গুৱাহাটী :সাংসদ তথা লোকসভাত বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক'লবাৰ্ণ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত পুনৰ মুখ খুলিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । বৃহস্পতিবাৰে তেওঁ প্ৰতিশ্ৰুতি দিয়ে যে আগন্তুক তিনি মাহত তেওঁ অভিযোগ কৰা সাংসদ গৌৰৱ গগৈৰ পত্নীৰ সৈতে সম্পৰ্কিত পাকিস্তানী নাগৰিক আলী শ্বেখৰ বিষয়ে অধিক তথ্য প্ৰকাশ কৰিব । চলিত বাজেট অধিৱেশনৰ সময়ত মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ মজিয়াত এই কথা কয় ।
"মই অসম বিধানসভাৰ মজিয়াত প্ৰতিশ্ৰুতি দিছো যে তিনি মাহৰ ভিতৰত আমি আলী শ্বেখ-মাননীয় সাংসদ বিষয়ত চমকপ্ৰদ তথ্য প্ৰকাশ কৰিম, যি তথ্যই অসমৰ সকলোকে হতবাক কৰিব ।" মুখ্যমন্ত্ৰীয়ে কয় । পাকিস্তানী নাগৰিক আলী তৌকীৰ শ্বেখ সন্দৰ্ভত কিছু তথ্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ কমেও ১৮ বাৰ ভাৰত ভ্ৰমণ কৰিছিল ।
"এছ আই টি গঠন হোৱাৰ মাত্ৰ তিনি দিনৰ ভিতৰতে আমি আৱিষ্কাৰ কৰিছো যে আলী তৌকীৰ শ্বেখ ২০১০ চনৰ পৰা ২০১৮ চনৰ ভিতৰত ১৮ বাৰ ভাৰতলৈ আহিছিল । এতিয়া আমি জানিব পাৰিম যে কোনে তেওঁক ভাৰতলৈ লৈ আহিছিল আৰু কোনে তেওঁক আতিথ্য দিছিল । আমি এই আলী তৌকীৰ শ্বেখৰ নেটৱৰ্ক ভাঙিম আৰু পুনৰ আগষ্ট মাহত বিধানসভালৈ আহি এই তথ্য প্ৰদান কৰিম । আমি যি তথ্য আনিম সেয়া অতি বৃহৎ হ'ব । মই তথ্যবোৰ জানো, কাৰণ অনানুষ্ঠানিকভাৱে সেইবোৰ মোৰ লগত আছে । কিন্তু সেইবোৰ ৰেকৰ্ড হিচাপে থাকিব লাগিব । এই তথ্যবোৰ বৃহৎ মাত্ৰাত আৰু মাৰাত্মক হ'ব আৰু এই তথ্যই অসমৰ জনসাধাৰণক হতবাক কৰি তুলিব ।" মুখ্যমন্ত্ৰীয়ে কয় ।