গুৱাহাটী, ১৬ জুলাই :ক্ৰমাৎ ৰাজ্যৰ সামগ্ৰিক বান পৰিস্থিতি উন্নত হৈছে । ৰাজ্যৰ প্ৰায়বোৰ জিলাতে বানৰ প্ৰকোপ কমিবলৈ ধৰিছে ৷ ইয়াৰ মাজতে ধুবুৰী আৰু নগাঁও জিলাত যোৱা ২৪ ঘণ্টাত তিনিজন লোকে বানত প্ৰাণ হেৰুৱাইছে । এই তিনিজনকে ধৰি বৰ্তমান পর্যন্ত বানত মৃত্যু হোৱা লোকৰ সংখ্যাই ৯৬ ৰ ঘৰ স্পৰ্শ কৰিছে ।
অৱশ্যে ব্ৰহ্মপুত্ৰৰ জলস্তৰ নিমাতীঘাট, তেজপুৰ, ধুবুৰীত, বুঢ়ীদিহিং-খোৱাঙ, দিচাং নঙলামূৰাঘাটত এতিয়াও বিপদ সীমাৰ ওপৰেৰে বৈ আছে । উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনৈসমূহৰ পানী ক্ৰমান্বয়ে কমিবলৈ আৰম্ভ কৰাত যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত বানাক্ৰান্ত জিলাৰ সংখ্যা ১৮ খনৰ পৰা ১৭ খনলৈ হ্ৰাস পাইছে ।
লগতে পঢ়ক :পথাৰত গেলিছে ফচল, পাচলিৰ খেতিপথাৰলৈ চাই কৃষকৰ হুমুনিয়াহ - Assam Flood 2024
বানৰ প্ৰকোপ কমিলেও ৰাজ্যৰ বিভিন্ন জিলাত বানাক্ৰান্ত লোকৰ দুখ-দুৰ্দশাৰ অন্ত পৰা নাই । এতিয়াও বন্যাৰ্তসকল বহু সমস্যাৰ সন্মুখীন হৈ আছে । বহুলোক এতিয়াও আশ্ৰয় শিবিৰতে আছে । শেহতীয়াকৈ ১১৬ টা আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে বহু বানাক্ৰান্তই ।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই প্ৰকাশ কৰা শেহতীয়া তথ্য মতে, ৰাজ্যৰ ১৭ খন জিলাৰ ৪৯ টা ৰাজহ চক্ৰৰ ১১৩২ খন গাঁৱৰ ৫.১২ লাখ লোক বানৰ কবলত আছে । দেওবাৰৰ তুলনাত আক্ৰান্তৰ সংখ্যা কিছু হ্ৰাস পাইছে । এতিয়াও প্ৰায় ২৩ হেজাৰ লোক বিভিন্ন আশ্ৰয় শিবিৰত আছে । বহু বানাক্ৰান্তই আশ্ৰয় শিবিৰৰ পৰা নিজৰ ঘৰলৈ ঘূৰি যোৱাৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ।
পানী কমিলেও মাৰ যোৱা নাই বানৰ সংহাৰ (ETV Bharat Assam) ইপিনে গুৱাহাটীৰ বৰঝাৰত থকা বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা তথ্য মতে, অহা ১৭ জুলাইকৈ ৰাজ্যত অধিকাংশ ঠাইতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । লগতে একাংশ জিলাত প্ৰবল বৰষুণ হোৱাৰ কথাও গুৱাহাটীৰ বৰঝাৰত থকা বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে । এই সময়ছোৱাত ৰাজ্যৰ একাংশ জিলাত ৭ মিলিমিটাৰ পৰা ১০ মিলিমিটাৰত বৰষুণ হোৱাৰ সম্ভাৱনা গুৱাহাটীৰ বৰঝাৰত থকা বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে ৷
লগতে পঢ়ক :জলসম্পদ মন্ত্ৰীৰ পদত্যাগ দাবী চিপিআই এম নেতা সুপ্ৰকাশ তালুকদাৰৰ - Assam Flood 2024
আনহাতে, অসমৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে । অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত ৰাজ্যখনক সহায় কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা সম্ভৱপৰ সকলো সহায়-সহযোগিতা কৰাৰ কথা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সদৰী কৰে ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই Xৰ এটা পোষ্টত কয়, ‘‘কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ আজি পুৱা মোক টেলিফোন কৰে । অসমৰ বানৰ বিষয়ে তেওঁক এটি বিৱৰণ দাঙি ধৰো ৷ অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত ৰাজ্যখনক সহায় কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা সম্ভৱপৰ সকলো সহায়-সহযোগিতা কৰাৰ কথা তেওঁ পুনৰ ব্যক্ত কৰিছে ।"
লগতে পঢ়ক :এতিয়াও পানীৰ তলত ৰাজ্যৰ ১৮ খন জিলা; মৃতকৰ সংখ্যা ৯৩ লৈ বৃদ্ধি - Assam Flood 2024