধ্যয়নক এক বিষয় হিচাপে অন্তর্ভুক্ত কৰি পৰিৱেশ বিজ্ঞানৰ ক্ষেত্ৰ অধ্যয়ন কৰাটো বাধ্যতামূলক হোৱাৰ পৰিপ্ৰেক্ষিতত বৰ্ষাৰণ্য পবা বিভিন্ন ছাত্র-ছাত্রীৰ পৰিৱেশ অধ্যয়নৰ এক আদর্শ ক্ষেত্ৰ হৈ পৰিছে । এইবছৰৰ পবা বনাঞ্চলৰ তিনিমাইল খণ্ডত পৰিৱেশ অধ্যয়ন কৰিবলৈ অহা ছাত্ৰ-ছাত্ৰীৰ দল, সংগঠন আদি অধিক দেখা গৈছে ।

  • বনভোজৰ আকৰ্ষণীয় স্থল

আনহাতে, বিভিন্ন গাঁও আৰু অনুষ্ঠানৰ পৰ্যটকৰ দলে ইয়াত বনভোজ খাবলৈও আহে । বিশেষকৈ চিয়াঙৰ নৈসর্গিক সৌন্দর্য পৰ্যটকক আকৰ্ষণ কৰাৰ আন এক কাৰণ হৈ পৰিছে । বনাঞ্চলখনৰ তিনিমাইল খণ্ডটো চিয়াং নদীৰ সমীপতে হোৱাৰ বাবে ইয়াত বনভোজ খাবলৈ অধিক সুবিধা আছে । তিনিমাইল বনখণ্ড কার্যালয় জোনাই সদৰৰ পৰা প্ৰায় ছয় কিলোমিটাৰ দক্ষিণ-পূব দিশত অৱস্থিত ।

  • পবালৈ কেনেদৰে যাব

জোনাই সদৰৰ পৰা চিয়াং নদীলৈ যাবলৈ বাহিৰ জোনাই গড়কাপ্তানি পথেৰে দক্ষিণ দিশে তিনি কিলোমিটাৰ যোৱাৰ পিছত বাহিৰ জোনাই চাৰিআলি পাব। ইয়াৰ পৰা পুনৰ দক্ষিণ-পূব দিশে চিলে গাঁৱলৈ যোৱা পথেদি প্রায় তিনি কিলোমিটাৰ গ'লে তিনিমাইল বন খণ্ড কার্যালয় পাব পাৰি । ইয়াৰ দাঁতিৰেই চিয়াং নদীখন বৈ গৈছে । চিয়াঙক স্থানীয় ৰাইজে লালী বুলিও কয় । পবা বনাঞ্চলৰ দাঁতিতেই চিয়াং নদীখন বৈ যোৱাত পৰিৱেশটো অধিক মনোৰম হৈছে ।

  • পৰ্যটকৰ বাবে কি কি আছে

বিভিন্ন ঠাইৰ পৰা ভ্ৰমণ কৰিবলৈ অহা পৰ্যটকে চিয়াঙৰ বুকুত নৌকা বিহাৰ কৰিব পাৰে । পবা বনাঞ্চলৰ আভ্যন্তৰত ভ্ৰমণ কৰিবলৈ বন বিভাগৰ দ্বাৰা নিৰ্মাণ কৰা পথেদি সোমাই যোৱাৰ সুবিধা আছে । আনহাতে, পবা ভ্ৰমণ কৰিবলৈ লেকুখণ্ডতো বহু সুবিধা আছে । অৰুণাচল প্ৰদেশৰ গাতে লাগি থকা লেকুখণ্ডটো জোনাইৰ পৰা পাছিঘাটলৈ যোৱাৰ পথত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে অৱস্থিত । ইয়াতো লেকু নদীৰ সৌন্দৰ্য উপভোগ কৰাৰ সুবিধা আছে ।

  • পবাৰ অন্যান্য বৈশিষ্ট্য

এই বনাঞ্চলৰ আন এক বৈশিষ্ট্য হ'ল ইয়াত বিলুপ্তপ্রায় লাজুকী বান্দৰ আছে । লাজুকী বান্দৰ পবাৰ অন্যতম সম্পদ বুলি ক'ব পাৰি । তদুপৰি, পবাত থকা অন্যান্য জীৱ-জন্তুসমূহৰ ভিতৰত সুগৰী পহু, বন গাহৰি, বন কুকুৰা, বান্দৰ, নেউল, সাপ, কেৰ্কেটুৱা, উদ, জহামাল, বনৰৌ, শিয়াল, ভেকুলী, জেঠী, গুঁই, কেটেলা পহু আৰু সৰীসৃপ জাতীয় আদি জীৱ আছে ।

