অসম

assam

ETV Bharat / state

কাজিৰঙাৰ বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক - Flood in Kaziranga National Park - FLOOD IN KAZIRANGA NATIONAL PARK

Flood in Kaziranga National Park: বছৰি কাজিৰঙাত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখা যায় । বন্যজন্তুৰ মৃত্যুকে ধৰি বহু ক্ষতিৰ সন্মুখীন হয় ৰাষ্ট্ৰীয় উদ্যানখন । সেয়েহে শনিবাৰে ৰাষ্ট্ৰীয় উদ্যানৰ আয়'ৰা ৰিজৰ্টত অসমৰ মুখ্যমন্ত্ৰীয়ে পৰ্যালোচনা বৈঠকৰ আহ্বান কৰিছে । য'ত বন বিভাগ আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব ।

Flood in Kaziranga National Park
কাজিৰঙাৰ বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 2:56 PM IST

কাজিৰঙা,১৫ জুন :বছৰি বানৰ কবলত পৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । বানৰ ফলত ৰাষ্ট্ৰীয় উদ্যানৰ বহু জীৱ-জন্তুৰ মৃত্যু হোৱাৰ লগতে চোৰাং চিকাৰীৰো হাতত নিধন হয় বন্যপ্ৰাণী । ইফালে বানৰ অতি জটিল পৰিস্থিতিত বনকৰ্মীসকলে নিজৰ কৰ্ম সম্পাদন কৰিবলগীয়া হয় । অৱশ্যে এইবাৰ আগতীয়াকৈ বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে সাজু হৈছে বন বিভাগ তথা অসম চৰকাৰ ।

কাজিৰঙাৰ বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক (ETV Bharat)

তাৰ অংশ হিচাপে কাজিৰঙাৰ বান পৰিস্থিতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকৰ আহ্বান জনোৱা হৈছে । য'ত শনিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব । মুখ্যমন্ত্ৰীৰ আগমনক লৈ কাজিৰঙাৰ আয়'ৰা ৰিজৰ্টত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে । বৈঠকত বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু স্থানীয় বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাও উপস্থিত থকাৰ কথা আছে । ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্প্ৰসাৰণ হৈ থকা গোলাঘাট, কাৰ্বি আংলং, নগাঁও, শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলো এই বৈঠকত উপস্থিত থাকিব । ইয়াৰ উপৰিও বন বিভাগৰ শীৰ্ষ বিষয়াসকলো বৈঠকত উপস্থিত থাকিব ৷

উল্লেখ্য যে বিগত সময়ত বানৰ সময়ত কাজিৰঙাত চোৰাং চিকাৰীৰ উপদ্ৰৱ বৃদ্ধি পাই আহিছে ৷ কাৰণ ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত পানী প্ৰৱেশ কৰাৰ লগে লগে বন্য জন্তুবোৰে ওখ ঠাই বা হাইলেণ্ডবোৰত আশ্ৰয় লয় । তেনে সময়তে চোৰাং চিকাৰীয়ে সেই বন্য জন্তুক লক্ষ্য কৰি লয় । আনহাতে বিভিন্ন জন্তু উদ্যানৰ পৰা ওলাই আহি পাৰ্শ্বৱৰ্তী এলেকাৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ চেষ্টা কৰে । তেনে সময়ত বহু জন্তু বাহনৰ খুন্দাত নিহত হয় ।

একেদৰে একাংশ জন্তু কাৰ্বি আংলঙত প্ৰৱেশ কৰে আৰু তাত চোৰাং চিকাৰীয়ে জন্তুবোৰক লক্ষ্য কৰি লয় । সেয়েহে কাৰ্বি আংলঙত বন্যপ্ৰাণীৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ এই পৰ্যালোচনা বৈঠক বিশেষভাৱে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । সমান্তৰালভাৱে বানৰ সময়ত কাজিৰঙাৰ বনকৰ্মীৰ জীৱনৰ নিৰাপত্তা সম্বন্ধীয় বিষয়সমূহো বৈঠকত আলোচনা কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :ডিব্ৰুগড়ৰ এলেন কেৰিয়াৰ ইন্সটিটিউটৰ অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - Dibrugarh allen career institute

ABOUT THE AUTHOR

...view details