গুৱাহাটী/তেজপুৰ, ২৩ মে': ৰাজ্যত গ্ৰীষ্মদাহ ৷ ৰাজ্যখনত দৈনিক পাৰাস্তম্ভ বৃদ্ধি পোৱাৰ ফলত একপ্ৰকাৰ স্থৱিৰ হৈ পৰিছে দৈনন্দিন জনজীৱন ৷ চলিত বৰ্ষত মে' মাহতেই জুন-জুলাই মাহৰ নিচিনাকৈ তাপমাত্ৰা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে ৷
বৰষুণৰ সম্ভাৱনা (etv bharat assam) এইবাৰ ৰাজ্যত পুনৰ উৎকট গৰমৰ আগজাননী দিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । অহা ৭২ ঘন্টাৰ ভিতৰত অসমৰ প্ৰায়বোৰ ঠাইতে উৎকট গৰম আৰু আদ্ৰতা বেছি হ’ব বুলি সদৰী কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।
বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি, বৃহস্পতিবাৰে দিনৰ ভাগত অসমৰ প্ৰায়বোৰ ঠাইতে সৰ্ব্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈ ৫.৭ ডিগ্ৰী চেলছিয়াছতকৈ অধিক হয় । যোৱা ২৪ ঘণ্টাত অসমৰ দুই এঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হৈছিল । এই সময়ছোৱাত সর্বোচ্চ তাপমাত্রা স্বাভাৱিকতকৈ ৫.০ ডিগ্রী চেলছিয়াছ বা তাতকৈ বেছি আছিল আৰু সৰ্বনিম্ন তাপমাত্রা স্বাভাৱিকতকৈ ১.৬ ডিগ্রী চেলছিয়াছৰ পৰা ৩.১ ডিগ্ৰী চেলছিয়াছ বেছি আছিল ।
বতৰৰ বতৰা (etv bharat assam) বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, ৰাজ্যত বৃহস্পতিবাৰৰ ন্যুনতম তাপমাত্ৰা লখিমপুৰত ২১.৮ ডিগ্ৰী চেলছিয়াছ আৰু বুধবাৰৰ দিনটোত সৰ্বাধিক তাপমাত্রা ওদালগুৰি জিলাৰ মাজবাটত ৩৯.৮ ডিগ্রী চেলছিয়াছলৈ বৃদ্ধি হৈছিল ৷
বতৰৰ বতৰা (etv bharat assam) আনহাতে, বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা অনুসৰি, অহা ২৬ আৰু ২৭ মে'ত অসমৰ দুই এঠাইত ঘণ্টাত ৩০-৪০ কি: মি: গতিবেগত বতাহৰ সৈতে প্ৰবল বৰষুণ হোৱাৰ লগতে অহা ২৭ মে’ত অসমৰ দুই এঠাইত ঘণ্টাত ৪০-৫০ কি: মি: গতিবেগত বতাহৰ সৈতে প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ৷ বিভিন্ন ঠাইত ধুমুহা/বিজুলী আৰু বতাহৰ সম্ভাৱনা অতি বেছি ৷ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই কমলা ৰঙৰ সতৰ্কতা জাৰি কৰিছে ৷
বতৰৰ বতৰা (etv bharat assam) এই সময়ছোৱাত ৰাজ্যৰ সৰ্বাধিক তাপমাত্ৰা ৩৫ ডিগ্ৰী চেলছিয়াছ ৷ বৃহস্পতিবাৰে মাজবাটত ৩৯.৮ ডিগ্ৰী চেলছিয়াছ , লামডিঙত ৩৯.৪ ডিগ্ৰী চেলছিয়াছ, ডিব্ৰুগড় চহৰত ৩৯.৪ ডিগ্ৰী চেলছিয়াছ, ডিফুত ৩৯.৩ ডিগ্ৰী চেলছিয়াছ, কামপুৰত ৩৮.১ ডিগ্ৰী চেলছিয়াছ , গুৱাহাটীত ৩৭.৬ ডিগ্ৰী চেলছিয়াছ , লখিমপুৰত ৩৭.৬ ডিগ্ৰী চেলছিয়াছ , তেজপুৰত ৩৭.৫ ডিগ্ৰী চেলছিয়াছ, শিলচৰত ৩৭.২ ডিগ্ৰী চেলছিয়াছ, গুৱাহাটী বিমানবন্দৰত ৩৬.৫ ডিগ্ৰী চেলছিয়াছ, গোলাঘাটত ৩৬.০ ডিগ্ৰী চেলছিয়াছ, যোৰহাটত ৩৫.৭ ডিগ্ৰী চেলছিয়াছ, কৰিমগঞ্জত ৩৫.৬ ডিগ্ৰী চেলছিয়াছ, শিলচৰত ২৬.৮ ডিগ্ৰী চেলছিয়াছ , গোৱালপাৰাত ২৬.৬ ডিগ্ৰী চেলছিয়াছ, বৰপেটাত ২৬.৪ ডিগ্ৰী চেলছিয়াছ , মাজবাটত ২৬.০ ডিগ্ৰী চেলছিয়াছ, বঙাইগাঁৱত ২৬.০ ডিগ্ৰী চেলছিয়াছ , তেজপুৰত ২৫.৭ ডিগ্ৰী চেলছিয়াছ , ডিব্ৰুগড়ত ২৫.৬ ডিগ্ৰী চেলছিয়াছ , লামডিঙত ২৫.৫ ডিগ্ৰী চেলছিয়াছ , ডিব্ৰুগড় বিমানবন্দৰত ২৫.২ ডিগ্ৰী চেলছিয়াছ, হাফলঙত ২৫.২ ডিগ্ৰী চেলছিয়াছ, সোণাপুৰত ২৪.৭ ডিগ্ৰী চেলছিয়াছ , যোৰহাটত ২৩.৭ ডিগ্ৰী চেলছিয়াছ হয় গৰমৰ মাত্ৰা ৷
লগতে পঢ়ক:কেইদিনমানলৈ চাটি-ফুটি কৰিব নালাগে গৰমত; বিজুলী-ঢেৰেকনিৰে আহিব বৰষা - Weather forecast