অসম

assam

ETV Bharat / state

২৮ খন জিলাৰ ৩৪৪৬ খন গাঁও এতিয়াও বানৰ কবলত; দেওবাৰে বানে প্ৰাণ ল’লে ৮ গৰাকীৰ - Assam Flood 2024

Daily Flood report : আজিও অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি ৷ শেহতীয়াকৈ পুনৰ ৮ জন লোকৰ মৃত্যু হোৱাৰ পিচত ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৬ লৈ বৃদ্ধি পাইছে ৷

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 9:28 AM IST

Assam continues face fury of flood with 8 deaths taking toll to 66 more than 22 lakh affected
আজিও অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি (ETV Bharat Assam)

গুৱাহাটী, ৮ জুলাই :এতিয়াও ৰাজ্যৰ ২৮ খন জিলাত বানৰ তাণ্ডৱ অব্যাহত আছে । ইপিনে বানত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰতিদিনে উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে । দেওবাৰে অসমত বানত মৃত্যু হৈছে ৮ জনৰ । ধুবুৰী আৰু নলবাৰীত দুজনকৈ; কাছাৰ, ধেমাজি, গোৱালপাৰা আৰু শিৱসাগৰত এজনকৈ লোকৰ মৃত্যু হৈছে । মৃত্যু হোৱা সকলৰ ভিতৰত এগৰাকী মহিলাও আছে ।

বানত মৃত্যু হোৱা লোককেইজন ধুবুৰী জিলাৰ বিলাসীপাৰা আৰু আথানি, গোৱালপাৰা জিলাৰ মাটিয়া, নলবাৰী জিলাৰ বৰক্ষেত্ৰী, ধেমাজি জিলাৰ গোগামুখ, কাছাৰ জিলাৰ শিলচৰ আৰু শিৱসাগৰ জিলাৰ শিৱসাগৰ ৰাজহ চক্ৰৰ বুলি জানিব পৰা গৈছে । দেওবাৰৰ দিনটোত মৃত্যু হোৱা ৮ জনক লৈ এইবাৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৬ লৈ বৃদ্ধি পালে ।

২৮ খন জিলাৰ ৩,৪৪৬ খন গাঁও বানৰ কবলত :

ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে দেওবাৰে বিয়লি সদৰী কৰা তথ্য মতে, ৰাজ্যৰ ২৮ খন জিলাৰ তিনি সহস্ৰাধিক গাঁও এতিয়াও বানত বুৰ গৈ আছে । বানৰ ফলত প্ৰভাৱিত হৈ আছে ২২ লক্ষাধিক লোক । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা মতে, ২৮ খন জিলাৰ ৯৭ টা ৰাজহ চক্ৰৰ ৩,৪৪৬ খন গাঁও সম্প্ৰতি বানত বুৰ গৈছে ।

লগতে পঢ়ক :অপৰিৱৰ্তিত বান পৰিস্থিতি: ৰাজ্যৰ প্ৰায় ২৪ লাখ লোক ক্ষতিগ্ৰস্ত, মৃত্যুৰ সংখ্যা ৫৮ লৈ বৃদ্ধি - Assam Flood 2024

২২ লাখ ৭৪ হেজাৰ ২৮৯ জন লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈ আছে । আনহাতে, ৬৮,৪৩২ হেক্টৰ কৃষিভূমি বানত বুৰ গৈছে । ৰাজ্যৰ ৬৩০ টা আশ্ৰয় শিবিৰ আৰু সাহায্য কেন্দ্ৰত ৩ লাখ ৬৯ হেজাৰ ৯ জন বানাক্ৰান্তই আশ্ৰয় গ্ৰহণ কৰি আছে । চৰাইদেউ আৰু ডিব্ৰুগড় জিলাত ৬৯ জনক বানৰ কবলৰ পৰা উদ্ধাৰ কৰে এন ডি আৰ এফ, এছ ডি আৰ এফ বাহিনীয়ে ।

কেন্দ্ৰীয় জল আয়োগৰ তথ্য :

ইপিনে কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি নিমাতীঘাট, তেজপুৰ আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ, চেনিমাৰীত বুঢ়ীদিহিং, শিৱসাগৰত দিখৌ, নঙলামূৰা ঘাটত দিচাং, নুমলীগড়ত ধনশিৰি, ধৰমতুলত কপিলী, গোলোকগঞ্জত সোণকোষ, কৰিমগঞ্জত কুশিয়াৰা, বি পি ঘাটত বৰাক আৰু বেকী ৰোড ব্ৰীজত বেকী নৈ আজিও বিপদসীমাৰ ওপৰেৰে বৈ আছে ।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য :

গুৱাহাটীৰ বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে যোৱা ২৪ ঘণ্টাত অসমৰ প্ৰায়বোৰ ঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে ধেমাজি জিলাৰ দুই এঠাইত প্ৰবল (৬৪.৫-১১৫.৫ মিঃমিঃ) বৰষুণ হয় । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰৰ আগজাননী অনুসৰি অহা ২৪ ঘণ্টাত অসমৰ প্ৰায় সকলো ঠাইতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । এই সময়ছোৱাত দুই এঠাইত ব্ৰজপাতৰ সৈতে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।

লগতে পঢ়ক :এতিয়াও পানীৰ তলত বিলাসীপাৰাৰ বহু গাঁও; বন্যাৰ্তৰ কাষত বিধায়ক ছামছুল হুদা - Assam Flood 2024

ABOUT THE AUTHOR

...view details