  • বিভিন্ন উদ্ভিদেৰে সমৃদ্ধ পবা

এই বনাঞ্চলৰ আন এক বৈশিষ্ট্য হ'ল ইয়াত মাটিত গজা এবিধ কপৌফুল দেখিবলৈ পোৱা যায় । বসন্তকালত পবা নানাৰঙী অর্কিডেৰে ভৰি পৰে । এই বনাঞ্চলত থকা গছ-গছনিসমূহৰ ভিতৰত হলখ, শিমলু, উৰিয়াম, ঔ-টেঙা, শিলিখা, ভোমোৰা, এজাৰ, নাহৰ, বৰপাত, ভোলা, পাবলি, গমাৰি আদি ।

ইয়াত ঔষধি গুণযুক্ত বনৰীয়া শাক-পাতো পোৱা যায় । ইয়াৰ ভিতৰত নেফাফু, বিহলঙনি, মেছাকী, মেজেঙা, ডিমৰু, টিকনি বৰুৱা, চেংমৰা ইত্যাদি প্ৰধান । ইফালে চিয়াং নদীৰ দক্ষিণ দিশত অৱস্থিত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু পবাৰ পূব দিশত থকা দায়িং ইৰিং বন্যপ্রাণী উদ্যানৰ পৰা অহা বন্যহস্তীৰ দলে প্ৰায়ে পবা বনাঞ্চলত বিচৰণ কৰে ।

  • পৰিভ্ৰমী চৰাইৰ ৰম্যভূমি

আনহাতে, চিয়াঙৰ পাৰত পৰিভ্ৰমী পক্ষীও দেখিবলৈ পোৱা যায় । বছৰৰ অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহলৈ চিয়াঙৰ পাৰত বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী দেখিবলৈ পোৱা যায় । ইয়াৰ ভিতৰত বৰটোকোলা, চিলনী, মাছৰোকা, ডাউক, হেটুলুকা, বালিমাহী, শগুণ আদি প্ৰধান ।

  • মাছৰ ভঁৰাল পবাৰ আৰ্দ্ৰভূমি

পবাৰ গুৰুত্বপূৰ্ণ অংশবোৰৰ ভিতৰত প্ৰাকৃতিকভাৱে সৃষ্ট আৰ্দ্ৰভূমিসমূহ অন্যতম । পবাত থকা বিল, জলাশয়, ডোবা, পিতনি, জলাশয় আদিত কান্দুলি, মাগুৰ, শিঙি, শ’ল, শাল, কুঢ়ি, নগাচেং, গৰৈ, বামি, কুচিয়া, মিছামাছ আদি পোৱা যায়। এনেবোৰ উপাদানৰ বাবেই প্ৰকৃতিপ্ৰেমীয়ে পবা বনাঞ্চলক পৰিৱেশতান্ত্রিক অধ্যয়নৰ আদৰ্শ ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে ।

  • পবাক অভয়াৰণ্য ঘোষণাৰ দাবী

শতিকা গৰকা পবাক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণা কৰি বনাঞ্চলখনক সুৰক্ষিত কৰিবলৈ দীৰ্ঘদিনৰে পৰা জোনাইৰ বিভিন্ন প্ৰকৃতিপ্ৰেমী দল-সংগঠনে দাবী জনাই আহিছে । তেনে সময়তে শুকুৰবাৰে অসম বিধানসভাৰ শৰৎকালীন অধিবেশনত জোনাইৰ বিধায়ক ভুৱন পেগুৱে পবাক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰি ইয়াৰ স্থায়ী সুৰক্ষাৰ বাবে দাবী উত্থাপন কৰাৰ পিচতে টীম গ্ৰীণ জোনাই, ছেভ পবা ৰেইন ফৰেষ্ট, টি এম পি কে, টি এম এম কে, এম এম কে, আছুৰ লগতে জোনাইৰ বিভিন্ন দল-সংগঠন তথা ৰাইজে বিপুল আদৰণি জনাইছে ৷

লগতে বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ মুখ্যমন্ত্ৰীৰ লগত শীঘ্ৰে আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনোৱাত ধেমাজি জিলা তথা জোনাইবাসী ৰাইজে উৎফুল্লিত হৈ পৰিছে ৷ অৱশ্যে এই গুৰুত্বপূৰ্ণ বিষয়টোক যেন মাথোঁ ফাইলতে আবদ্ধ কৰি নাৰাখি শীঘ্ৰে কাৰ্যকৰী কৰে তাৰ বাবেও ৰাইজে আহ্বান জনাইছে ।

লগতে পঢ়ক :পবা সংৰক্ষিত বনাঞ্চল হ’ব ২৫৭.২৯ বৰ্গ কিলোমিটাৰৰ বন্যপ্ৰাণী অভয়াৰণ্য : বিধানসভাত চৰকাৰৰ ঘোষণা - Poba Rain forest
লগতে পঢ়ক :সংৰক্ষিত বনাঞ্চল সন্দৰ্ভত অসমৰ বন বিভাগক সিদ্ধান্ত ল’বলৈ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ - Forest land and wildlife of Assam
লগতে পঢ়ক :কলিয়াবৰত অমৃত বৃক্ষ আন্দোলনৰ বাবে চাৰি লাখ গছপুলিৰে সাজু বন বিভাগ - Amrit Brikshya Andolan 2024

ABOUT THE AUTHOR

...view details