অসম

assam

ETV Bharat / state

৩০ লাখ মহিলাক লাখপতি বাইদেউ বনোৱাৰ পৰিকল্পনা অসম চৰকাৰৰ - LAKHPATI BAIDEU

মহিলা এছ এইচ জিৰ ব্যৱসায় ৩০০০ কোটি টকালৈ বৃদ্ধি হ'লে ১০ বছৰত ৩০,০০০ কোটি টকাৰ ব্যৱসায়ৰ সম্ভাৱনা আছে ।

Lakhpati Baideu
৩০ লাখ মহিলাক লাখপতি বাইদেউ বনোৱাৰ পৰিকল্পনা অসম চৰকাৰৰ (ANI)

By ANI

Published : Dec 17, 2024, 4:47 PM IST

গুৱাহাটী :অসম চৰকাৰৰ আন এক অভিলাষী পৰিকল্পনা । এইবাৰ ৰাজ্যখনৰ আত্মসহায়ক গোটৰ কমেও ৩০ লাখ মহিলা সদস্যক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে চৰকাৰে । ইয়াৰ বাবে বছৰি ৩০,০০০ কোটি টকাৰ ব্যৱসায় সৃষ্টি কৰাৰ পৰিকল্পনা কৰা হৈছে ।

ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে মহিলা এছ এইচ জিৰ সদস্যসকলক এই লক্ষ্যত উপনীত হোৱাত সহায় কৰিবলৈ পৰৱৰ্তী ১০ বছৰৰ বাবে এক ৰোডমেপ প্ৰস্তুত কৰিছে । ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে এই সন্দৰ্ভত এ এন আইৰ আগত কয় যে এতিয়ালৈকে ৰাজ্যখনত প্ৰায় 8.50 লাখ লাখপতি বাইদেউ আছে । তেওঁলোকে বছৰি 1 লাখ টকাৰ ব্যৱসায় কৰি আছে ।

"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাৰী সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । আমি নাৰীসকলক সবল নকৰালৈকে অসম আগবাঢ়িব নোৱাৰো । আমাৰ মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আৰম্ভ কৰিছে । এছ এইচ জিত প্ৰায় 32 গৰাকীকৈ মহিলা আছে আৰু আমি তেওঁলোকক লাখপতি বাইদেউ বনোৱাৰ চেষ্টা কৰি আছোঁ । এতিয়ালৈকে প্ৰায় 8 লাখ লাখপতি বাইদেউ ৰাজ্যত আছে আৰু আমি ইয়াক 32 লাখলৈকে সম্প্ৰসাৰিত কৰাৰ বাবে কাম কৰি আছোঁ । আমাৰ মুখ্যমন্ত্ৰীয়ে এই ৩২ লাখ মহিলাৰ আটাইকে লাখপতি বাইদেউ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰি আছে ।" ৰণজিৎ কুমাৰ দাসে কয় ।

"যদি আমি সফল হওঁ, এই মহিলাসকলৰ পৰা মুঠ ব্যৱসায় হ'ব বছৰি প্ৰায় ৩,২০০ কোটি টকা । এই অভিযানৰ অধীনত আমি আগন্তুক কেইমাহমানৰ ভিতৰত এছ এইচ জিৰ প্ৰতিগৰাকী সদস্যক 10,000 টকা প্ৰদান কৰিম । পৰৱৰ্তী পদক্ষেপটো হ'ল তেওঁলোকক ১ লাখ টকালৈকে ঋণ লাভ কৰিবলৈ বেংকৰ সৈতে সংযোগ কৰা । আমি ইতিমধ্যে জীৱিকা সখী আৰু গাঁও পঞ্চায়ত সখীক 10,900 স্কুটাৰ বিতৰণ কৰিছোঁ আৰু আমি ইন্ধন ব্যয়ৰ বাবে প্ৰতিমাহে 500 টকা প্ৰদান কৰি আছোঁ । অহা বছৰ আমি 5,000 অতিৰিক্ত স্কুটাৰ বিতৰণ কৰাৰ পৰিকল্পনা কৰিছোঁ ।" তেওঁ লগতে কয় ।

মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে, "কেন্দ্ৰীয় চৰকাৰে আমাক ঘূৰ্ণীয়মান পুঁজি (revolving fund) আৰু মূলধনী ৰাজসাহাৰ্য (capital subsidy) হিচাপে ১,৫৭৭ কোটি টকা দিছে আৰু আমি মহিলা এছ এইচ জিসকলৰ মাজত এই ধন বিনিয়োগ কৰিছোঁ ৷ অসমৰ মুখ্যমন্ত্ৰীয়ে কনকলতা মহিলা সবলীকৰণ যোজনাৰ অধীনত ৪৪৫ কোটি টকা মুকলি কৰিছে ৷ এনেধৰণৰ নিৰন্তৰ সমৰ্থনৰ সৈতে এছ এইচ জিৰ 30 লাখ মহিলা সদস্যই বিত্তীয় স্বাধীনতা লাভ কৰিব আৰু ইয়াৰ দ্বাৰা জি ডি পি বৃদ্ধি হ'ব । যদি ৩০ লাখ মহিলাই প্ৰতিগৰাকীয়ে ১ লাখ টকাকৈ উপাৰ্জন কৰে, তেন্তে ই বছৰি প্ৰায় ৩০০০ কোটি টকা হ'ব ।" মন্ত্ৰী দাসে কয় ।

তেওঁ লগতে উল্লেখ কৰে যে মহিলা এছ এইচ জি সদস্যসকলৰ ব্যৱসায় যদি বাৰ্ষিক ৩,০০০ কোটি টকালৈ বৃদ্ধি হয়, আগন্তুক ১০ বছৰৰ ভিতৰত তেওঁলোকৰ ব্যৱসায় ৩০,০০০ কোটি টকাত উপনীত হ'ব পাৰে । যাৰ ফলত অসমৰ জি ডি পি যথেষ্ট বৃদ্ধি পাব পাৰে ।

আনহাতে, অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছন (এ এছ আৰ এল এম)ৰ দ্বাৰা আয়োজিত আৰু শেহতীয়াকৈ সমাপ্ত হোৱা অসমী সৰস মেলাৰ সফলতাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এইবছৰ মহিলা এছ এইচ জি, উদ্যোগীসকলে তেওঁলোকৰ ১৯.৬৯ কোটি টকাৰ সামগ্ৰী বিক্ৰী কৰিছে ।

"পূৰ্বৰ বছৰত ইয়াৰ পৰিমাণ আছিল প্ৰায় ৮ কোটি টকা আৰু এই বছৰ মহিলা এছ এইচ জি, উদ্যোগীসকলে তেওঁলোকৰ ব্যৱসায় প্ৰায় ১৯ কোটি টকালৈ বৃদ্ধি কৰিছে । আমি প্ৰধানমন্ত্ৰীৰ মন কি বাত, লোকেল ফৰ ভোকেল আৰু ভোকেল ফৰ লোকেলৰ বাবে স্থানীয় স্তৰত প্ৰচাৰ কৰি আছোঁ আৰু মানুহৰ ভাল সঁহাৰি পাইছোঁ । লখিমপুৰ জিলাৰ পূৰ্ণিমা মহিলা আত্মসহায়ক গোটে এই বছৰৰ অসমী সৰস মেলাত তেওঁলোকৰ ১.০৪ কোটি টকাৰ হস্ততাঁত সামগ্ৰী বিক্ৰী কৰিছে । জিলা পৰ্যায়ৰ সৰস মেলাত ডিব্ৰুগড়ত 3 কোটি টকাৰ ব্যৱসায় হৈছিল । প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে মহিলাসকলক সহায় কৰিবলৈ চেষ্টা কৰি আছে আৰু বহুতো পদক্ষেপ গ্ৰহণ কৰিছে ।" ৰণজিৎ কুমাৰ দাসে কয় ।

তেওঁ এইটোও কয় যে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ মহিলাসকলক সবল কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰেও কৃষকসকলৰ উন্নয়নৰ বাবে বিভিন্ন সামগ্ৰীৰ এম এছ পি বৃদ্ধি কৰিছে ।" ৰণজিৎ কুমাৰ দাসে কয় ।

লগতে পঢ়ক :মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাইৰ বাবদ চৰকাৰে ২৩০০ কোটি টকা ব্যয় কৰিছে: বিমল বড়া - MICROFINANCE LOAN WAIVER
লগতে পঢ়ক :স্মাৰ্ট মিটাৰ ইজ এ ছেনচিটিভ মিটাৰ: নতুন শক্তিমন্ত্ৰীৰ সংজ্ঞা - PRASANTA PHUKANS ON SMART METER

ABOUT THE AUTHOR

...view details