ডিব্ৰুগড়, ২০ জানুৱাৰী : গুৰুজনাই নামঘৰ স্থাপন কৰি সমাজত সম্প্ৰীতি আৰু একতা সৃষ্টিৰ বাবে চেষ্টা কৰিছিল । গুৰুৰ অমৰ বাণী লৈ অৰুণাচল প্ৰদেশৰ সুউচ্চ পাহাৰত নিৰ্মাণ হ'ব গুৰুজনাৰ অপূৰ্ব সৃষ্টি নামঘৰ । ধৰ্মীয় আৰু আধ্যাত্মিক চিন্তাৰে পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰী সৱল কৰাৰ চেষ্টা ।
অৰুণাচল প্ৰদেশৰ দেওমালীৰ সুউচ্চ পাহাৰত এতিয়াৰে পৰা নামঘৰত পুৱা গধূলি চলিব গুৰুজনাৰ গুণানুকীৰ্তন নাম প্ৰসংগ । কিয়নো ৰাজ্য চৰকাৰৰ উদ্যোগত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ দেওমালীৰ সুউচ্চ পাহাৰত নিৰ্মাণ কৰা হ'ব নামঘৰ । নাহৰকটীয়াৰ মেৰবিলৰ শ্ৰীশ্ৰী বাৰেঘৰ চলিহা সত্ৰ আৰু অৰুণাচলৰ দেওমালীৰ নামচাং বস্তিৰ তত্বাৱধানত নিৰ্মাণ হ'বলগীয়া এই নামঘৰৰ শুক্ৰবাৰে আধাৰশিলা স্থাপন কৰা হয় ।
অৰুণাচল চৰকাৰৰ জলসম্পদ বিভাগৰ কেবিনেট মন্ত্ৰী ৱাংকি লৱাঙৰ উপস্থিতিত নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে আনুষ্ঠানিকভাৱে এই নামঘৰৰ আধাৰশিলা স্থাপন কৰে । অৰুণাচলৰ নক্তে জনগোষ্ঠীৰ ৰাজ পৰিয়ালে দান কৰা ৩.৫ বিঘা ভূমিত অসম চৰকাৰৰ ২ কোটি ব্যয়ৰে নিৰ্মাণ কৰা হ’ব এই নামঘৰ ।
নামঘৰৰ লগতে নিৰ্মাণ কৰা হ'ব এক অত্যাধুনিক গেষ্ট হাউছ, আটকধুনীয়া এক তোৰণ, চাৰি সীমাৰ পকী দেৱাল, সত্ৰাধিকাৰৰ এক কক্ষ, নামঘৰীয়াৰ জিৰণিগৃহৰ লগতে স্থাপন কৰা হ'ব পাহাৰ ভৈয়ামৰ সমন্বয়ৰ প্ৰতীক শ্ৰীৰাম আতা নগাৰ নৰোত্তমৰ প্ৰতিমূৰ্তি ।