জোনাই : অৰুণাচল প্ৰদেশত অব্যাহত আছে অসমীয়াৰ ওপৰত অৰুণাচলীৰ আক্ৰমণৰ ঘটনা ৷ এইবাৰ অসমৰ গাড়ী চালকক প্ৰাণে মৰা চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ইয়াৰ মাজতেই অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ অয়ানত দুৰ্বৃত্তই অসমৰ গাড়ী চালকক আক্ৰমণ কৰাৰ অভিযোগ উঠিছে ।
শনিবাৰে সন্ধিয়া জোনাই লক্ষীবস্তিৰ বাসিন্দা প্ৰতাপ লোহাৰৰ পিক্ আপ গাড়ীৰে অয়ানত গুদামৰ পৰা কমলাভৰ্তি কৰি ওলাব লওঁতেই অৰুণাচল প্ৰদেশৰ ৰাণী গাঁৱৰ টাইং টাপাকৰ নেতৃত্বত এখন স্ক'ৰপিঅ' গাড়ীত অহা দুৰ্বৃত্তৰ দলে কোনো কাৰণ নোহোৱাকৈ প্ৰথমে পিক্ আপ বাহনৰ চালকক মাৰপিট কৰি পিক্ আপ বাহনখনৰ আইনা আদি ভাঙি চাবি কাঢ়ি লৈ যোৱাৰ অভিযোগ উঠিছে ।
অসমৰ গাড়ী চালকসকল সুৰক্ষিত নহয় অৰুণাচলত (ETV Bharat Assam) ন্যায় বিচাৰি গোচৰ ৰুজু :
ইয়াৰ পিছতেই এই ঘটনা সংক্ৰান্তত পিক-আপৰ গৰাকী প্ৰতাপ লোহাৰে উচিত ন্যায় বিচাৰি অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ চিলে আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে । আনহাতে, সঘনাই হোৱা এনে ঘটনাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থাৰ জোনাই আঞ্চলিক সমিতি । জোনাই আঞ্চলিক সমিতিৰ সভাপতি লোহিত গজমেৰে এই ঘটনাটোক গৰিহণা দি দুৰ্বৃত্তক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ।
উল্লেখ্য় যে ইয়াৰ পূৰ্বেও অৰুণাচল প্ৰদেশৰ দুৰ্বৃত্তই অসমৰ চালকসকলক বিভিন্ন ধৰণে দাবী-ধমকি দি ধন সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছিল ৷ ধন নিদিলে গাড়ীৰ চকা, আইনা আদি ভাঙি দিয়াৰ ঘটনাও সংঘটিত কৰাৰ অভিযোগো উত্থাপিত হৈ আহিছে অৰুণাচলীৰ বিৰুদ্ধে । কেইমাহমান পূৰ্বে অৰুণাচল প্ৰদেশত এজন চালকক অপহৰণ কৰি হত্য়া কৰিছিল ।