গুৱাহাটী : ২০২৫ চনৰ আৰম্ভণিতে অসমৰ বাবে গৌৰৱৰ খবৰ । বিলুপ্তপ্ৰায় হাড়গিলা সংৰক্ষণৰ দ্বাৰা বিশ্বজুৰি সমাদৰ লাভ কৰা ভাৰতীয় জীৱবিজ্ঞানী তথা অসম সন্তান ড৹ পূৰ্ণিমা দেৱী বৰ্মনলৈ বিশেষ সন্মান 'টাইম' আলোচনীৰ । টাইম আলোচনীয়ে এই বছৰৰ 'উইমেন অব দ্য ইয়েৰ'ৰ সন্মান প্ৰদান কৰিছে বিশিষ্ট প্ৰকৃতিপ্ৰেমীগৰাকীক ।
ড৹ পূৰ্ণিমা দেৱী বৰ্মনক 'উইমেন অব দ্য ইয়েৰ'ৰ সন্মান
বৃহস্পতিবাৰে প্ৰকাশিত টাইমছ উইমেন অব দ্য ইয়েৰ ২০২৫ৰ তালিকাত স্থান লাভ কৰা ৪৫ বছৰীয়া ড৹ পূৰ্ণিমা দেৱী বৰ্মন হৈছে সেই তালিকাত থকা একমাত্ৰ ভাৰতীয় মহিলা । ১৩ গৰাকী মহিলাৰ তালিকাত বলীউডৰ অভিনেত্ৰী নিকোল কিডমেন আৰু গিছেল পেলিকটও অন্তৰ্ভুক্ত আছে । ফ্ৰান্সৰ গিছেল পেলিকট হৈছে যৌন হিংসাৰ বিৰুদ্ধে বিশ্বজুৰি অভিযান চলোৱা বিশিষ্ট সমাজকৰ্মী । টাইম আলোচনীখনৰ ২০২৫ চনৰ ২০ ফেব্ৰুৱাৰীৰ সংখ্যাত অসম সন্তান ড৹ পূৰ্ণিমা দেৱী বৰ্মন আৰু তেওঁৰ কৰ্মৰাজি সম্পৰ্কে বিশেষ প্ৰতিবেদন প্ৰকাশ পাইছে । যিবোৰে হাড়গিলাৰ সুৰক্ষা আৰু পৰিৱেশ তন্ত্ৰত ইয়াৰ গুৰুত্ব সম্পৰ্কে সজাগতা বৃদ্ধি কৰি আহিছে ।
টাইম আলোচনী কৰ্তৃপক্ষই এই সন্মান সন্দৰ্ভত কয় যে উইমেন অব দ্য ইয়েৰ তালিকা প্ৰস্তুত কৰাৰ পূৰ্বে আমি নিজকে একেটা প্ৰশ্ন কৰিছিলো: বৰ্তমান বিশ্বজুৰি মহিলা তথা নাৰীয়ে সন্মুখীন হোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যাবোৰ কি ? লিংগভিত্তিক হিংসা আৰু মহিলাৰ অধিকাৰৰ ওপৰত আক্ৰমণ । বিভিন্ন পৰিস্থিতিত হোৱা এই আক্ৰমণ প্ৰত্যাহ্বানমূলক । কিন্তু সকলো ক্ষেত্ৰতে সেই ভাবুকি বিলাক বিচাৰি পোৱা যায়, সেয়েহে নেতাসকলেও পৰিৱৰ্তনৰ বাবে জোৰ দিব পাৰে । এই বছৰৰ তালিকাত থকা ১৩ গৰাকী মহিলাই নিজাববীয়াকৈ এক উন্নত, অধিক ন্যায়সঙ্গত পৃথিৱী গঢ়ি তোলাৰ দিশত কাম কৰি আছে ।"
উল্লেখ্য যে বিলুপ্তপ্ৰায় হাড়গিলাৰ সংৰক্ষণৰ বাবে কেৱল অসমতে নহয় বিশ্বজুৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ড৹ পূৰ্ণিমা দেৱী বৰ্মনে । যাৰ বাবে বৰ্তমান সময়ত অসমৰ বহু অঞ্চলৰ ৰাইজ এই ক্ষেত্ৰত সজাগ হৈছে । হাড়গিলাৰ সংখ্যাও অসমত পূৰ্বৰ তুলনাত বৃদ্ধি হোৱা বুলি দাবী কৰা দেখা গৈছে । হাড়গিলা সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰাৰ বাবে ড৹ পূৰ্ণিমা দেৱী বৰ্মনৰ এটা সংস্থাও আছে । যাক 'হাড়গিলা আৰ্মী' হিচাপে জনা যায় । য'ত প্ৰায় ২০,০০০ মহিলা সদস্য আছে । ড৹ পূৰ্ণিমা দেৱী বৰ্মন সম্পৰ্কে আলোচনীখনত লিখিছে, "তেওঁ "হাড়গিলা আৰ্মী" অবিহনে এনে কৰিব নোৱাৰিলেহেঁতেন-প্ৰায় ২০,০০০ মহিলাৰ এটা দল যি হাড়গিলাৰ বাহবোৰ সুৰক্ষিত কৰে আৰু আন লোকক এই আকৰ্ষণীয় প্ৰায় ৫ ফুট ওখ হাড়গিলাৰ সৌন্দৰ্যৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰে ।"